নাওকাটা ঃ নিজা বাতৰি দিওঁতা, ২৯ নৱেম্বৰ ঃ বি টি চিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে বিগত ১৭ বছৰে ৰাইজৰ আৱেগৰ সৈতে খেল খেলি ৰাজনীতি কৰি আহিছে৷ তেওঁ সাধাৰণ ভোটাৰ ৰাইজক এবছু, এন ডি এফ বিৰ ভয় দেখুৱাই আহিছে৷ কিন্তু এতিয়া ৰাইজ সজাগ হৈছে৷ এতিয়া কাৰো ভয়-ভাবুকিক ভয় নকৰে ৰাইজে৷ এই মন্তব্য ৰাজ্যৰ বিত্ত মন্ত্রী তথা নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ৷
আজি বাক৲সা জিলাৰ ২৯নং শুক্লাই-চেৰফাং পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ মনোনীত প্রার্থী ৰণেন্দ্র নার্ৰীৰ সমর্থনত নাওকাটা বিহুতলী প্রাংগণত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত উপস্থিত থাকি মন্ত্রী শর্মাই বি পি এফ দল তথা মুৰববী হাগ্রামা মহিলাৰীৰ প্রসংগত কয় যে ৰাইজে বহু আশা-আকাংক্ষাৰে বি টি চি গঠনৰ পাছত হাগ্রামা মহিলাৰীক মুৰববী পাতি নতুন বি টি চিৰ সপোন দেখিছিল যদিও বিগত ১৭ বছৰে হাগ্রামা বাহিনীয়ে উন্নয়নমূলক কামৰ বাবে দিল্লী-দিছপুৰৰ পৰা আবণ্টিত সকলো টকা লুটি-পুটি খালে৷
দৰিদ্র লোকৰ জবকার্ডৰ ধন, সমবায়ৰ চাউল, পি এম জি ৱাই, আনকি বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ ধনো নেৰিলে৷ সকলো আঁচনিত দুর্নীতি কৰি বি টি চিবাসীক দ্বিতীয় শ্রেণীৰ নাগৰিক কৰি ৰাখিলে৷ কিন্তু এইবাৰ হাগ্রামা বাহিনীক সেই সুযোগ দিয়া নহ’ব৷ আবেলি ৩ বজাৰ পৰা মন্ত্রী ভৱেশ কলিতাৰ সভাপতিত্বত তথা ভাৰতীয় জনতা যুৱ মর্ৰ ৰাজ্যিক স্বচছ ভাৰত সহঃ তত্ত্বাৱধায়ক কৰণ চেত্রীয়ে আঁত ধৰা সভাত তেওঁ পুনৰ কয় যে বি টি চিৰ এইবাৰৰ নির্বাচনে ৰাইজৰ চৰকাৰ গঠন কৰিব আৰু নতুন বি টি চি নির্বাচনৰ বুনিয়াদ ৰচনা কৰিব৷
বিজেপিৰ চৰকাৰ হ’লে ইয়াত ৰাইজৰ সেৱক হৈ থাকিব লাগিব আৰু যিজনে ৰাজনীতি কৰাৰ মানসেৰে প্রৱেশ কৰিব তেওঁ ৰাজভোগৰ পৰিৱর্তে ৰাইজৰ ভৰিত থাকিব লাগিব৷ হাগ্রামাই সকলো ক্ষেত্রতে দুর্নীতি কৰি আৰু কাম নকৰি ৰাইজক বিগত ১৭ বছৰে শুহি খালে৷ আনকি শিক্ষিত নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি পকেটত লৈ ফুৰা তালিকাৰে ধনৰ বলত নিযুক্তি দিলে৷ এতিয়া সেই দিন নাই বুলি উল্লেখ কৰি বিজেপিয়ে বি টি চিত চৰকাৰ গঠন কৰিলে সকলো জাতি-জনগোষ্ঠীয়ে সম অধিকাৰ, সম উন্নয়ন পোৱাৰ লগতে মাটি, ভাষা, সংস্কৃতি আৰু অন্যান্য ক্ষেত্রতো পদক্ষেপ গ্রহণ কৰা হ’ব বুলি মন্ত্রীজনে কয়৷
সভাত মন্ত্রীজনে বিজেপিয়ে চৰকাৰ গঠন কৰিলে দুর্নীতিৰ মূল ভেটি ভি চি ডি চি ভংগ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰ লগতে তামুলপুৰক নতুন জিলা, নিধুৱা-ভোলাবটাবাৰী সংযোগী শুক্লাই নৈৰ ওপৰত পকী দলং নির্মাণ, নাওকাটাত এখন বি এড কলেজ, এখন ১০ কোটি টকীয়া ষ্টেডিয়াম, শুক্লাই চেৰফাঙৰ ভিতৰুৱা অঞ্চলৰ ১০০ কিল’মিটাৰ পকী পথ, যোগেন বসুমতাৰী সোঁৱৰণী ৩০খন বিছনাযুক্ত চিকিৎসালয়ক এফ আৰ ইউলৈ উন্নীতকৰণ, নাওকাটাত উচচতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা, বাইহাটা-বগামাটি পথক দুইলেনযুক্ত কৰা, বি টি চি অঞ্চলৰ ভেঞ্চাৰ স্কুলৰ প্রাদেশিকীকৰণ আদিকে ধৰি কেইবাখনো গুৰুত্বপূর্ণ আঁচনি ঘোষণা কৰে৷
সমষ্টিটোৰ বি পি এফৰ প্রার্থী গণেশ কছাৰীৰ চকা পাংচাৰ হোৱা বুলি তির্যক মন্তব্য কৰি মন্ত্রী শর্মাই বি পি এফৰ নাঙল মিউজিয়ামত আৰু ইউ পি পি এলৰ ট্রেক্টৰ কাৰখানালৈ যাব বুলি কটাক্ষ কৰে৷ লগতে বি টি চিত বিজেপিয়ে চৰকাৰ গঠন কৰি শপত ল’ব আৰু হাগ্রামাই গেলাৰীত বহি চাই থাকিব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইপিনে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই ভাষণত বিজেপিৰ ধুমুহাত আজি বি পি এফ বিধবস্ত হৈ পৰাৰ লগতে বিগত কালছোৱাত দলটোৱে সংঘটিত কৰা ব্যাপক দুর্নীতিৰ বাবে ৰাইজে বি টি চিত পৰিৱর্তন বিচৰা বুলি উল্লেখ কৰে৷
ইপিনে ৰাজ্য সভাৰ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বি পি এফ দলত ছিষ্টেম নাছিল বাবে উন্নয়ন হোৱা নাছিল বুলি কৈ শুক্লাই- চেৰফাঙত বি পি এফ শূন্য হৈ পৰা বুলি মন্তব্য কৰে৷ সভাত তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, এ এছ টি চিৰ অধ্যক্ষ অশোক ভট্টৰাই, গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্রেম তামাং, বাক৲সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল আদিকে ধৰি বহুকেইগৰাকী নেতা-কর্মী তথা কেইবা সহস্রাধিক লোক উপস্থিত থাকে৷ সভাৰ সৈতে সংগতি ৰাখি শুক্লাই চেৰফাং ব্লক সমিতি বি পি এফৰ সভাপতি জিনাৰাম বড়ো, ব্লক যুৱ বি পি এফৰ সভাপতি অমিত বড়োকে ধৰি কেইবাগৰাকী বি পি এফৰ নেতা-কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷
Comments