Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত, ৩০ নবেম্বৰ:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ পুত্ৰ গৌৰৱ গগৈয়ে স্থাপন কৰিব ডিজিটেল লাইব্ৰেৰী৷এক ফেচবুক পোষ্টযোগে গৌৰৱ গগৈয়ে এই কথা জনাইছে।
গৌৰৱ গগৈয়ে কয় যে,"অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ স্মৃতিত যুগমীয়া কৰাৰ বাবে এটা ডিজিটেল ফটো লাইব্ৰেৰী কৰাৰ মানস কৰিছো৷আপোনালোকৰ লগত যদি শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ পুৰণি ফটোগ্ৰাফ যদি আপোনালোকৰ লগত যদি আছে, তেন্তে তলত দিয়া ফোন নম্বৰত WhatsApp কৰিবলৈ অনুৰোধ জনাইছো ৷"
উল্লেখযোগ্য যে,গৌৰৱ গগৈয়ে পুৰণি ফটোগ্ৰাফৰ লগত ব্যক্তিসকলৰ নাম, ফটোৰ চন, তাৰিখ আৰু স্থানৰ স্মৃতি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছে।
Comments