Cartoon
View Older
গুৱাহাটী, ১৮ ডিচেম্বৰ: বেয়ার্ণ মিউনিখৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট লোৱানডস্কিলৈ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হৈছে ৷ এই সন্মানত যুঁজত লিয়’নেল মেছি আৰু কৃষ্টীয়ান’ ৰোনাল্ডোক পৰাজিত কৰে ৷
ইংলেণ্ডৰ মহিলা ফুটবলাৰ ডিফেণ্ডাৰ লুচী ব্ৰঞ্জক বৰ্ষশ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে ৷
লিভাৰপুলৰ মেনেজাৰ জুৰগেন ক্লোপলৈ পুৰুষ সকলৰ বৰ্ষটোৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে ৷ মহিলাৰ শাখাত বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান আগবঢ়োৱা হৈছে চাৰিনা উইগম্যানলৈ ৷
বৰ্ষটোৰ শ্ৰেষ্ঠ গলৰ পুষ্কাছ বঁটা আগবঢ়োৱা হৈছে ট’টেনহামৰ ফুটবল ক্লাবৰ খেলুৱৈ দক্ষিণ কোৰিয়াৰ ষ্ট্ৰাইকাৰ চ’ন হুয়েং-মিনলৈ ৷
Comments