মঙলদৈ,৫ ডিচেম্বৰঃ কোনো বিভেদকামী শক্তিয়ে যাতে জিলাখনৰ শান্তি-শৃংখলা বিনষ্ট কৰিব নোৱাৰে, সেই উদ্দেশ্য আগত ৰাখি শনিবাৰে দৰং আৰু ওদালগুৰিৰ সীমামূৰীয়া পানবাৰীত স্হানীয় আৰক্ষী চকীত দৰং জিলা অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ এখন নিৰাপত্তামূলক সজাগতা সভা অনুষ্ঠিত হৈ যায় ।
উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকা, চক্ৰ বিষয়া শৰৎ গগৈ, আৰক্ষী পৰিদৰ্শক, পানবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, পঞ্চায়ত-প্ৰতিনিধি, গাঁওবুঢ়া, ভি ডি পি আদি উপস্থিত থকা এই সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই কোনো বিভেদকামী শক্তিয়ে যাতে জিলাখনৰ জনসাধাৰণক প্ৰৰোচিত কৰিব নোৱাৰে, তাৰবাবে সকলোলোককে সদা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।
তেওঁ কয় যে কোনো কাৰণতে জিলাখনৰ শান্তি-শৃংখলা বিনষ্টকাৰী শক্তিক প্ৰশ্ৰয় দিয়া নহ'ব আৰু এনে কোনো অভিযোগ পালে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । পঞ্চায়তৰ প্ৰতিনিধি আৰু গাওঁবুঢ়াসকলক এই ক্ষেত্ৰত সততে সচেতন হৈ প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়।
Comments