গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৯ নৱেম্বৰ ঃ লিয়ংথাং ছ’ট’কান কাৰাটে স্কুল অব৲ ইণ্ডিয়াৰ আন এটা ড’জ’ৰ (একাডেমি) আজি গুৱাহাটীত শুভাৰম্ভ কৰা হয়৷ গ্রেণ্ডমাষ্টাৰ ৰাম বাহাদুৰ গুৰুঙে মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছিৰ ট্রেন্স গার্ডেনত লিয়ংথাং কাৰাটে কিড৲ছ নামৰ নতুন প্রশিক্ষণ কেন্দ্রটোৰ শুভাৰম্ভ কৰে৷ ছ’ট’কান কাৰাটেৰ লিয়ংথাং ষ্টাইলৰ ব্লেক৲ বেল্ট দ্বিতীয় ডানৰ প্রশিক্ষার্থী ফিয়ানা ৰহমানে এই প্রশিক্ষণ কেন্দ্রটোত মুখ্য প্রশিক্ষক হিচাপে দায়িত্ব পালন কৰিব৷
কৰ’নাসৃষ্ট পৰিস্থিতিৰ সময়ত ঘৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হোৱা কেইটিমান শিশুক শাৰীৰিক কচৰৎ কৰাৰ শিক্ষা দিবলৈ গৈ আৰম্ভ কৰিবলগীয়া হোৱা এই প্রশিক্ষণ কেন্দ্রৰ উদ্বোধনী অনুষ্ঠানত গ্রেণ্ডমাষ্টাৰ তথা লিয়ংথাং ছ’ট’কান স্কুল অব৲ ইণ্ডিয়াৰ মুখ্য টেক৲নিকেল ডাইৰেক্টৰ ৰাম বাহাদুৰ গুৰুঙৰ উপৰি কার্যকৰী সভাপতি বিকাশ কলিতা, জ্যেষ্ঠ প্রশিক্ষক অশোক সিন৲হা, সাধাৰণ সম্পাদিকা জানকী দেৱী, প্রশিক্ষকদ্বয় ডেনিছ গুৰুং আৰু ত্রিদিৎপল টেৰাঙকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে৷
Comments