গুৱাহাটী, ৪ ডিচেম্বৰ: শিৰোমণি আকালি দলৰ অধ্যক্ষ আৰু ৰাজ্য সভাৰ সাংসদ সুখদেব সিং ধীন্দছাই শুক্ৰবাৰে পদ্মভূষণ উভতাই দিয়ে ৷ দেশৰ কৃষক আন্দোলনৰ প্ৰতি সংহতি প্রদর্শন কৰি আৰু কৃষকৰ ওপৰত হোৱা ব্যৱহাৰৰ প্ৰতিবাদ কৰি এই বঁটা উভতাই দিয়ে সাংসদ সুখদেৱে ৷ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দলৈ লিখা এখন পত্ৰত সুখদেৱে উল্লেখ কৰে যে ৰাজ্যখনৰ জনসাধাৰণে অপমানজনক প্ৰচাৰ কৰাৰ লগতে শত্ৰুতা মূলক ব্যবহাৰ লাভ কৰিছে ৷ ঘৃণাৰ প্ৰচাৰে তেওঁলোকৰ বিৰুদ্ধে আগন্তুক দিনত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷
“দিল্লীৰ বাবে গৈ থকা কৃষক সকলৰ বিৰুদ্ধে কৰা ব্যৱহাৰে মোক কষ্ট আৰু যন্ত্ৰণা দিছে ৷ হাৰিয়ানা আৰক্ষীৰ উচতনিমূলক ব্যৱহাৰ স্বতেও কৃষক সকলে শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰাখে ৷ আজি মই যি স্থানত উপনীত হৈছোঁ এয়া সকলো মোৰ ৰাজ্যৰ জনতাৰ আর্শীবাদৰ বাবেই ৷ যেতিয়া হাজাৰৰ সংখ্যাত জনসাধাৰণে পথত বাস কৰিব লগা হৈছে আৰু তেওঁলোকৰ ন্যায্য দাবীৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে ৷ ইয়াৰ মাজৰ বহুজনে মানসিক যন্ত্ৰণাৰ সন্মুখীন হৈছে ৷ মোৰ অনুভৱত এই মুহুৰ্তত ২০১৯চনত মোক প্ৰদান কৰা হোৱা পদ্মভূষণ উভতাই দি জনতাৰ সৈতে সংহতি প্ৰকাশ কৰিব পাৰোঁ আৰু এওঁলোকৰ বিৰুদ্ধে হয় থকা ব্যৱহাৰৰ প্ৰতিবাদ কৰিব সাব্যস্ত কৰিব পাৰোঁ ৷”- বুলি সুখদেবে পত্ৰত উল্লেখ কৰে ৷
Comments