ৰাষ্ট্রসংঘ, ১ ডিচেম্বৰ ঃ বিশ্ব স্বাস্থ্য সংগঠনে কয় যে মেলেৰিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্রীয় যুঁজত ভাৰতে চমকপ্রদ সফলতা লাভ কৰিছে৷ দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতত মেলেৰিয়া আটাইতকৈ বেছি হ্রাস পাইছে৷ ২০০০ চনত ভাৰতত মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা আছিল ২ কোটি৷ কিন্তু যোৱা বছৰ প্রায় ৫৬ লাখলৈ কমে৷ কালি প্রকাশ কৰা ২০২০ চনৰ মেলেৰিয়া ৰিপ’র্টত কোৱা হৈছে যে ২০১৯ চনত সমগ্র বিশ্বত মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা আছিল প্রায় ২২ কোটি ৯০ লাখ৷
এই বার্ষিক হিচাপ যোৱা চাৰি বছৰ একপ্রকাৰ অপৰিৱর্তিত আছিল৷ যোৱা বছৰ এই ৰোগত প্রায় ৪ লাখ ৯ হাজাৰ লোকৰ প্রাণ নাশ হৈছিল৷ বিশ্ব স্বাস্থ্য সংগঠনৰ সঞ্চালকপ্রধান ডাঃ টেড্রোছ আধানোম গেব্রিয়েছাছে প্রতিবেদনখনৰ আগকথাত কয় যে দক্ষিণ এছিয়াৰ দেশসমূহে মেলেৰিয়া নিয়ন্ত্রণত সবল অগ্রগতি লাভ কৰিছে৷ মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা ৭৩ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৭৪ শতাংশ কমিছে৷
মেলেৰিয়া ৰোগী আটাইতকৈ বেছি কমিছে ভাৰতত৷ ২ কোটিৰ পৰা প্রায় ৬০ লাখলৈ কমিছে৷ প্রতিবেদনখনত কোৱা হৈছে যে সমগ্র বিশ্বত মেলেৰিয়াত আক্রান্ত লোকৰ ভিতৰত প্রায় ৩ শতাংশ দক্ষিণ-পূব এছিয়া অঞ্চলৰ বুলি বিশ্ব স্বাস্থ্য সংগঠনে নির্ণয় কৰিছে৷ ২০০০ চনত ভাৰতত মেলেৰিয়াত প্রায় ২৯,৫০০ লোকৰ মৃত্যু হৈছিল৷ ২০১৯ চনত সেই সংখ্যা প্রায় ৭,৭০০লৈ কমে৷ সেয়ে হ’লেও দক্ষিণ-পূব এছিয়াত এতিয়াও মেলেৰিয়াত ভাৰততে আটাইতকৈ বেছি লোকৰ মৃত্যু হয়৷
Comments