গুৱাহাটী, ১ ডিচেম্বৰ: প্ৰাক্তন জেএনইউৰ ছাত্ৰী, নেতা শেহলা ৰশিদ শোৰা আৰু তেওঁৰ পিতৃ আব্দুল ৰচিদ শোৰাৰ মাজত সংঘাত বৃদ্ধি পাইছে ৷ শেহলা ৰছিদৰ পিতৃয়ে অভিযোগ কৰিছিল যে শেহলাই বিভিন্ন দেশ বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে ৷ আনকি শেহলাৰ পৰা পিতৃয়ে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি লাভ কৰিছে বুলি উল্লেখ কৰিছিল ৷ এই অভিযোগৰ প্ৰত্যুত্তৰ দি শেহলা ৰছিদে কয় – “আপোনালোক সকলোৱে মোৰ পিতৃৰ পৰা মোৰ আৰু মোৰ মাৰ বিৰুদ্ধে থকা অভিযোগৰ এটা ভিডিঅ’ পাইছে ৷ স্পষ্ট আৰু সৰলভাৱে কবলৈ গলে তেওঁ এজন পত্নী অত্যাচাৰী আৰু চৰিত্ৰহীন ব্যক্তি ৷”
শেহলা ৰশিদে কয় – “বৰ্তমান আমি পৰিয়ালৰ সদস্য এজনৰ মৃত্যুত দুখী হৈ আছো ৷ খুব দুখৰ বিষয় যে মোৰ পিতৃয়ে এই সময়তে মা আৰু মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিলে ৷ যদিও এয়া এক পাৰিবাৰিক সমস্যা, তথাপি যিহেতু এক গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে গতিকে এই বিষয়ত মই মাত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ৷ সত্য এয়া যে মা, মই আৰু মোৰ ভগ্নীয়ে পাৰিবাৰিক অত্যাচাৰৰ বিষয়ে মোৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলোঁ ৷ যোৱা ১৭ মে তাৰিখে পিতৃক আমাৰ ঘৰত প্ৰবেশ কৰাৰ পৰা আদালতে নিষিদ্ধ কৰিছিল ৷ যাৰ বাবে তেওঁ আমাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰি আহিছে ৷ মোৰ মাতৃয়ে সমগ্ৰ জীৱন তেওঁৰ পৰা অত্যাচাৰ সহ্য কৰি থাকিল৷ মই আৰু মোৰ ভগ্নী যেতিয়া সৰু আছিলোঁ তেতিয়া আমি একো কৰিব পৰা নাছিলোঁ ৷ বৰ্তমান আমি ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰাত তেওঁ আমাকো শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে ৷ তেওঁ সপোনতো ভাৱিব পৰা নাছিল যে তেওঁৰ পত্নী আৰু সন্তানে কেতিয়াবা তেওঁৰ বিৰুদ্ধে থিয় দিম ৷ তেতিয়াৰে পৰা ন্যায়ালয়ৰ কাৰ্য ব্যৱস্থাত বাধা দিবলৈ এনেবোৰ কাম কৰি আছে ৷”
Comments