Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১০ ডিচেম্বৰ:এইখন ভাৰততে সংঘটিত হৈছে আন এক জঘন্য কাণ্ড।মংগলবাৰে ৰাতি স্বামীৰ সৈতে বজাৰৰ পৰা ওভতি অহাৰ সময়তে স্বামীৰ সন্মুখতে এগৰাকী মহিলাক ১৭ জন লোকে বলাৎকাৰ কৰে।ঝাৰখণ্ডৰ দুমকা জিলাৰ মুফাচচিল থানাৰ অন্তৰ্গত এক এলেকাত ঘটনাটো সংঘটিত হৈছে।
বুধবাৰে মহিলাগৰাকীয়ে আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰিছে।মহিলা গৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, স্বামীক বান্ধি লৈ ১৭ জন লোকে মহিলাগৰাকীক ধৰ্ষণ কৰে।মহিলাগৰাকীৰ স্বামীক বন্দী কৰি অভিযুক্তকেইজনে আক্ৰমণো কৰে।
উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে আৰক্ষী মহানিৰ্দেশকলৈ পত্ৰ প্ৰেৰণ কৰি দুটামাহৰ ভিতৰত তদন্ত সমাপন কৰিবলৈ অনুৰোধ জনাইছে।ইতিমধ্যে আৰক্ষীয়ে এজন লোকক চিনাক্ত কৰি আটক কৰিছে।
Comments