Classifieds
View All
গুৱাহাটী, ৫ ডিচেম্বৰ: আজি সন্ধিয়া বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিলৰ (বিটিচি) নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সমাপ্ত হয় ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাস্কা জিলাত অনুষ্ঠিত হ’ব। যদি কিবা কাৰণত ৭ ডিচেম্বৰত ভোটদান সম্ভৱ নোহোৱা স্থানত ৮ডিচেম্বৰত পুনৰ এবাৰ ভোটদান হ’ব ৷
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰি চিৰাং জিলাত ৷ যদি কিবা কাৰণত ১০ ডিচেম্বৰত কোনো স্থানত ভোটদান সম্ভৱ নহয় তেন্তে ১১ডিচেম্বৰত পুনৰ এবাৰ ভোটদান হ’ব ৷
দুয়োটা পৰ্যায়ৰ ভোটগণনা ১২ ডিচেম্বৰত পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা আবেলি ৪ বাজি ৩০ মিনিটলৈ হ’ব ৷
Comments