ডিমৌ:,৫ ডিচেম্বৰ:আজি ডিমৌত ডিমৌ নগৰৰ অন্তৰ্গত ব্যৱসায়ী আৰু আৱাসিক অঞ্চল সমূহত এলপাইন এন. জি. অ. ৰ দ্বাৰা ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰা কামৰ শুভ উদ্ধোধন কৰি ডাষ্টবিন বিতৰণ কৰা হয়।
আনহাতে, আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকে ডিমৌৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈ, ডিমৌ নগৰ উন্নয়ন সমিতিৰ ব্ৰেণ্ড এম্বেচাদৰ শেখৰজ্যোতি দুৱৰী, ডিমৌ নগৰ মণ্ডলৰ সভানেত্ৰী পল্লবিতা গগৈ, ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ সভাপতি সঞ্জীৱ বৰুৱা, নিতাই পানীদিহিং মণ্ডলৰ নবীন গগৈ, সঞ্জীৱ বৰুৱাকে আদি কৰি বহুকেইজন গন্য-মান্য ব্যক্তি।
ডিমৌৰ স্বচ্চ ভাৰত অভিযান মিছনৰ ব্ৰেণ্ড এম্বেচাদৰ শেখৰজ্যোতি দুৱৰীয়ে সভাখনৰ আদৰণি ভাষণত ডিমৌ অঞ্চলৰ প্ৰতিজন ব্যৱসায়ীক আজি প্ৰদান কৰা দাষ্টবিন সমূহৰ সঠিক ব্যৱহাৰ কৰি নগৰখন চাফ-চিকুন কৰি ৰাখিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও ডিমৌৰ ৰাজহ চক্ৰ বিষয়া তথা ডিমৌ পৌৰসভাৰ কাৰ্যকৰী বিষয়া ইণ্ডিকা গগৈয়ে নগৰখন চাফ-চিকুন কৰি ৰখা, শেহতীয়াকৈ ডিমৌ নগৰৰ সদাব্যস্ত অঞ্চল সমূহত লগোৱা চি চি টি ভিৰ বিষয়ে আৰু ডিমৌৰ দৈনিক বজাৰৰ পাছফালৰ ঠাইসমূহ চাফ-চিকুন কৰাৰ বিষয়ে অৱগত কৰে।
লগতে ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ সভাপতি সঞ্জীৱ বৰুৱাই ডিমৌ নগৰ অঞ্চলটো চাফ-চিকুন কৰি ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ অনুৰোধ জনায় সভাত উপস্থিত ব্যৱসায়ী সকলক। আজিৰ এই অনুস্থানটিতে ডিমৌ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈৰ উপস্থিতিত ডিমৌ নগৰ অঞ্চলৰ প্ৰতিজন ব্যৱসায়ীক দুটাকৈ দাষ্টবিনো প্ৰদান কৰা হয়।
Comments