গুৱাহাটী, ২৯ নবেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবিবাৰে মন কি বাতত কৃষক সকলক সম্বোধন কৰি কয় যে দেশৰ কৃষিখণ্ডত হোৱা সংস্কাৰে কৃষক সকলৰ বাবে নতুন সুযোগ মুকলি কৰিব আৰু কৃষকৰ বাবে অধিক অধিকাৰ দিব ৷ “নতুনকৈ হোৱা কৃষি সংস্কাৰে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিলে ৷ কৃষকৰ দশকজোৰা দাবী যিসমূহ ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি দি আহিছিল সেয়া বৰ্তমান সময়ত সম্পূর্ণ কৰা হ’ল নতুন আইন অনুসৰি কৃষকক তিনি দিনৰ ভিতৰতে কৃষকৰ উৎপাদন ক্ৰয় কৰাৰ পিছত পইচা দিব লাগিব ৷ যদিহে এনে নকৰে তেন্তে কৃষকে ইয়াৰ বাবে অভিযোগ দাখিল কৰিব পাৰিব ৷ এই আইনৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল মহকুমা ন্যায়াধীশে উক্ত অভিযোগৰ বিপৰীতে ব্যৱস্থা এক মাহৰ ভিতৰতে ল’ব লাগিব ৷”
নতুন কৃষি আইনৰ লাভৰ দিশ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় – “আপোনালোকক মহাৰাষ্ট্ৰৰ ধুলেৰ বাসিন্দা জিতেন্দ্ৰ ভুইজীৰ কথা কবলৈ আগবাঢ়িছো ৷ এই ব্যক্তিজনে নতুন কৃষি আইনৰ সদব্যৱহাৰ কৰি উৎপাদন কৰা মাকৈ বজাৰত উচিত মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হ’ল ৷ সম্পূর্ণ মূলধন ৩.৩২লাখ টকাত বিক্ৰীৰ বাবে চুক্তি হোৱা উৎপাদিত সামগ্ৰীৰ বাবে ২৫,০০০ টকা তেওঁ আগতীয়াকৈ কৰিছিল ৷ বাকী ধন ১৫ দিনৰ ভিতৰত লাভ কৰাৰ কথা আছিল যদিও লাভ নকৰাৰ বাবে অভিযোগ দিছিল আৰু অতি কম দিনৰ ভিতৰতে বাকী থকা ধন লাভ কৰিবলৈ সক্ষম হ’ল ৷
প্ৰধানমন্ত্ৰীয়ে সকলো যুৱ-প্ৰজন্মৰ প্ৰতিনিধিক বিশেষকৈ শিক্ষাৰ্থী সকলক কাষৰ গাঁওলৈ গৈ কৃষক সকলক নতুন কৃষি সংস্কাৰৰ বিষয়ে বুজাবলৈ আহ্বান জনাই কয় –“ এই কামৰ জৰিয়তে তোমালোকে দেশত হৈ থকা এই বৃহৎ পৰিৱৰ্তনৰ অংশীদাৰ হ’ব পাৰিবা ৷”
Comments