গুৱাহাটী, ৫ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ ডিচেম্বৰত ভাৰতৰ নতুন সংসদ ভৱনৰ আধাৰ-শিলা স্থাপন কৰাৰ লগতে ভূমি পূজন কৰিব ৷ এই বিষয়ত এজন জেষ্ঠ বিষয়াই দিয়া তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন সংসদ ভৱনৰ আধাৰ-শিলা স্থাপন কৰিবলৈ লগতে ভূমি পূজন কৰিবলৈ নিমন্ত্ৰন দিয়া হৈছে ৷ লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি এই নিমন্ত্ৰণ জনাইছে ৷
নতুন সংসদ ভৱনত বৰ্তমান সময়ত লোকসভাৰ মুঠ ৫৪৩খন আসন ক্ষমতাৰ বিপৰীতে নতুন সংসদ ভৱনত লোকসভাৰ আসন ক্ষমতাৰ সংখ্যা হ’ব ৮৮৮জন ৷ আনহাতে ৰাজ্যসভাৰ আসন ক্ষমতা বর্তমান ২৪৫খনৰ বিপৰীতে নতুন সংসদ ভৱনত আসন ক্ষমতা হ’ব ৩৮৪খন ৷
চেক্ৰেটাৰী জেনেৰেল উৎপল কুমাৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ভাৰতৰ ৭৫সৎখ্যক স্বাধীনতা দিৱস জাতে নতুন সংসদ ভৱনত পালন কৰিব পাৰি তাৰ বাবে দুটা বছৰৰ ভিতৰতে ইয়াৰ কাম শেষ কৰিবলৈ চেষ্টা কৰা হ’ব ৷
Comments