লখিমপুৰ ঃ ষ্টাফ ৰিপ’র্ৰ, ২৯ নৱেম্বৰ ঃ অসমীয়াৰ স্বাভিমানৰ অন্যতম স্তম্ভ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাপ্রয়াণৰ স্থান শ্রীশ্রী মধুপুৰ সত্র৷ গুৰুজনাৰ অক্ষয় কীর্তি উজ্জীৱিত কৰি ৰখা সেই মধুপুৰ সত্র আজি বিষয়া-কর্মচাৰী, নেতা-পালিনেতা, প্রতিনিধি-ঠিকাদাৰৰ লুণ্ঠনৰ স্থলীত পৰিণত হৈছে৷ সত্রখনৰ প্রধান সৌধটোৰ মূল গাঁথনিত দেখা দিয়া একাধিক ফাটে মঠটোৰ সুৰক্ষাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷
কেইবা বছৰৰ আগত হোৱা ভূমিকম্পত কিছু ক্ষতি হোৱাৰ পাছত ক্রমে ফাট মেলিবলৈ আৰম্ভ কৰা মূল মঠটোত লাহে লাহে একাধিক ফাট মেলে আৰু ই বাঢ়ি গৈ আছে৷ মঠটোৰ ফাটসমূহ মেৰামতিৰ লগতে পৰিষ্কাৰকৰণ আৰু ৰং দিয়াৰ বাবে যোৱা বছৰেই বাঁহ বান্ধি চাংপতা হৈছিল যদিও আজিকোপতি মেৰামতি কিম্বা ৰং-তেল দিয়া নহ’ল৷ এবছৰৰ আগতে পতা বাঁহৰ চাং ৰ’দ-বৰষুণত জহিছে-খহিছে৷
যোৱা বছৰ ডিচেম্বৰ মাহত এই প্রতিবেদক মধুপুৰ সত্রত উপস্থিত হওঁতে সত্রখনৰ মঠৰ লগতে চৌহদৰ বিভিন্ন নির্মাণকার্যত ঘটি থকা বিসংগতিৰ বিষয়ে জানিবলৈ দায়িত্বত থকা গড়কাপ্টানী গৃহ বিভাগৰ কনিষ্ঠ অভিযন্তাজনক সোধা-পোছা কৰাত তেওঁৰ পৰা সদুত্তৰ পোৱা নগৈছিল৷ তেওঁ ঊধর্বতন বিষয়াৰ লগত যোগাযোগ কৰিবলৈ কয়৷ সেই অনুসৰি গড়কাপ্টানী গৃহ বিভাগৰ ধুবুৰী সংমণ্ডলৰ কার্যবাহী অভিযন্তাৰ লগত টেলিফ’নেৰে যোগাযোগ কৰাত বিষয়াজনে মঠত ৰং-তেল দিয়াৰ কাম আৰম্ভ কৰাৰ লগতে মেৰামতিৰ কাম কৰিবলৈ ঠিকাদাৰক দিয়া আৰু পূর্ণ পর্যায়ৰ মেৰামতিৰ বাবে আঁচনি প্রস্তুত কৰা বুলি জনাইছিল৷
যোৱা ২৭ নৱেম্বৰত মধুপুৰ সত্রত উপস্থিত হোৱা গুৱাহাটীৰ এজন ভক্তপ্রাণ ব্যক্তি তথা সমাজকর্মী জিতেন দোলাকাষৰীয়া আৰু শুৱালকুছিৰ এটা ভক্ত-বৈষ্ণৱৰ দলে মঠটোৰ এনে দুৰৱস্থা দেখি মর্মাহত হৈ অসম চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ কাকতৰ প্রতিনিধিৰ যোগে নিজৰ প্রতিক্রিয়া জনাইছে৷ উল্লেখযোগ্য যে যোৱা বছৰ মধুপুৰলৈ যোৱা কাকতৰ প্রতিনিধিৰ লগত গুৱাহাটীৰ জিতেন দোলাকাষৰীয়াও সংগী আছিল৷ প্রশ্ন হ’ল, আজি এবছৰে মঠটো মেৰামতিৰ নামত কিয় একো কৰা নহ’ল৷
মঠ মেৰামতিৰ বাবে আঁচনি অনুমোদন হৈছিল নে নাই, যদি হৈছিল সেই পঁুজি ক’ত, কেনেকৈ ব্যয় হ’ল আৰু যদি হোৱা নাছিল তেন্তে কিয় আঁচনি নোহোৱাকৈ মেৰামতিৰ কাম হাতত দিছিল৷ ২৮ নৱেম্বৰত এই বিষয়ে জানিবলৈ পুনৰ গড়কাপ্টানী গৃহ বিভাগৰ ধুবুৰী সংমণ্ডলৰ কার্যবাহী অভিযন্তা দিলীপ শর্মাৰে যোগাযোগ কৰাত বিষয়াজনে এবছৰৰ আগত কোৱা একেকেইটা কথাকেই কয়৷ মঠ মেৰামতিৰ এখন আঁচনি বিভাগে প্রস্তুত কৰিছে আৰু অনুমোদনৰ বাবে সংশ্লিষ্ট বিভাগলৈ অচিৰেই প্রেৰণ কৰিব৷ এবছৰৰ পূর্বেও তেওঁ একেখিনি কথাই কোৱা বুলি কোৱাত বিশেষজ্ঞই চাই অনুমোদন দিয়াৰ বাবে দেৰি হোৱা বুলি তেওঁ ব্যক্ত কৰে৷
অসমীয়া জাতিৰ পৰিচয়ৰ লগত জড়িত বেলেগ ৰাজ্যত অৱস্থিত এই তীর্থক্ষেত্রখনৰ প্রতি এখন দায়িত্বশীল চৰকাৰৰ এনে অৱহেলা কেতিয়াও ক্ষমাৰ যোগ্য নহয়৷ এফালে চৰকাৰে পত্র, মঠ, মন্দিৰ আৰু ধর্মানুষ্ঠান উদ্ধাৰ, সুৰক্ষা, উন্নয়নৰ নামত ঢোল পিটি আছে আনপিনে স্বয়ং গুৰুজনাৰ প্রয়াণ স্থানৰ সত্রখনৰ প্রতি চৰকাৰৰ দায়িত্বহীনতা চূড়ান্ত নিদর্শন হৈ পৰিছে৷
মধুপুৰ সত্রৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে ইতিপূর্বে আবণ্টিত ৩.৫০ কোটিটকীয়া আঁচনিৰ উপৰি অন্যান্য দিশত মুকলি কৰা ধন ক’ত, কেনেকৈ ব্যয় হৈছে ৰাজহুৱা কৰাৰ দাবী জনাইছে দর্শনার্থীসকলে৷ প্রণিধানযোগ্য যে সত্রখনক কেন্দ্র কৰি ৰূপায়িত আঁচনিৰ তত্ত্বাৱধান তথা তদাৰক কৰাৰ ক্ষেত্রত বিভাগীয় বিষয়া-কর্মচাৰী তাত নথকা আৰু আঁচনিৰ বিষয়ে সত্রীয়াসকল অৱগত নহয় বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
Comments