তালাপ, ২৯ নবেম্বৰ: তিনিচুকীয়া জিলাৰ ছৈখোৱা অঞ্চলৰ ধলা গোঁহাই গাঁও নিৱাসী বিখ্যাত মৌজাদাৰ পৰিয়ালৰ পুৰ্বৰ ছৈখোৱা মৌজাৰ মৌজাদাৰ মুকুল চন্দ্ৰ বুঢ়াগোহাঁই আৰু অৱসৰ প্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী উত্তমা বুঢ়া গোহাঁইৰ পুত্ৰ ডা° নুপুৰ ৰঞ্জন বুঢ়াগোহাঁইৰ আজি পুৱতি নিশা মৃত্যু ঘটে ৷
গুৱাহাটীৰ পৰা পশু চিকিৎসা বিষয়ত ডিগ্ৰী ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াত এচিষ্টেণ্ট চাৰ্জন ৰূপে কৰ্ম জীৱন আৰম্ভ কৰা সুদক্ষ আৰু নিৰ্ভিক পশু চিকিৎসক গৰাকীয়ে মাত্ৰ ছমাহৰ ভিতৰতে ভেটেৰনাৰী চাৰ্জনলৈ পদলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত চাকৰিৰ কালত খাদ্যত বিষক্ৰিয়া হোৱা বহু সংখ্যক শগুণৰ চিকিৎসা কৰি জীৱন দান কৰাৰ সুখ্যাতি লাভ কৰিছিল ৷ পৰবৰ্তী সময়ত বম্বে নেচনেল হিষ্ট্ৰী চচাইটিৰ চাকৰি লৈ ভূপাললৈ গুচি গৈছিল যদিও তাত মন নবহাত পুনৰ অসমলৈ ঘুৰি আহিছিল ৷
মৃত্যুৰ সময়লৈকে ৰাজ্য চৰকাৰৰ ৰুৰেল লাইভলিহুড মিচনৰ ব্লক ক’অৰডিনেটৰ ৰূপে চিচিবৰগাঁও উন্নয়ন খণ্ডত কৰ্মৰত আছিল ৷ যুৱ পশু চিকিৎসক গৰাকীৰ ব্ৰেইন ষ্ট্ৰক হৈ দীৰ্ঘদিন লাইফ চাপৰ্ট লৈ থাকিব লগীয়া হৈছিল ৷ তেখতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গোহাঁই গাঁৱৰ বাসগৃহৰ চৌহদত বহু লোকৰ সমবেত হয়হি ৷ মৃত্যুৰ সময়ত যুৱকজনে পিতৃ, মাতৃ, পত্নী, এগৰাকী কন্যা, জ্যষ্ঠ আৰু কনিষ্ঠ ভাতৃৰ লগতে ভালে সংখ্যক অঙহীবঙহী আৰু বন্ধুবৰ্গক এৰি গৈছে ৷
Comments