Classifieds
View All
গুৱাহাটী, ২৯ নবেম্বৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমক ৭ দিনৰ ভিতৰত কাৰণ দর্শোৱাৰ নিৰ্দেশ জাৰি কৰিছে ৷ উল্লেখ্য যে ২০১৩ চনৰ ৩১ জুলাইত গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল৷ এই নিগমৰ বৈঠক ২০১৮ চনৰ ৩১ ডিচেম্বৰত সমাপ্ত হয় যদিও যোৱা দুটা বছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো নাম গোন্ধ এতিয়ালৈ নাই ৷ এই বিষয়ে সমাজকৰ্মী মীৰা বৰঠাকুৰে গুৱাহাটী উচ্চ ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰাৰ পিছত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চৰকাৰক ৭ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ কাৰণ দর্শাবলৈ নিৰ্দেশ দিয়ে ৷
Comments