প্ৰণৱজ্যোতি দত্ত,২১ ডিচেম্বৰ:আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পাৰে মানৱ জাতি।বৃহস্পতি আৰু শনি গ্ৰহ একেবাৰে ওচৰ চাপি আহিব।৪০০বছৰ পাছত শনি আৰু বৃহস্পতি গ্ৰহ দুটা আজি আটাইতকৈ ওচৰা-ওচৰি হ’ব।এই ধৰণৰ ঘটনাক কনজাংকশ্যন বুলি কোৱা হয়।
সূৰ্যাস্তৰ পিছত পৃথিৱীৰ পৰা দেখা যাব পাৰে সেই বিৰল দৃশ্য।বিজ্ঞানীসকলৰ মতে, ভাৰতত আজি সন্ধিয়া ৬-৩০ বজাৰ পৰা ৭-৩০ বজাৰ ভিতৰত দক্ষিণ-পশ্চিম আকাশত এই বিৰল দৃশ্য দেখা যাব।বৃহস্পতি আৰু শনি গ্ৰহৰ মাজত মাত্ৰ ০.১ ডিগ্ৰীৰ দুৰত্ব হ’ব।গ্ৰহ দুটা ইমানেই কাষ চাপি আহিব যে পৃথিৱীৰ পৰা ইয়াক খালী চকুৰে দেখা পোৱা যাব।
উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বে ১৭ শতাব্দীত বিখ্যাত জ্যোতিৰ্বিদ গ্যেলিলিওৰ জীৱনৰ পিছত এই ঘটনা ঘটিছিল।এই ধৰণৰ ঘটনা কোনো ব্যক্তিৰ জীৱনকালত এবাৰেই হয়।ইয়াৰ পূৰ্বে ১৬২৩ চনৰ ১ জুলাইত এই দুটা গ্ৰহ ওচৰ চাপিছিল।
Comments