মঙলদৈ ১০ ডিচেম্বৰঃ ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি ইলোৰা বিজ্ঞান মঞ্চ, দৰং জিলাৰ উদ্যোগত মঙলদৈত বৃহস্পতিবাৰে অন্ধ বিশ্বাস আৰু কু সংস্কাৰ বিৰোধী দিৱস উদযাপন কৰা হয়।
প্ৰিমিয়াৰ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত বিশিষ্ট পদাৰ্থবিদ তথা মঙলদৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী ড০ খলিলুৰ ৰহমানৰ সঞ্চালনাত এই উপলক্ষে অনুষ্ঠিত সভাত বিশিষ্ট শল্য চিকিৎসক, চিন্তাশীল লেখক ডা০ ৰামকান্ত বৰা, বিশিষ্ট ৰসায়নবিদ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনয় শৰ্মা, বিশিষ্ট সমাজকৰ্মী মদন কুমাৰ আদি বক্তা সকলে বৈজ্ঞানিক মানসিকতাৰ প্ৰতি সকলোকে আগ্ৰহ জন্মাই সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰ্মূল কৰাতো প্ৰয়োজন সেই বিষয়ত আলোকপাত কৰে।
ইয়াৰ পৃৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যাত ইলোৰা বিজ্ঞান মঞ্চ, দৰঙৰ সম্পাদিকা ৰুমা অধিকাৰী কুমাৰে হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু দৰ্শনত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী জাগৰণৰ প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰে। ।
Comments