Classifieds
View All
গুৱাহাটী, ৫ ডিচেম্বৰ: ইণ্ডিয়ান ছুপাৰ লীগ ২০২০-২১ত উত্তৰ পূৰ্বাঞ্চলৰ দল নৰ্থ ইষ্ট ইউনাইটেডে জয়ৰ ধাৰা অব্যাহত ৰাখিছে ৷ প্ৰথম অৰ্ধৰ ইষ্ট বেংগল দলৰ খেলুৱৈ সুৰচন্দ্ৰ সিঙে আত্মঘাতী গল কৰি নর্থ ইষ্ট দলক ১-০ৰ অগ্ৰগতি দিয়ে ৷ ইনজুৰী সময়ত নর্থ ইষ্ট ইউনাইটেড দলে লালেংমাভিয়া কাউন্টাৰত গল কৰি দলক ২-০ৰ অগ্ৰগতি দিয়াৰ লগতে দলৰ বিজয় সাব্যস্ত কৰে ৷ এই বিজয়ৰ পিছত দুখন খেলত বিজয় আৰু দুখনত দ্ৰৰে ৮ পইণ্টৰে দ্বিতীয় স্থানলৈ উত্তীৰ্ণ হয় ৷ উল্লেখ্য যে ইষ্ট বেংগল দলে পৰাজয়ৰ হেট্ৰিকৰ লগতে ইণ্ডিয়ান ছুপাৰ লগত এতিয়ালৈ এটাও গল কৰিবলৈ সক্ষম নাই হোৱা ৷
Comments