Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৫ ডিচেম্বৰ:এইবাৰ বিজ্ঞানৰ আন এক চমক।যি মহাকাশ আমাৰ বাবে সদায় বিস্ময় হৈ আছে সেই মহাকাশতেই কৰা হৈছে মূলাৰ খেতি।ইতিমধ্যে মহাকাশত কৰা মূলাৰ খেতিৰ ভিডিঅ নাছাই শ্বেয়াৰ কৰিছে।
এই সন্দৰ্ভত ছচিয়েল মিডিয়াৰ যোগেদি নাচাই জানিবলৈ দিয়া অনুসৰি,মাটিৰ অবিহনে বিশেষ বৈজ্ঞানিক পদ্ধতিৰে এই মূলাৰ খেতি কৰা হৈছিল।মূলা অতি সোনকালে আৰু দ্ৰুতগতিত বৃদ্ধি হয়।৩০ নৱেম্বৰত আন্তৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনত সফলভাৱে মূলাৰ খেতি হৈ উঠে।
উল্লেখযোগ্য যে,এই সফলতাৰ পাছত মহাকাশত আন খাদ্যৰ খেতিৰ পৰীক্ষণৰ বাবে মহাকাশ বিজ্ঞানী সকল সাজু হৈছে।
Comments