গুৱাহাটী, ৩০ নবেম্বৰ: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে যোৱাকালি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত পৰাজিত হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিক তীব্ৰ সমালোচনা কৰে ৷ “মই বিৰাট কোহলিৰ নেতৃত্ব কি বুজি পোৱা নাই ৷ খেলৰ আৰম্ভণিতে আমি উইকেট দখল কৰাটো কিমান গুৰুত্বপূৰ্ণ এই কথা আলোচনা কৰি আছো আৰু আপুনি আপোনাৰ মুখ্য বলাৰক প্ৰথমতে মাত্ৰ দুটা অ’ভাৰ বল কৰিবলৈ দিছে ৷ এদিনীয়া ক্ৰিকেটত য’ত তিনিটা শাখাত ক্ৰমে ৪-৩-৩ অ’ভাৰকৈ দিবলৈ দিয়া হয় ৷ কিন্তু নিজৰ মুখ্য বেগী বলাৰক মাত্ৰ দুটা অ’ভাৰ বল কৰাৰ পিছত আপোনি বন্ধ কৰি দিছে ৷ মই অধিনায়কৰ এই কৌশল বুজি পোৱা নাই ৷ এয়া টি ২০ ক্ৰিকেট নহয় ৷ এয়া হ’ল এক এক দুর্বল নেতৃত্বৰ পৰিচয় ৷”
দল নিৰ্বাচন সর্ম্পকতো মত প্ৰকাশ কৰি গম্ভীৰে কয় যে ৱাচিংটন সুন্দৰ, শিভম ডুবেৰ দলে দলত থকা খেলুৱৈ সকলক এটা সুযোগ দিয়াটো উচিত ৷ যদিহে সুযোগ দিব পৰাকৈ আপোনাৰ দলত কোনো নাই তেন্তে দল নিৰ্বাচন কৰোতে নিশ্চয়কৈ ভুল হৈছে ৷ যেতিয়ালৈকে কাৰোবাক আপুনি পৰীক্ষা কৰি নাচাব কেনেকৈ বুজিব তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত কিমান ভাল ৷ ভাৰতে এনেবোৰ বিকল্পক অষ্ট্ৰেলিয়া ভ্ৰমণত নিৰ্বাচন নকৰিলে যিবোৰে দলক ক্ষতি কৰিব ৷
Comments