Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৩ ডিচেম্বৰ:২০২১ত নতুন ৰাজনৈতিক দল গঠন কৰিব দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে।৩১ ডিচেম্বৰত এই দলৰ সন্দৰ্ভত ৰজনীকান্তে ৰাজহুৱাকৈ ঘোষণা কৰিব।শেহতীয়াকৈ অভিনেতা গৰাকীয়ে এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।
ইয়াৰ পূৰ্বে সোমবাৰে চেন্নাইত ৰজনীকান্তে তেওঁৰ সমৰ্থকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক কৰিছিল।সমৰ্থকসকলৰ সৈতে বৈঠকৰ অন্তত তেওঁ অতি শীঘ্ৰে ৰাজনীতিত প্ৰৱেশ কৰা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব বুলি কৈছিল।দলটো জানুৱাৰিত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিব।
২০২১ ৰ এপ্ৰিল-মে’ মাহত তামিলনাডুৰ বিধানসভা নিৰ্বাচন হ’ব।তেওঁৰ দলটোৱে বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাটো নিশ্চিত হৈ পৰিছে।
Comments