অৱশেষত ক্ষুৰধাৰ প্রতিদ্বন্দ্বিতালৈ পর্যৱসিত হোৱা কৰ’না কালৰ দুটা নির্বাচনৰ ৰুদ্ধশ্বাস পৰিসমাপ্তি ঘটিল৷ এক গোলকীয় শক্তি আৰু সম্ভৱতঃ চীনৰ আগ্রাসনক প্রতিৰোধ কৰাৰ ক্ষমতা থকা বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্র মার্কিন যুক্তৰাষ্ট্রৰ তীব্র প্রতিদ্বন্দ্বিতামূলক ৰাষ্ট্রপতি নির্বাচনৰ ক্ষেত্রত সমগ্র বিশ্বৰে দৃষ্টি নিবদ্ধ হোৱা পৰিলক্ষিত হ’ল৷
নহাতে সমগ্র দেশৰে দৃষ্টি আকর্ষণ কৰা ১৫ ঘণ্টা ভোট গণনাৰে ৰুদ্ধশ্বাস পৰিসমাপ্তি হোৱা বিহাৰ বিধানসভাৰ নির্বাচন ইমানেই তীব্র প্রতিদ্বন্দ্বিতামূলক আছিল যে বিধানসভাত একক বৃহৎ আৰু দ্বিতীয় বৃহৎ দলৰূপে পৰিগণিত হোৱা দল দুটাৰ মাজত মাত্র এখন আসনৰ ব্যৱধানহে দেখা পোৱা গ’ল৷
প্রায় ৫০ বছৰ ৰাজহুৱা জীৱনৰ অভিজ্ঞতাৰে সমৃদ্ধ ডেম’ক্রেটিক জ’ বাইডেনক পৰিৱর্তনকাৰী আমেৰিকাবাসীয়ে নতুন ৰাষ্ট্রপতি নির্বাচন কৰিলে৷ ‘হোৱাইট হাউছ’ দখলৰ বাবে চলাই অহা তৃতীয় প্রচেষ্টাত সফল হোৱা জ’ বাইডেনৰ এই ঐতিহাসিক বিজয়ৰ অন্তৰালত চিহিুত হোৱা তিনিটা কাৰক হ’ল–
১) জ’ বাইডেনৰ বিজয়ৰ পথ মসৃণ কৰা প্রথম কাৰক আছিল বাইডেনৰ আয়ত্তৰ বাহিৰত আৰু সেইটো হ’ল কভিড-১৯৷ অর্থাৎ কভিড-১৯ সংক্রমণৰ সংকটৰ ফলত ২,৩০,০০০ৰো অধিক আমেৰিকাৰ নাগৰিক মৃত্যুমুখত পৰে৷ এই অতিমাৰীয়ে ৰাষ্ট্রখনৰ জীৱন আৰু ৰাজনীতিৰ চৰিত্রগত পৰিৱর্তনৰ সূচনা কৰে৷ কৰ’না অতিমাৰী নিয়ন্ত্রণ কৰাৰ দিশত ড’নাল্ড ট্রাম্পৰ সুসংহত পৰিকল্পনা বা কৌশলৰ অভাৱ সুস্পষ্টৰূপে ধৰা পৰে আৰু আমেৰিকাৰ সামগ্রিক বিকাশৰ বাবে তেওঁৰ নির্বাচনী প্রচাৰো জল বুদ৲ বুদ৲ দৰেই ক্ষণস্থায়ী ৰূপ ধাৰণ কৰে৷
২) ডেম’ক্রেটিক পূর্বৰ ৰাষ্ট্রপতি বৰাক ওবামাৰ দৰে জ’ বাইডেন এগৰাকী শক্তিশালী বক্তা নহয়৷ দীর্ঘদিনীয়া ৰাজনৈতিক পৰিক্রমাত বাইডেনে নিজৰ অপৈণত বক্তৃতা বা ভাষণৰ বাবে বহুবাৰ উজুতি খাইছিল৷ কিন্তু ৰাষ্ট্রপতিৰ পদ দখলৰ বাবে চলোৱা এই তৃতীয় প্রচেষ্টাত তেওঁ এই দিশটোত যথেষ্ট সতর্কতা অৱলম্বন কৰে৷ সমগ্র নির্বাচনী প্রচাৰ কার্যত বাইডেনে নিজে এক নিয়ন্ত্রিত গতিবেগ অৱলম্বন কৰে আৰু আনকি ডেম’ক্রেটিক পার্টিৰ প্রার্থীসকলকো নির্বাচনী প্রচাৰ কার্যত সীমাবদ্ধতা আৰোপ কৰে৷
৩) তৃতীয়তে, জ’ বাইডেনে আমেৰিকাবাসীক এই বার্ দিবলৈ সক্ষম হ’ল যে ৰিপাব্লিকান ট্রাম্প অতিমাত্রাকৈ এগৰাকী পক্ষ বিভাজন বা মেৰুকৰণকাৰী আৰু উত্তেজিত নেতা আৰু তাৰ বিপৰীতে আমেৰিকাবাসীয়ে এক শান্ত, সৌম্য, দৃঢ়, পৰিশ্রমী নেতৃত্বহে অন্তঃকৰণে বিচাৰে৷ বাইডেনৰ এই বার্ একেবাৰে সাধাৰণ তথা সৰল আৰু সেয়া হ’ল তেওঁ ট্রাম্পৰ দৰে নহয়৷ চাক্ষুস দৃষ্টিত এই বার্ এক কৌতুক যেন অনুভৱ হ’লেও এইটোৱেই অৱশেষত এক নির্মম সত্যলৈ পৰিৱর্তিত হ’ল৷
মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ নির্বাচনৰ এটা লক্ষণীয় দিশ হ’ল উপ-ৰাষ্ট্রপতিৰূপে নির্বাচিত হোৱা কমলা হেৰিছ প্রথমগৰাকী মহিলা আৰু এই পদত বিদেশীমূলৰ প্রথম ব্যক্তি৷ উপ-ৰাষ্ট্রপতিৰূপে কমলা হেৰিছৰ নির্বাচন সমতাৰ ক্ষেত্রত এটা মাইলৰ খুঁটি আৰু আমেৰিকাৰ মহিলাসকলৰ অনুভূতিৰ তীব্র বহিঃপ্রকাশ বুলিয়েই আলোচিত হৈছে৷ ৭৫ মিলিয়ন ভোট লাভ কৰা ৭৮ বছৰীয়া জ’ বাইডেন আমেৰিকাৰ ইতিহাসত আটাইতকৈ বয়সীয়াল ৰাষ্ট্রপতি আৰু এই বিজয় তেওঁৰ তীব্র ইচছাশক্তি আৰু অধ্যৱসায়ৰ এক বহিঃপ্রকাশ৷
অৱশ্যে আমেৰিকাৰ নেতৃত্বৰ পৰিৱর্তন হ’লেও ভাৰত-আমেৰিকাৰ পাৰস্পৰিক বৈদেশিক সম্পর্কৰ প্রক্ষেপ পথৰ বিশেষ পৰিৱর্তন সাধন হ’ব বুলি মনে নধৰে৷ এই সম্পর্ক ৰাজনৈতিক দল আৰু ব্যক্তিগত পৰিসীমা অতিক্রম কৰি গোলকীয় ৰাজনৈতিক গতিধাৰা, দুয়োখন ৰাষ্ট্রৰ উমৈহতীয়া স্বার্থ বা অগ্রাধিকাৰ প্রদান কৰিব লগা বিষয়, সন্ত্রাসবাদ, জলবায়ু পৰিৱর্তন, চীন দেশৰ উত্থান আৰু সম্প্রতি কভিড-১৯ সংক্রমণ আদি বিষয়বিলাকৰ দ্বাৰাহে নির্ধাৰিত হ’ব পাৰে৷ আনহাতে ভাৰত-আমেৰিকা বন্ধুত্বপূর্ণ সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্রত ট্রাম্প আৰু মোদীৰ তালমিলে কিছু পৰিমাণে অৰিহণা যোগাই আহিছে৷
মনত এই ভাবো উদয় হয় যে বাইডেনে ‘হাউডী মোদী’ৰ দৰে জনসমাৱেশত অংশগ্রহণ নকৰিব আৰু ভাৰতৰ প্রধানমন্ত্রীগৰাকীৰ লগত ট্রাম্পৰ ঘনিষ্ঠতা অলপ সন্দিগ্ধতাৰে নিৰীক্ষণ কৰিব৷ অর্থাৎ বাইডেন চৰকাৰে এতিয়া নৰেন্দ্র মোদী চৰকাৰৰ কর্ম পৰিকল্পনা অধিক গভীৰতাৰে আৰু সতর্কতাৰে পৰীক্ষা কৰিব পাৰে৷ আ
নহাতে ট্রাম্পৰ বাবে সাত্বন্নাসূচক কথাটো হ’ল পৰাজয়বৰণ কৰিলেও ২০১৬ চনৰ নির্বাচনৰ তুলনাত এইবাৰ কেইবা মিলিয়নো অধিক ভোট লাভ কৰিলে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ৰূপে ট্রাম্পৰ এটা উল্লেখযোগ্য সফলতা হ’ল যে তেওঁ গোলকীয় শান্তি আৰু সুৰক্ষাৰ দিশত চীনৰ পৰা অহা প্রত্যাহবান বিশ্ববাসীক উপলব্ধি কৰোৱাত সফল হয়৷ অৱশ্যে কভিড-১৯ সংক্রমণ নিয়ন্ত্রণলৈ অনা আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ পৰা আহিব পৰা প্রত্যাহবান বা বিপদক বাধা প্রদান কৰা এতিয়া বাইডেনৰ তাৎক্ষণিক এজেণ্ডাত অন্তর্ভুক্ত হ’ব৷ এই দুয়োটা বিষয় ভাৰত আৰু আমেৰিকাৰ বাবে সমানেই গুৰুত্বপূর্ণ৷
ভাৰতত কৰ’না কালৰ প্রথম নির্বাচনৰূপে বিহাৰ বিধানসভাৰ নির্বাচন প্রসংগত স্বাভাৱিকতেই মনত উদয় হোৱা প্রশ্নকেইটা হ’ল– কেনেকৈ ৰাষ্ট্রীয় গণতান্ত্রিক মিত্রতাই (এন ডি এ) মুখ্যমন্ত্রী নীতিশ কুমাৰৰ বিৰুদ্ধে ৰাজ্যখনত প্রতিষ্ঠান-বিৰোধী ঢৌ থকা সত্ত্বেও অৱশেষত নির্বাচনত বিৰোধী দলবিলাকৰ মহাজোঁটবন্ধনতকৈ ১৫খন অধিক আসন দখল কৰি শেষ হঁাহি মাৰিবলৈ সক্ষম হ’ল? দ্বিতীয়তে, কিয় তেজস্বী যাদৱে নির্বাচনী সমাৱেশসমূহত প্রত্যক্ষ কৰা বিশাল জনতাৰ দ্বাৰা এন ডি এক নির্বাচনত প্রতিহিত কৰিব নোৱাৰিলে?
শেহত কিয় নির্বাচনোত্তৰ সমীক্ষাসমূহ ভুল বুলি প্রমাণিত হ’ল? বিহাৰ বিধানসভা নির্বাচন আছিল বিজেপিৰ বাবে এক এচিদ টেষ্ট আৰু নিম্নলিখিত দুটা কাৰকৰ বাবে এই নির্বাচন দলটোৰ বাবে খুবেই গুৰুত্বপূর্ণ আছিল –
১) প্রথমতে, বিজেপিয়ে ২০২৪ চনৰ লোক সভা নির্বাচন বিষয়ক লক্ষ্য স্থিৰ কৰাৰ পৰা বিৰত থকা নাই৷ সেয়া হ’ল বিহাৰৰ দৰে ৰাজ্যত দলটো তৃণমূল পর্যায়ৰ পৰা শক্তিশালী কৰি চৰকাৰ গঠন কৰা– যিখন ৰাজ্যই বিগত ২০১৯ চনৰ নির্বাচনত এন ডি এক ৪০ৰ ভিতৰত ৩৯খন আসন দিছিল৷
২) দ্বিতীয়তে, বিজেপি এই বিষয়ত সজাগ যে ১৯৯০ চনৰ পৰাই মধ্য আৰু পশ্চিম ভাৰতৰ ৰাজ্যসমূহ যেনে– গুজৰাট, মধ্য প্রদেশ, ৰাজস্থান, ছট্টিশগড়ত দলে ৰাজ্য বিধানসভাসমূহত ক্ষমতা দখল কৰিছে৷ এই ৰাজ্যসমূহ দলটোৰ বিজয়ৰ আৰম্ভ-স্থল আৰু এই বিজয়ে দলটোক স্বকীয় পৰিচয় প্রদান কৰি আহিছে৷ এতিয়া মোদীৰ যুগত পৰৱর্তী ১৫ৰ পৰা ২০ বছৰ পর্যন্ত দলে নতুন ভেটি পূব ভাৰত আৰু উত্তৰ-পূর্বাঞ্চলত নির্মাণ কৰিব বিচাৰে৷
বিজেপিৰ বাবে বিহাৰ, উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ, ওড়িষা আৰু পশ্চিম বংগ পৰৱর্তী ১৫ৰ পৰা ২০ বছৰৰ বাবে এক নতুন আকর্ষণীয় ভৌগোলিক ক্ষেত্রৰূপে পৰিগণিত হৈছে৷ বিহাৰত সামান্য ব্যৱধানত জয়লাভ কৰিলেও এই বিজয় দলটোৰ ভৱিষ্যৎ বৃহৎ পৰিকল্পনাৰ বাবে অতি গুৰুত্বপূর্ণ আছিল৷ তদুপৰি বিগত বছৰকেইটাত কেইবাখনো ৰাজ্য বিধানসভাৰ নির্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা বিজেপিৰ বাবে বিহাৰত লাভ কৰা সফলতা পৰৱর্তী সময়ত অতি কঠিন পশ্চিম বংগ, অসম, উত্তৰ প্রদেশ আদি ৰাজ্যত অনুষ্ঠিত হ’ব লগা ৰাজ্য বিধানসভা নির্বাচনত প্রস্তুতিৰ বাবে এক শুভ বার্ প্রেৰণ কৰিলে৷
বিহাৰৰ নির্বাচন বিজেপিৰ বাবে অতি কঠিন আৰু তীব্র প্রতিদ্বন্দ্বিতামূলক হৈ পৰিছিল৷ ৰাজ্যখনত এন ডি এ চৰকাৰ, বিশেষকৈ নীতিশ কুমাৰৰ বিৰুদ্ধে প্রতিষ্ঠান-বিৰোধী ঢৌ, বিৰোধী দলবিলাকৰ মহাজোঁটবন্ধন, জাতিগত ভোট বিভাজন, ৰাজ্যখনত অর্থনীতিৰ বিপর্যয়, কর্মসংস্থাপনহীনতা, বানপানীৰ সমস্যা, প্রব্রজিত শ্রমিকৰ সমস্যা, বিজেপিৰ এগৰাকী শক্তিশালী ৰাজ্যিক নেতাৰ অভাৱ আদিয়ে দলটোৰ কার্যসাধন তথা বিজয় জটিল কৰি তুলিছিল৷ কিন্তু মোদী কার্ড, জাতিগত বিভাজন, উচচ সম্প্রদায়ৰ জনতাৰ ভোটৰ নিস্তব্ধ মেৰুকৰণ, বিৰোধী দলবিলাকৰ মাজত ভোটৰ বিভাজন, অধিকাংশ মহিলাৰ এন ডি এৰ সপক্ষে ভোটদান আদি এই প্রত্যাহবান অতিক্রম কৰাত বিজেপিৰ বাবে সহায়ক হৈ পৰিল৷
বিহাৰ বিধানসভা নির্বাচনত চিহিুত হোৱা তিনিটা নতুন বৈশিষ্ট্য হ’ল
১) প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েই বিহাৰ বিধানসভা নির্বাচনৰ প্রকৃত বিজেতা ৰূপে পৰিগণিত হ’ল আৰু কৰ’না অতিমাৰীৰ সময়ত তেওঁ জনপ্রিয়তা ম্লান হ’লেও ই এতিয়াও অক্ষত৷ বিহাৰত কেইবাখনো নির্বাচনী সমাৱেশত অংশগ্রহণ কৰা সমগ্র নির্বাচনী দৃশ্যপটৰ নায়কজন হ’ল প্রধানমন্ত্রী মোদী৷
২) দ্বিতীয় বৈশিষ্ট্য হ’ল এজন বিশ্বাসযোগ্য ৰাজনৈতিক বিচাৰ- বুদ্ধিৰে সমৃদ্ধ নেতা হিচাপে ৰাষ্ট্রীয় জনতা দলৰ (আৰ জে ডি) তেজস্বী যাদৱৰ উত্থান৷
৩) তৃতীয় বৈশিষ্ট্য হ’ল এই নির্বাচনত বাওঁপন্থী শিবিৰৰ চমকপদ সফলতা তথা উত্থান৷ যদি মহাজোঁটবন্ধনৰ অন্তর্ভুক্ত দলবিলাকৰ মাজত সমন্বয় অব্যাহত থাকে, তেনেহ’লে বিজেপি-বিৰোধী মধ্যমপন্থী আৰু বাওঁপন্থী দলবিলাকৰ এই মর্ বা মিত্রতা দেশখনৰ অন্যান্য ৰাজ্যসমূহলৈও সম্প্রসাৰিত হ’ব পাৰে৷
বিহাৰ বিধানসভা নির্বাচনে বিজেপি-বিৰোধী দলবিলাকলৈ এক শক্তিশালী বার্ প্রেৰণ কৰিলে৷ আপাত দৃষ্টিত এই বার্ হ’ল যে এই দলবিলাকে দেশৰ পৰৱর্তী ৰাজ্য বিধানসভাসমূহৰ নির্বাচনত বিজেপি-বিৰোধী ভোটৰ বিভাজন ৰোধৰ বাবে ফলপ্রসূভাৱে একগোট হ’ব লাগিব৷ বিহাৰত আৰ জে ডি নেতৃত্বাধীন মহাজোঁটবন্ধনে বাওঁপন্থী দলবিলাকৰ সৈতে কৰা মিত্রতাই ভাল ফল দেখুৱালে৷ কিন্তু কংগ্রেছৰ আসনৰ সংখ্যাহে ২০১৫ চনৰ নির্বাচনৰ তুলনাত হ্রাস হ’ল৷ যেনেদৰে আৰ জে ডিয়ে দলটোৰ সমর্থকসকলৰ ভোট কংগ্রেছলৈ হস্তান্তৰ কৰিব পাৰিলে, ঠিক তেনেদৰেই কংগ্রেছে আৰ জে ডি প্রার্থীসকলৰ বাবে সেইটো নিশ্চিত কৰিব নোৱাৰিলে৷
বিহাৰত সংখ্যালঘু সম্প্রদায় অধু্যষিত অঞ্চলসমূহত ৫খন আসনত জয়লাভ কৰি আছাদউদ্দিন ওৱাইছিৰ এ আই এম এম দলে কংগ্রেছলৈ এটা সতর্কবাণী প্রেৰণ কৰিলে৷ কংগ্রেছ দলৰ নেতৃত্বৰ সমস্যা সমাধান অবিহনে দলটোৰ সংকট আৰু মনোমালিন্যৰ অন্ত নপৰে– যিটোৰ এতিয়ালৈকে সমাধানসূত্র নিৰূপিত হোৱা নাই৷
বিহাৰৰ নির্বাচনে এই কথা প্রমাণ কৰি দেখুৱালে যে নির্বাচনী প্রচাৰৰ দ্বাৰাহে ৰাজনৈতিক দলবিলাকৰ নির্বাচনত জয় কিম্বা পৰাজয় নিশ্চিত হয়৷ ৰাজ্যখনৰ নির্বাচনৰ ফললৈ গভীৰভাৱে দৃষ্টি নিক্ষেপ কৰি মনত এই প্রশ্নৰো উদয় হয় যে বিজেপিয়ে সমগ্র ভাৰততে এই দলৰ পদাংক বৃদ্ধি, এখনৰ পাছত আনখন ৰাজ্য দখল আৰু এটা দলৰ প্রাধান্য বা আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰা নতুন পৰিকল্পনা বা কৌশল প্রতিৰোধ কৰাৰ বাবে বিৰোধী দলবিলাকে এক নতুন যাত্রা আৰম্ভ কৰিব পাৰিবনে?
Comments