বিপিন শইকীয়া, মাজুলী ঃ ২৯ নৱেম্বৰ ঃ ‘‘শৰৎ কালৰ ৰাতি অতি বিতোপন, ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন৷’’ শৰতৰ বিতোপন এই পূর্ণিমা নিশা মাজুলীও যেন উন্মনা হৈ পৰিছে৷ ব্যাকুল হৈ পৰে মাজুলিবাসী৷ এক কথাত দ্বিতীয় বৃন্দাবন, মথুৰালৈ ৰূপান্তৰিত হৈছে মাজুলী৷ কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰত মতলীয়া হৈছে ১৬০০ গোপী৷ সত্রভূমিত দুপৰ নিশালৈকে চলা কৃষ্ণজন্ম আৰু শংখচুৰ বধৰ আখৰাই আজিৰে পৰা সত্র আৰু ৰংগমঞ্চত পাইছে পূর্ণাংগ ৰূপ৷
সত্রীয়া-সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীৰ প্রধান ধর্মীয় উৎসৱ শ্রীশ্রীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ এতিয়া জিলাখনৰ সর্বত্রে উদুলি-মুদুলি পৰিৱেশ৷ শাৰদীয় উৎসৱৰ মহা আয়োজনেৰে আজিৰ পৰা ২ ডিচেম্বৰলৈকে চাৰিদিনীয়া কার্যসূচীৰে হব শ্রীশ্রীকৃষ্ণৰ সম্পূর্ণ ৰাসলীলা৷ দেশী-বিদেশী পর্যটক তথা ভক্ত-দর্শক পৰা সদায়েই বিপুল সমাদৰ লাভ কৰা ৰাস মহোৎসৱ এই বছৰো পর্যটকৰ আকর্ষণীয় হোৱাকৈ আৰু দর্শকৰ পৰা সমাদৰ লাভৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ নতুন কাৰিকৰী কৌশল আৰু মহাৰাসত বিলীন হয় দেশী- বিদেশী পর্যটক৷
বিগত বর্ষৰ তুলনাত বিশ্বৰ ভিন্ন দেশৰ পৰা অহা বিদেশী পর্যটকৰ কমিছে যদিও সীমিত সংখ্যক পর্যটকে এতিয়াও ভিৰ কৰিছে সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীত৷ চাৰি দিনীয়াকৈ উদ৲যাপন হব লগীয়া ৰাস উৎসৱ এইবাৰ মাজুলীৰ ৰাসক শ্রীৰাম বনমালীৰ মহিলা ৰাসে অনন্য মাত্রা প্রদান কৰিব৷ মাজুলীত ৰাস মহোৎসৱ উদযাপন হৈ অহাৰ পৰাই পুৰুষ সকলেই ৰাসৰ কংশালয়, নন্দালয় আদিত অভিনয় কৰি আহিছে৷ কিন্তু এই সকলো ৰাস মঞ্চতকৈ সুকীয়া শ্রীৰাম বনমালীৰ মহিলা ৰাস৷
যোৱা বর্ষৰ পৰা এই মঞ্চত মহিলাসকল পিছ পৰি নাথাকি সম্পূর্ণ ৰাস মহিলাৰ অভিনয়েৰে উদ৲যাপিত কৰিছে৷ মহিলা কংসৰ অট্টহাস্য, সেনাপতি কালকেতুৰ উদ্মাদ স্বৰূপ, বসুদেৱ, দৈৱকীৰ কৰুণ বিননি প্রতিফলন, মহিলা নন্দ, যশোদাৰ পুত্র প্রেম, কৃষ্ণ প্রেমে মতলীয়া কৰি আহিছে দর্শকক৷ ঘৰখনৰ চৌষষ্ঠি জঞ্জাল, ৰান্ধনী ঘৰৰ সমস্যা একাশৰীয়া কৰি এমাহযোৰা আখৰাৰ অন্তত আপোন পাহৰা হৈ ৰাস মঞ্চস্থ কৰা কার্যই পুৰুষত কৈ মহিলা কোনো গুণে যে কম নহয় সেই কথা এই মঞ্চত অভিনয় কৰা মহিলাসকলে নজিৰ সৃষ্টি কৰি দেখুৱাইছে৷
ৰাজ্যখনৰ প্রেক্ষাপটত এইখনেই হয়তো একমাত্র মহিলা ৰাস৷ যিসকল মহিলাৰ পাকৈত নাট্যাভিনয়ে দর্শকৰ মন মগজুত প্রভাৱ পেলাই আহিছে৷ তৃষ্ণা মেধি হাজৰিকাই কংস, মণিক্ষা খনিকৰ মেধিয়ে কালকেতু, পৰীস্মিতা বৰুৱাই দৈৱকী আৰু নিভা বৰাই বসুদেৱৰ ভাৱত অভিনয় কৰাৰ উপৰি পিংকু মণি বৰা শইকীয়াই মহাৰাসৰ কৃষ্ণ, জোনমণি হাজৰিকা কলিতাই ৰাধাৰ ৰূপেৰে মঞ্চত দর্শকক আকর্ষণ কৰিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল এই আটাইকেইগৰাকী হ’ল বিবাহিতা মহিলা৷ যিসকলে ঘৰখনৰ সকলো সমস্যা একাশৰীয়া কৰি পুৰুষৰ সমানে সমানে অভিনয়ৰ ক্ষেত্রখনত সুকীয়া মান অক্ষুণ্ণ ৰাখিছে৷
যাক লৈ এতিয়া সকলো সত্র আৰু মঞ্চৰ সমান্তৰালভাৱে শ্রীৰাম বনমালী কৃষ্টি সংঘত চলিছে কৃষ্ণ জন্ম আৰু শংখচুৰ বধৰ অভিনয়৷ মন কৰিবলগীয়া যে বানৰ সৈতে সততে মুখামুখি হোৱা মাজুলীৰ ৰাস মহোৎসৱত এইসকল মহিলাৰ অংশগ্রহণে ৰাস মহোৎসৱক অধিক প্রাণৱন্ত স্বৰূপ প্রদান কৰিছে৷ পুৱাৰ পৰা ৰাতি দুপৰলৈকে ৰাসলীলাৰ গীত-মাতে, মাজুলীক এতিয়া দ্বিতীয় মথুৰা বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে৷ অতিথিক আদৰিবলৈ সাজু জিলাখনৰ তিনি শতাধিক গাঁৱৰ জনসাধাৰণ৷
Comments