গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৯ নৱেম্বৰ ঃ ভুৱা পৰীক্ষার্থীৰে পৰীক্ষাত অৱতীর্ণ হৈ চলিত বর্ষত জে ই ইত উত্তীর্ণ হোৱা নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত অৱতীর্ণ হোৱা ভুৱা পৰীক্ষার্থীজনক দিল্লীত গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ নতুন দিল্লীৰ বেচৰাইৰ এটা ফ্লেটৰ পৰা নীল নক্ষত্রৰ হৈ পৰীক্ষাত অৱতীর্ণ হোৱা ভুৱা পৰীক্ষার্থী প্রদীপ কুমাৰক অসম আৰক্ষীৰ এটা বিশেষ দলে গ্রেপ্তাৰ কৰে৷ তেওঁক আজি অসমলৈ অনাৰ বাবে যাৱতীয় প্রক্রিয়া সম্পূর্ণ কৰা হৈছে৷ আজি সন্ধিয়া ইণ্ডিগ’ বিমানযোগে ধৃত প্রদীপ কুমাৰক অসমলৈ অনাৰ পাছত কাইলৈ আদালতত হাজিৰ কৰা হ’ব৷
উল্লেখযোগ্য যে ভুৱা পৰীক্ষার্থীজনৰ তথ্য লাভ কৰাৰ পাছতো তেওঁৰ সঠিক ঠিকনা সংগ্রহ কৰিবলৈ অসম আৰক্ষীক দুদিনমান সময়ৰ প্রয়োজন হয় বুলি আজি মহানগৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্রসাদ গুপ্তাই সদৰী কৰে৷ আনহাতে ভুৱা পৰীক্ষার্থী প্রদীপ কুমাৰৰ তথ্য লাভ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ এজন এ ডি চি পিৰ নেতৃত্বত এটা দল দিল্লীলৈ প্রেৰণ কৰা হয়৷ অসম আৰক্ষীয়ে ধৃত প্রদীপ কুমাৰৰ পৰা লাভ কৰা প্রাথমিক তথ্য অনুসৰি নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে তেওঁ বৃহৎ পৰিমাণৰ ধন লৈছিল৷ দেশৰ বহু ক’চিং চেণ্টাৰ আৰু অন্য প্রতিষ্ঠানৰ সৈতে তেওঁৰ সম্পর্ক আছে৷
এই প্রতিষ্ঠানসমূহে ঠিক কৰি দিয়া পৰীক্ষার্থীৰ বাবে তেওঁ বৃহৎ ধনৰ বিনিময়ত পৰীক্ষাত অৱতীর্ণ হয়৷ নীল নক্ষত্রৰ বাবে পৰীক্ষা দিবলৈ তেওঁ পৰীক্ষাৰ দুই-তিনিদিন পূর্বে গুৱাহাটীলৈ আহিছিল আৰু পৰীক্ষা দিয়াৰ পাছতেই গুৱাহাটীৰ পৰা ঘূৰি গৈছিল৷ উল্লেখযোগ্য যে ভুৱা পৰীক্ষার্থীৰ দ্বাৰা জে ই ইত অৱতীর্ণ নীল নক্ষত্র দাসে এইবাৰ ৯৯.৮ শতাংশ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে সবোর্চচ নম্বৰ লাভ কৰিছিল৷ কিন্তু এজন বন্ধুক তেওঁ এই কথা প্রকাশ কৰাৰ অ’ডিঅ’ ৰেকর্ডিং ভাইৰেল হৈ পৰাৰ পাছতে মিত্রদেৱ শর্মা নামৰ এজন লোকে তেওঁৰ বিৰুদ্ধে আজাৰা থানাত যোৱা ২৩ অক্টোবৰত গোচৰ তৰিছিল৷
এই গোচৰ সন্দর্ভত পাছত পৰীক্ষার্থী নীল নক্ষত্র আৰু তেওঁৰ চিকিৎসক পিতৃ জ্যোতির্ময় দাস, আমবাৰীৰ গ্ল’বেল এডুলাইটৰ স্বত্বাধিকাৰী ভার্গৱ ডেকা, তেওঁৰ সহযোগী আদি বহুজন অভিযুক্তক এইপর্যন্ত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু নীল নক্ষত্রৰ হৈ পৰীক্ষাত অৱতীর্ণ হোৱা ভুৱা পৰীক্ষার্থীজনক গ্রেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক এমাহতকৈ অধিক সময়ৰ প্রয়োজন হ’ল৷
Comments