লালুক,৭ ডিচেম্বৰঃ অসমৰ জনপ্ৰিয় গহনা ডিজাইনৰ আৰু বিক্ৰী প্ৰতিষ্ঠান দুগদুগীয়ে লকডাউনত আয়োজন কৰা অসম কন্যা ২০২০ প্ৰতিযোগিতাৰ মূল খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে লালুকৰ বোৱাৰী জুমি চৌধুৰী বৰুৱাই৷
লালুকৰ অন্যতম প্ৰতিষ্ঠান পেৰেডাইচ ক্ৰিয়েছনৰ স্বত্বাধিকাৰী চমৃত বৰুৱাৰ পত্নী জুমি চৌধুৰী বৰুৱাক ৬ ডিচেম্বৰত দুগদুগীৰ গুৱাহাটীৰ প্ৰতিস্থানত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত এই অসম কন্যা ২০২০ খিতাপ প্ৰদান কৰে দুগদুগীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট গহনা ডিজাইনাৰ উৎপল বনিয়াই৷
জানিব পৰা মতে এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৭৮০ গৰাকী প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিছিল৷ উল্লেখযে চুটি ছবি আৰু ভিডিঅ গীতৰ অভিনেত্ৰী জুমি চৌধুৰী বৰুৱাই চলিত বৰ্ষতে লখিমপুৰৰ বৰ্হমথুৰি গহনা প্ৰতিষ্ঠানে আয়োজন কৰা শাৰদী ৰাণী ২০২০ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি শাৰদী ৰাণীৰ মূল খিতাপ পাবলৈ সক্ষম হৈছিল৷ জুমি চৌধুৰী বৰুৱাৰ এই সাফল্যত শুভেচ্ছা জনাইছে বিভিন্নজনে৷
Comments