তিনিচুকীয়া ঃ ক্রীড়া প্রতিবেদক, ২৯ নৱেম্বৰ ঃ কাকপথাৰৰ কাচিজান যুৱ সংঘৰ উদ্যোগত আৰু সদৌ মৰাণ ছাত্র সন্থাৰ কাচিজান আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কাচিজান শাখাৰ সহযোগত ২০ নৱেম্বৰৰ পৰা কাচিজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত পার্থবিকাশ মৰাণ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ আজিৰ দ্বিতীয়খন ছেমি ফাইনেলত আলফা এফ চি মার্ঘেৰিটাই কাকপথাৰ য়ুথ ক্লাবক ৪-১ গ’লত পৰাজিত কৰি ফাইনেলত প্রৱেশ কৰে৷
আলফা এফ চিৰ হৈ নবীনে ২১ আৰু ৩৮ মিনিটত দুটা, ১৯ মিনিটত পুতু আৰু ৪৮ মিনিটত মুন্নাই একোটাকৈ গ’ল দিয়াৰ বিপৰীতে কাকপথাৰৰ হৈ ৫০ মিনিটত ৰত্নকান্ত মৰাণে এটা গ’ল পৰিশোধ কৰে৷ বিধিনিষিদ্ধভাৱে খেলাৰ বাবে ৰেফাৰীয়ে কাকপথাৰৰ অসীম মৰাণ, নিতুল দত্ত, মহেন্দ্র মৰাণ আৰু আলফাৰ ৰাতুলক হালধীয়া কার্ড প্রদর্শন কৰি সতর্ক কৰি দিয়ে৷ খেলখন পৰিচালনা কৰে অনুপ বৰুৱা, সহকাৰী ভুৱনেশ্বৰ বাগ, ৰাতুল মৰাণ, চতুর্থ শেষান্ত মৰাণ৷
Comments