ধেমাজি ঃ নিজা প্রতিবেদক, ২৯ নৱেম্বৰ ঃ ‘আমি আৱেগবর্জিত ৰাজনীতি কৰিব বিচাৰোঁ৷ পৰিস্থিতিৰ লগত খাপ খোৱাই ৰাজনীতি কৰিব বিচাৰোঁ৷’ এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ৷ অগপৰ ধেমাজি আৰু জোনাই বিধান পৰিষদ সমিতিৰ উদ্যোগত আজি ধেমাজি গ্রামোন্নয়ন অভিকৰণৰ বাকৰিত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অংশগ্রহণ কৰি অগপৰ সভাপতি বৰাই আৰু কয় যে আমি যাৰে লগত নাযাওঁ কিয় আমি কিন্তু কাৰো দলৰ নহয়৷
বিজেপিৰ লগত আমি নির্বাচনত অৱতীর্ণ হৈছোঁ৷ কিন্তু বিজেপি দলৰ নহয়৷ অগপ দলে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্মাৱলম্বী লোকক লগত লৈ এখন সমৃদ্ধিশালী অসম গঢ়াৰ পৰিকল্পনা কৰিছোঁ৷ অগপ দলত উদাৰ জাতীয়তাবাদ, প্রগতিশীলৰ সকলো মর্যাদা আছে বুলি ব্যক্ত কৰি তেওঁ কৃষি ক্ষেত্রৰ জয়গান গায়৷ তেওঁ কয়, ‘আমাৰ দলৰ মূল শক্তি আমাৰ ছাত্র-ছাত্রীসকল৷ এইসকলক যদি আমি শক্তিশালী কৰোঁ, তেন্তে আমাৰ ভেটি অধিক শক্তিশালী হ’ব৷’
কংগ্রেছ আৰু এ আই ইউ ডি এফ লগ হোৱা মানে আমাৰ খিলঞ্জীয়া জাতিটোৰ বাবে এক অশনি সংকেত বুলি ব্যক্ত কৰি তেওঁ ২০২১ চনত অসমত মিত্রজোঁটৰেই চৰকাৰ হ’ব বুলি দাবী কৰে৷ নতুন প্রতিশ্রুতি লৈ ৰাইজৰ মাজলৈ যিবোৰ দল আহিছে এইবোৰ এক ছদ্মবেশী দল বুলি ব্যক্ত কৰি তেওঁ আৰু কয় যে শত্রু কোন মিত্র কোন এইবোৰক সঠিকভাৱে চিনাক্ত কৰাটো অতি প্রয়োজন৷ অগপ দল অসমৰ মাটিত আছিল, আছে আৰু থাকিব৷
অগপ দলটোৱে অনাগত দিনত ৰাইজৰ সেৱা কৰি যাব৷ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অংশগ্রহণ কৰি অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই অগপ দলটোক আগুৱাই নিয়াৰ ক্ষেত্রত জাতি-জনগোষ্ঠী, ভাষা-ভাষী, বিভিন্ন ধর্মাৱলম্বী লোকক একত্রিত কৰি ধর্মনিৰপেক্ষ চৰিত্র বর্ই ৰখাৰ লগতে দলটোৰ প্রতি ৰাইজক আস্থাভাজন হ’বলৈ আহবান জনায়৷
অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা এসময়ৰ ধেমাজি বিধানসভা সমষ্টিৰ অগপৰ প্রার্থিত্ব প্রয়াসী পৰমানন্দ সোণোৱালে তেওঁৰ ভাষণত এইবাৰ অগপ দলটোৰ কেন্দ্রীয় নেতৃবৃন্দক সমষ্টিসমূহৰ ক্ষেত্রত সঠিক সিদ্ধান্ত ল’বলৈ আহবান জনায়৷ অগপৰ মুখপাত্র তোলাৰাম গগৈ, অসম ছাত্র পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা, তপন দাস আদি সমাৰোহত উপস্থিত থাকে৷ ইয়াৰ আগেয়ে অগপৰ কেন্দ্রীয় নেতৃবৃন্দক ধেমাজি চাৰিআলিৰ পৰা সভাস্থলীলৈ দলটোৰ নেতা-কর্মীয়ে আদৰি আনে৷
Comments