দিখৌমুখ ,নিজাপ্ৰতিবেদক ৫ ডিচেম্বৰ: বিশ্ব ভূমি দিৱসৰ লগত সঙ্গতি ৰাখি আজি অসম কৃষি বিশ্ববিদ্যালয় আৰু নৰৱে’ চৰকাৰৰ সহযোগত দিখৌমুখত ৰূপায়িত জলবায়ু স্থিতিশীল প্ৰকল্পৰ উদ্যোগত স্থানীয় কৃষক সকলৰ সহযোগত বিশ্ব ভূমি দিৱস উদযাপন কৰা হয় ।
এই উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত দিখৌমুখস্থিত সমন্বিত কৃষি পামৰ পৰিচালক তথা জিলা খনৰ এজন উদ্যোগী কৃষক জয়ন্ত দত্তৰ বিশেষ তৎপৰতাত কোৱৰপুৰ মৌজা আৰু জকাইছুক মৌজাৰ সীমামূৰীয়া গুৱাল গাঁৱৰ পাৰঘাটত শতাধিক কৃষকৰ উপস্থিতিত উদযাপন কৰা ভূমি দিৱসত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী গৱেষণা সঞ্চালক ড:মৃণাল শইকীয়া ,কৃষি বিজ্ঞানী তথা ’আপাৰ্ট’(APART)ৰ নডেল বিষয়া ড: ৰূপম বুঢ়াগোহাঁই, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড: তপন জ্যোতি ঘোষ, আৰু কৃষি বিজ্ঞানীদ্বয় ড: সঞ্জয় কুমাৰ চেতিয়া ড: প্ৰদীপ দে মূখ্য অতিথিৰূপে অ্ংশগ্ৰহন কৰা অনুস্থানটিত আৰু বহু কেইজন কৃষি বিজ্ঞানী উপস্থিত থকি ভূমিৰ গুৰুত্ব আৰু ইয়াৰ উৰ্বৰা শক্তি অটুট ৰাখিবলৈ কৃষকসকলে ল'ব লগা যত্নৰ বিষয়ে বহলাই বাখ্যা দাঙি ধৰে।
দিখৌমুখ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ কুমাৰ দত্ত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা উক্ত অনুস্থানত কৃষি বিজ্ঞানী সকলে স্থানীয় কৃষক সকলৰ কৃষি সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ।
Comments