Classifieds
View All
আমগুৰি, ডিচেম্বৰ: শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ এখন গুৰুত্ব পূৰ্ণ কৰ্যনিৰ্ব্বাহক সভা আজি জিলা কাৰ্যলয়ত অনুষ্ঠিত হৈ যায়৷ জিলা সভাপতি সোমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যব্যাখ্যা কৰে সম্পাদক জয় জ্যোতি গগৈয়ে৷
সভাত অহা ২০ ডিচেম্বৰত শিৱশাগৰত হব লগা অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ ৰাজ্যিক কাযনিৰ্বাহক সভাৰ সম্পৰ্কত আলোচনা কৰা হয়৷ এই সভাতে অহা ২০ ডিচেম্বৰত ৰাজ্যিক কাৰ্যনিৰ্বাহকত দুগৰাকী জেষ্ঠ্য সাংবাদিক ক্ৰমে প্ৰদীপ দত্ত আৰু দুৰ্লভ বুঢ়াগোহাইক সম্বৰ্দ্ধনা জনোৱাৰ সিদ্ধান্ত কৰা হয়৷ এই সভাতে অহা ২৩আৰু ২৪ জানুৱাৰী২০২০ত শিৱসাগৰ জিলা সংস্থাৰ অধিবেশন অনুষ্ঠিত কৰা হব বুলি সিদ্ধান্ত কৰা হয়৷ এই উপলক্ষত মনোজ বৰঠাকুৰক সভাপতি জয়জ্যোতি গগৈক সাধাৰণ সম্পাদক ভৈৰৱ মুণ্ডা আৰু সমীৰন বৰদলৈক যুতীয়া সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷
Comments