মঙলদৈ ২ ডিচেম্বৰ : অসমৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী , বেচৰকাৰী সাংস্কৃতিক সংগঠন 'যুৱতীৰ্থ অসম 'ৰ সভাপতি, এগৰাকী স্বভাৱ কবি ,গীতিকাৰ আৰু মঙলদৈ নিবাসী সু-চিকিৎসক ড০ মৃণাল চৌধুৰীৰ বুধবাৰে কাহিলী পুৱা মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। মঙলদৈৰ চপাই মৌজাৰ মৌজাদাৰ অনন্ত চন্দ্ৰ চৌধুৰী আৰু ধৰ্মীপ্ৰিয়া চৌধুৰীৰ কনিষ্ঠ পুত্ৰ মৃণাল চৌধুৰীয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী অৰ্জন কৰি চৰকাৰী চাকৰি হাবিয়াস কৰাৰ পৰিবৰ্তে দুই চিকিৎসক বন্ধুৰ সহযোগত মঙলদৈত পলি ক্লিনিক নামৰ ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰি দৰং আৰু ওদালগুৰি জিলাৰ ৰোগীক সেৱা আগবঢ়াই অহাৰ লগতে বহু নিবনুৱা স্হানীয় যুৱক যুৱতীৰ সংস্হাপনৰ সুবিধা প্ৰদান কৰে। আনহাতে ছাত্ৰ অৱস্থাতে আকাশবাণী গুৱাহাটীৰ যুৱবানী অনুষ্ঠানত এগৰাকী ঘোষক হিচাপে জড়িত হোৱাৰ পিছত অসমৰ সাংস্কৃতিক জগতৰ বহু বিশিষ্ট ব্যক্তিৰ সংস্পৰ্শলৈ আহি অসমৰ লুপ্ত প্ৰায় লোক সংস্কৃতিৰ সংৰক্ষণ আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টাত ব্ৰতী হয় ।
ইফালে এগৰাকী কবি আৰু গীতিকাৰ হিচাপেও তেওঁ সুনাম অৰ্জন কৰিছিল। দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে গুৱাহাটীৰ এখন কবি সন্মিলনীত অংশ লোৱাৰ সময়ত মৃণাল চৌধুৰীৰ কবিতা শুনি চৌধুৰীক উচ্চ প্ৰশংসা কৰিছিল। চৌধুৰীৰ কেবাখনো কবিতা সংকলন ইতিমধ্যে প্ৰকাশ পাইছে যদিও শেহতীয়াকৈ লিখা শতাধিক কবিতা অপ্ৰকাশিত ৰূপত ৰৈ যায়। চৌধুৰী ভাৰতীয় চিকিৎসা সেৱা সংস্থাৰ অসম শাখাৰ বিষয়ববীয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰিয়ালৰ তৰফৰ পৰা জনামতে তেওঁৰ নশ্বৰ দেহ বিমান যোগে বৃহস্পতিবাৰে মঙলদৈ আহি পোৱাৰ সম্ভাৱনা আছে। ড০ চৌধুৰীৰ অকাল বিয়োগত মঙলদৈত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগত তিনি কন্যাক ইহ সংসাৰত এৰি থৈ যায়।
Comments