Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,৩ ডিচেম্বৰ:আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ।দিছপুৰৰ চৰকাৰী আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।সচিবালয়ৰ সমীপত ৰাইজৰ বাবে থাকিব শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা।
গুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।আদ্যশ্ৰাদ্ধৰ দিনটোত পৰিয়ালৰ লোকসকলে মুখ্যমন্ত্ৰী গৰাকীক স্মৰণ কৰিছে।পৰম্পৰাগত ৰীতি-নীতিৰে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা ২৩ নৱেম্বৰত ৮৬ বছৰ বয়সত মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিল।
Comments