চেলেংহাট ২৯ নবেম্বৰঃ অসমৰ ভূমিৰ পৰা নগালেণ্ড আৰক্ষী শিৱিৰ উচ্ছেদৰ দাবীত বিগত চৈধ্য দিনে একাধিক জাতীয় সংগঠন আৰু স্থানীয় ৰাইজে অনিদিষ্ট কালৰ বাবে মৰিয়নি মোককচোং পথ অৱৰোধ কৰি আহিছে। আনহাতে পথ বন্ধ হৈ থকা্ৰ ফলত চুবুৰীয়া ৰাজ্য খনৰ মৰিয়নিৰ সমীপৰ নগা বস্তি সমুহত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ অনাটনৰ সৃষ্টি হৈছে।
ইফালে মৰিয়নিৰ একাংশ ব্যৱসায়ীয়ে অধিক দৰত নগালেণ্ডলৈ গোপনে সামগ্ৰী প্ৰেৰণ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ সময়তে আজি নিউ সোনৱাল চাহ বাগিছাৰ মাজত এটা বস্তাত অৰুনাচলী সুৰা সৰবৰাহ কৰা অৱস্থাত স্থানীয় লোকে এজন ব্যক্তিক কৰায়ত্ত কৰা্ৰ লগতে সুৰা খিনি জব্দ কৰিবলৈ সক্ষম হয়। সুৰা সৰবৰাহ কৰা ব্যক্তি জনে স্বীকাৰ কৰা মতে নিউ সোনোৱালৰ অৰুনাচলী সুৰা ব্যৱসায়ী বাদল দত্ত নামৰ লোক জনে সুৰা খিনি নগালেণ্ডৰ এগৰাকী ব্যক্তিক দিবৰ বাবে প্ৰেৰণ কৰিছিল।
অভিযোগ উঠা মতে অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছেদৰ দাবীত জাতীয় দল সংগঠন আৰু সীমান্তৱৰ্তী ৰাইজে প্ৰচণ্ড শীতকো নেওচি উজাগৰী নিশা কটাই মৰিয়নি মোককচোং পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি অহা সময়তে নিউ সোনোৱালৰ ভৰত মিলি, ৰাজীৱ মিলি, বুল-বুলি, লাটু, ৰাম দাস, বলোৰাম দাস নামৰ চোৰাং অৰুনাচলী ব্যৱসায়ী কেইটাই ধনৰ লালসাতে গোপনে চোৰাং অৰুনাচলী সুৰাকে ধৰি বিভিন্ন সামগ্ৰী নগা লোকক যোগান ধৰি আহিছে।উল্লেখ্য যে, সীমান্তৱৰ্তী নিউ সোনোৱালত দীৰ্ঘ দিনৰ পৰা চোৰাং ভেজাল অৰুনাচলী সুৰাৰ বেহা চলি অহা লগতে নগালেণ্ডলৈ সৰবৰাহ হৈ আহিছে।
Comments