নতুন দিল্লী, ৩ ডিচেম্বৰ ঃ ভাৰতত চলিত মাহৰ শেষত অথবা জানুৱাৰী মাহত কৰ’নাৰ ভেক৲চিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়া সম্ভৱনা আছে৷ আজি এই কথা প্রকাশ কৰে দিল্লীস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ সঞ্চালৰ ডাঃ ৰণদীপ গুলেৰিয়াই৷ উল্লেখযোগ্য যে ভাৰতত কৰ’না ভাইৰাছৰ ছটা ভেক৲চিনৰ কাম চলি আছে৷
ইয়াৰ ভিতৰত অক্সফ’র্ড-এষ্ট্রজেনেকা আৰু ভাৰত বায়’টেক ভেক৲চিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষা চলি আছে৷ ডাঃ গুলেৰিয়াই জনোৱা মতে তৃতীয় পর্যায়ৰ পৰীক্ষা চলি থকা যিকোনো এটা ভেক৲চিনে অনুমোদন লাভ কৰিব পাৰে৷
তেওঁ কয়, ‘ডিচেম্বৰৰ শেষৰ ফালে অথবা জানুৱাৰীৰ প্রাৰম্ভতে ভেক৲চিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে৷’ তেওঁ লগতে কয় যে ভেকচিনত অনুমোদন জনোৱাৰ পাছত দেশত টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰা হ’ব৷
মন কৰিবলগীয়া যে অক্সফ’র্ডৰ ভেকচিনৰ সমগ্র বিশ্বতে তৃতীয় পর্যায়ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰ ফলো প্রকাশ কৰা হৈছে৷ ভাৰতত এই ভেকচিন ছিৰাম ইনষ্টিটিউট অব৲ ইণ্ডিয়াই উৎপাদন কৰি আছে আৰু প্রতিষ্ঠানটোৰ তত্ত্বাৱধানত দেশত ইয়াৰ তৃতীয় পর্যায়ৰ পৰীক্ষা চলি আছে৷
ডাঃ গুলেৰিয়াৰ মতে অক্সফ’র্ডৰ ভেক৲চিন সুৰক্ষা আৰু কার্যকৰিতাক লৈ কোনোধৰণৰ আপোচ কৰা নহ’ব৷ বর্তমান ৭০-৮০ হাজাৰ স্বেচছাসেৱকক ভেক৲চিন দিয়া হৈছে আৰু কোনো ধৰণৰ গুৰুতৰ পার্শ্বক্রিয়া হোৱা পৰিলক্ষিত হোৱা নাই৷
Comments