মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এক নতুন চিন্তাৰ ফচল বিশিষ্ট ব্যক্তিৰ ওপজা দিন পালন তথা তেনে ব্যক্তিৰ জীৱন কৃতিকলৈ গ্ৰন্থ প্ৰকাশ । সেইমৰ্মে সংস্থাই প্ৰথমগৰাকী ব্যক্তি হিচাপে নিৰ্বাচিত কৰে বিশিষ্ট সাংবাদিক, চিত্ৰকৰ ,সাহিত্যিক জগত চাংমাইক । মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদোগত বিশিষ্ট সাংবাদিক জ্যেষ্ঠ সাংবাদিক , সাহিতিক অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত জগত চাংমাইৰ সৈতে এক অন্তৰঙ্গ আলাপ আৰু অভিনন্দন অনুষ্ঠান এটি তেওঁৰ ওপজা দিন ১ ডিচেম্বৰ তাৰিখে লিডু শংকৰদেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ।
মাৰ্ঘেৰিটা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ ৰমেন হাজৰিকাৰ সন্ঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰে সম্পাদক ৰাণাজ্যোতি নেওগে । অনুষ্ঠানত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা বিশিষ্ট অতিথি ৰূপে বিচা ৰজা বিচানং চিংফৌ, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা লিডু কলেজৰ অধ্যক্ষ ড০ কৃপা প্রসাদ উপাধ্যায় , লিডু শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোমেশ্বৰ নেওগ বৰ্তমানৰ প্রধান শিক্ষয়িত্রী চুফাতি পমুং, অসম সাহিত্য সভাৰ প্রাক্তন সাংগঠনিক সম্পাদক সুনীল গুৰুঙ, জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা , জিলা সাংবাদিক সন্হাৰ প্রাক্তন সভাপতি হিমেন ভট্টাচাৰ্য আদি আমন্ত্ৰিত অতিথি আৰু কমল তালুকদাৰ ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকা সম্পাদক মনোৰঞ্জন দাস ৰমনী বুঢ়াগোঁহাই ডুমডুমা প্ৰেছ ক্লাবৰ সম্পাদক মনোজ বৰুৱা অতিথি ৰূপে উপস্থিত থাকে ।
সমীৰণ বৰঠাকুৰ আৰু মানস প্রতীম গগৈয়ে আঁত ধৰা তথা ডেৰশতাধিক গুণগ্ৰাহীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে কেক কাটি ওপজা দিন পালন কৰাৰ লগতে দুখনকৈ গ্রন্থ আৰু বহু প্রৱন্ধৰে সাহিত্য জগতলৈ বৰঙণি যোগোৱা বৃহত্তৰ মাৰ্ঘেৰিটাৰ সামাজিক জীৱনত নিবিড় ভাবে জৰিত অৱসৰ প্রাপ্ত শিক্ষক,চিত্রশিল্পী, বিশিষ্ট সাংবাদিক গৰাকীক বিধায়ক ভাস্কৰ শৰ্মা সু সাহিত্যিক পূণ্য শইকীয়া মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, লিডু , মাৰ্ঘেৰিটা আৰু বৰগোলাই শাখা সাহিত্য সভা, বেংগলী ফেডাৰেচন, জিলা বক্সিং এচোছি্য়েচন, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, আটছাৰ মাৰ্ঘেৰিটা শাখা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি ,আছু লিডু শাখা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন প্ৰয়াস স্বেচ্ছাসেৱী অনুষ্ঠান লিডু কলেজ লিডু কনিষ্ঠ মহাবিদ্যালয় লিডু শংকৰদেৱ উচ্চ মাধমিক বিদ্যালয় অসমীয়া ভাষা স্বাৰ্থ সুৰক্ষা মঞ্চ, আমছু লিডু শাখা ৰেডক্ৰচ চচাইটি অৰূপ আৰন্ধাৰা ৰূপজ্যোতি লাহন আদি প্রায় ডেৰ কুৰি দল সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্ধনা জনায় | মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত সুনীল গুৰুঙৰ পৃষ্ঠপোষকতাত প্ৰকাশিত ৰাণা জ্যোতি নেওগ আৰু লক্ষ্যধৰ সোণোৱালৰ মুখ্যসম্পাদনাত প্রকাশিত জগত চাংমাইৰ জগত শীৰ্ষক অভিনন্দন গ্রন্হ খন উন্মোচন কৰে সাহিত্যিক পেন্সনাৰ পুণ্য শইকীয়া আৰু বিশিষ্ট সাহিত্যিক ড০ ৰণজিত দত্তই । বিশিষ্ট ব্যক্তিসকলে জগত চাংমাইৰ জীৱনৰ বিভিন্ন দিশ সামৰি আলোকপাত কৰাৰ লগতে তেওঁৰ বৰ্ণময় কৰ্মজীৱনৰ গুণানুকীৰ্তন কৰে ।
অনুষ্ঠানত পথাৰ শিল্পী খ্যাত বিশিষ্ট কণ্ঠ শিল্পী লোহিত গগৈয়ে গীত পৰিবেশনেৰে জীপাল কৰি তোলে |অন্তৰঙ্গ অনুষ্ঠানত জগত চাংমাইয়ে জীৱনৰ আটাইতকৈ সফল প্ৰাপ্তি বুলি উল্লেখ কৰি তেওঁৰ ওপজা দিন উদযাপনে তেখেতৰ জীৱনটো সাৰ্থক কৰিলে বুলি কয় আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ভূমিকাক প্ৰশংসা কৰে । মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা শিক্ষয়িত্ৰী মিনানাথ গগৈ আদিয়ে চাংমাইৰ জীৱনৰ বিভিন্ন দিশ জানিব বিচাৰি পৰিবেশটো হাস্যময় কৰি তোলে ।
উল্লেখ্য যে - ১৯৭২ চনত দৈনিক জনমভূমি কাকতৰ লিডুৰ নিজা বাতৰি দিওঁতা হিচাপে সাংবাদিকতা ক্ষেত্ৰত আত্মপ্ৰকাশ কৰিছিল চাংমাই দেউ ।তাৰ পূৰ্বে সাপ্তাহিক জনমভূমি কাকতৰ ৰেখাচিত্ৰ শিল্পী তথা কাৰ্টুনিষ্ট ৰূপে পৰিচিতি লাভ কৰিছিল । সংবাদসেৱালৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ১৯৯৫ চনত জনমভূমি কাকতগোষ্ঠীৰ তৰফৰ পৰা কনক চন্দ্ৰ শৰ্মা সোৱৰণী সাংবাদিকতা বটাঁ লাভ কৰিছিল ।তেওঁ ১৯৯৯ চনৰ পৰা প্ৰায় চাৰিবছৰকাল ইংৰাজী দৈনিক দ্য চেন্টিনেল কাকততো কেইবাবছৰো সংবাদ পৰিবেশন কৰিছিল ।নতুন দৈনিক কাকততো কেইবাবছৰো সংবাদ পৰিবেশন কৰা চাংমাইয়ে নিজা সম্পাদনাত ১৯৮০ চনত স্মৃতি নামেৰে আৰু ১৯৯১ - ৯৬ চনলৈকে প্ৰতিশ্ৰুতি নামৰ দুখন জনপ্ৰিয় আলোচনীৰ সম্পাদকৰ দ্বায়িত্ব পালন কৰিছিল ।
২০০৭ চনত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ দ্বাৰা বৰ্ষ শ্ৰেষ্ঠ শিক্ষক আৰু উক্ত বৰ্ষতে তিনিচুকীয়া জিলা ভিত্তিত কৃতি শিক্ষকৰ বটাঁ লাভ কৰা চাংমাইদেৱে অসমীয়া সাহিত্য ভৰাললৈ চিংফৌ জাতি আৰু বিচাৰজাৰ ইতিবৃত্ত , পাটকাই প্ৰেমত বন্দী তিনিটা জনগোষ্ঠী আৰু কেইটামান স্কেচ্ছ নামৰ দুখন গ্ৰন্থৰে সমৃদ্ধ কৰিছে। অনুষ্ঠানত চাংমাইৰ সহধৰ্মিনী কবিতা চাংমাই পুত্ৰ দ্বিগ্বীজয় চাংমাইসহ পৰিয়ালৰ সকলো সদস্য উপস্থিত থাকে ।
Comments