ডিব্ৰুগড়, ২ ডিচেম্বৰ: ৰাজ্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চুকাফা দিৱসৰ দিনাই ডিব্ৰুগড়ত মুকলি কৰিলে উজনী অসমৰ ভিতৰত অত্যাধুনিক প্ৰত্নতত্ব সংগ্ৰহালয়।
ৰাজ্য প্ৰত্নতত্ব বিভাগে ডিব্ৰুগড় হাতত ললে এই গুৰুত্বপূৰ্ণ ভূমিকা।উজনি অসমৰ ভিতৰত সৰ্ববৃহৎ অত্যাধুনিক ভাবে নিৰ্মাণ কৰিলে প্ৰাচীন সামগ্ৰী সংগ্ৰহ কৰা এটা বৃহৎ সংগ্ৰহালয়তো।
প্ৰাচীন কালৰ নানা সমল ভগ্নাশেষ সামগ্ৰী সমূহ অত্যাধুনিক ভাৱে ইয়াত সংগ্ৰহ কৰা লগতে কৰা হব গবেষণা।
ইতিমধ্যে সংগ্ৰহালয়ত ৰাজ্যখন প্ৰাচীন সম্পদ সমূহ সংগ্ৰহ কৰি ৰাখিছে প্ৰত্নতত্ব বিভাগে।
ৰাজ্যৰ ভিন্ন স্থানৰ খনন কাৰ্যত উদ্ধাৰ হোৱা প্ৰত্নপ্ৰস্তৰ সমল, শিলালিপি, পুৰামাটি সামগ্ৰী, পুৰণা নানা লিপি, ভিন্ন আপুৰুগীয়া মূৰ্তি সমূহৰ লগতে সাচি পাতৰ পুথি আদিকে ধৰি পুৰণা মুদ্ৰা সমূহ ইতিমধ্যে সংৰক্ষণ কৰা হৈছে ইয়াত। ৩ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই অত্যাধুনিক প্ৰত্নতত্ব বিভাগৰ সংগ্ৰহালয়টো আজি চুকাফা দিৱসৰ দিনাই ডিব্ৰুগড়ত অনুষ্ঠানিক ভাবে মুকলি ৰাইজৰ বাবে উচগা কৰে ৰাজ্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰাচীন কলা কৃষ্টি তথা সম্পদ সমূহ উদ্ধাৰ কৰা লগতে সংগ্ৰহ কৰা দিশত এতি নতুন দিশ সূচনা হোৱা লগতে প্ৰাচীন সম্প্ৰদ সমূহ গৱেষণা কৰা বাবে যথেষ্ট সুবিধা হব বুলি আশা প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Comments