লালুক,১০ ডিচেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নাওবৈছা বিধানসভা সমষ্টিৰ নাওবৈছা আৰু কৰুণাবাৰী মণ্ডল সমিতিৰ সহযোগত লালুক গণ ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰি জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱা ই অসম আন্দোলনৰ মহান বীৰ শ্বহীদ সকলক সুঁৱৰি ভাষণ আগবঢ়ায়।
আজি শ্বহীদ দিৱসত উদযাপন সমিতিৰ আহ্বায়ক দুলাল দত্ত , সহ আহ্বায়ক দিব্যজ্যোতি হাজৰিকা, সহযোগিতা আগবঢ়োৱা মণ্ডল সভাপতি ভবেন শইকীয়া আৰু ৰঞ্জিত পাৱে , জিলা সমিতিৰ উপ সভাপতি শ্যামল শৰ্মা, জিলা কোষাধাক্ষ সূৰ্য বৰুৱা, জিলা সাধাৰণ সম্পাদক দ্বয় দুল শইকীয়া ও ডিম্বেশ্বৰ গগৈ ,জিলা সমিতিৰ সম্পাদক ডঃ নিপেন বৰা, সঞ্জীৱ দত্ত, পল্লৱী গোহাঁই, সংখ্যা লঘু মৰ্চাৰ জিলা সভাপতি চামছুল হুছেইন, মহিলা মৰ্চা জিলা সভানেত্ৰী ইলি দত্ত,জিলা উপ সভানেত্ৰী ৰুমী দত্ত, মহিলা মৰ্চাৰ জিলা সাধাৰণ সম্পাদিকা নিজৰা বৰা, কিষাণ মৰ্চাৰ জিলা সভাপতি প্ৰমেন ভূঞা, কিষাণ মৰ্চাৰ সম্পাদক কমল চেত্ৰী, লখিমপুৰ মণ্ডলৰ সভানেত্ৰী অনু শইকীয়া , নাওবৈছা উন্নয়ন খণ্ডৰ সভানেত্ৰী পূৰবী মজুমদাৰ , গাভৰু জিলা পৰিসদ সদস্য অনন্ত নেওগ, উত্তৰ লালুক গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিজু শইকীয়া, কিষাণ মৰ্চাৰ ৰাজ্যিক সদস্য জগদীশ গুপ্তা আৰু জয়ন্ত দত্ত, দুয়োটা মণ্ডলৰ সাধাৰণ সম্পাদক সকল দুলু মহন্ত, তেজেন বৰা, যুৱ মৰ্চাৰ কৰুণাবাৰী মণ্ডল সভাপতি মনোজ বৰুৱা, ৰাজ্যিক শিপিনী কোষৰ আহ্বায়ক গোবিন শইকীয়া, জিলাৰ বিভিন্ন পঞ্চায়ত ৰ দলীয় নির্বাচিত জন প্ৰতিনিধি সকল, জিলা সমিতিৰ কার্যকৰ্তা বিষয় ববীয়া সকল, নাওবৈছা আৰু কৰুণাবাৰী মণ্ডল বিষয় ববীয়া ও মণ্ডল মৰ্চাৰ সমূহৰ সভাপতি, বুথৰ সভাপতি, জ্যেষ্ঠ কার্যকৰ্তা উপস্থিত থাকে।
Comments