যোৱা এক দশকমান আগৰে পৰাই হাতী-মানুহৰ সংঘাতে তীব্র সন্ত্রাসৰ সৃষ্টি কৰি অহাৰ বিষয়ে বৈদ্যুতিন আৰু মুদ্রণ মাধ্যমৰ জৰিয়তে সময়ে সময়ে সম্প্রচাৰ হৈ আহিছে৷ হাতীয়ে খাদ্যৰ সন্ধানত নিজৰ চৰণীয়া বনাঞ্চলৰ পৰা জনবসতি অঞ্চললৈ আহি মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি ধবংস কৰাৰ লগতে ধান, মাহ, সৰিয়হ, কলগছ, মাটিকঁঠাল ইত্যাদিৰ উপৰি চাহ বাগিচাও তহিলং কৰি আহিছে৷
হাতীয়ে ইমানতে ক্ষান্ত নাথাকি সন্মুখ সমৰত অৱতীর্ণ হৈ বহু লোকৰ ইতিমধ্যে প্রাণ ল’বলৈও বাধ্য হৈছে৷ ইয়াৰ বিপৰীতে গঞা ৰাইজৰ কোনোৱে বিদ্যুৎ পৰিবাহী তাঁৰেৰে হাতীক বাধা দিয়াৰ প্রচেষ্টা চলাওঁতে কেতিয়াবা হাতীৰ গাত বিদ্যুৎ প্রৱাহিত হৈ হাতীৰ মৃত্যু হৈছে৷ গঞা ৰাইজে হাতীৰ জাকক ভীতিগ্রস্ত কৰি খেদি পঠোৱাৰ কাৰণে টিং, ধাম বজাই, শিলগুটি দলিয়াই আৰু জুইৰ শিখা আনকি ধনু-কাঁড় ব্যৱহাৰ কৰি আহিছে যদিও হাতী-মানুহৰ সংঘাত কমক চাৰি দিনক দিনে বাঢ়িহে আহিছে৷
চৰকাৰৰ বন বিভাগৰ গুৰু দায়িত্ব আছে যদিও বিভাগটোৰ নিষ্ত্রুিয়তা আৰু উদাসীনতাৰ কাৰণে এই সন্দর্ভত সঠিক পদক্ষেপ লোৱাৰ পৰিৱর্তে মাজে-সময়ে সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্বত থকা বনকর্মীসকলে ৰাইজক দেখুওৱাৰ কাৰণে অবৈজ্ঞানিক বিভিন্ন উপায়েৰে হাতী খেদাৰ আখৰাহে কৰি আহিছে৷ আনফালে সম্প্রতি হাতী-মানুহৰ সংঘাতে এনে তীব্র ৰূপ ধাৰণ কৰিছে যে হাতীৰ জাকৰ উপদ্রৱৰ পৰা জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবৰ বাবে ৰাজ্যখনৰ কেইখনমান জিলাৰ হাতী চৰণীয়া বনাঞ্চলৰ আশে-পাশে থকা গঞা ৰাইজে দৈনিক ৰাতি পহৰা দি বিনিদ্র ৰজনী কটাবলগীয়া হৈছে৷
হাতী-মানুহৰ সংঘাতত হাতীতকৈ মানুহৰ মৃত্যুৰ সংখ্যা অধিক হোৱাটো এতিয়া যেন তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে৷ আমাৰ এই লেখাটোত হাতী- মানুহৰ সংঘাতৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ কিবা উপায় আছে নেকি, সেই বিষয়ে আলোচনা কৰিবলৈ বিচৰা হৈছে৷
গৰিষ্ঠসংখ্যকৰ মতে হাতীৰ চৰণীয়া বনাঞ্চল মানুহৰ দ্বাৰা বেদখল হৈ সংকুচিত হৈ অহাৰ পৰিপ্রেক্ষিতত খাদ্যৰ নাটনি হোৱাৰ কাৰণেহে হাতীয়ে জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত আহি উপদ্রৱ কৰে৷ গৰিষ্ঠসংখ্যকৰ এনে মতৰ সৈতে আমি একমত হৈও ক’ব খোজো যে হাতীয়ে বিচৰণ কৰা অসমত এনে কিছুমান সংৰক্ষিত বনাঞ্চলো আছে য’ত মানুহৰ দ্বাৰা বেদখল হৈ সংকুচিত হোৱা নাই অথচ বৃহৎ হাতীৰ জাকে ওচৰৰ জনবসতি অঞ্চললৈ আহি প্রায়েই উপদ্রৱ কৰি থাকে৷
ইয়াৰ কাৰণ অনুধাৱন কৰিলে জনা যাব যে বহু বছৰ আগৰ পৰাই হাতীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাই অহাৰ ফলত হাতীৰ চৰণীয়া বনাঞ্চলত খাদ্যৰ নাটনি হোৱাত এনে ঘটনা হ’বলৈ পাইছে৷ যিদৰে কোনো জনবসতি অঞ্চলত জনবিস্ফোৰণ হ’লে মানুহে জীৱিকাৰ কাৰণে অইন ঠাইলৈ প্রব্রজন কৰিবলৈ বাধ্য হয়, ঠিক সেইদৰে হাতীৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চৰণীয়া বনাঞ্চলত হাতীৰ সংখ্যানুপাতে খাদ্যৰ নাটনি হ’লে ওচৰৰ জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত যাবলগীয়া হোৱাটো স্বাভাৱিক৷ হাতীৰ সংখ্যা জৰীপ কৰিলে
এইটো স্পষ্ট হৈ পৰিব যে কোনো এখন বনাঞ্চলত যদি এক দশক আগেয়ে হাতীৰ জাকত ৩০টা হাতী আছিল, তেন্তে সেয়া দহ বছৰৰ পাছত প্রজননৰ দ্বাৰা বৃদ্ধি হৈ হয়তো হৈছে ৬০-৯০টা৷ অর্থাৎ প্রজননৰ দ্বাৰা হাতীৰ সংখ্যা বৃদ্ধি পাই থকাত হাতীৰ বর্দ্ধিত সংখ্যানুপাতে খাদ্যৰ নাটনি হোৱাত খাদ্যৰ সন্ধানত ওচৰৰ জনবসতি অঞ্চললৈ সঘনাই ঢাপলি মেলিবলগীয়া হৈছে৷ সেয়েহে হাতীৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত খাদ্যৰ নাটনি হোৱাত হাতীয়ে খাদ্যৰ সন্ধানত জনবসতি অঞ্চললৈ আহিবলৈ বাধ্য হৈ উপদ্রৱ কৰিবলগীয়া হোৱাটোৱেই হাতী -মানুহৰ সংঘ্যাতৰ অন্যতম কাৰণ৷
কুৰি শতিকাৰ প্রায় সত্তৰ দশকৰ মাজভাগলৈ গ্রামাঞ্চলৰ একাংশ ধনৱান লোকে প্রশিক্ষণপ্রাপ্ত হাতীৰ সহায়ত হাতীৰ মাউত আৰু ফান্দিৰ দ্বাৰা হাতীৰ চৰণীয়া বনাঞ্চলৰ পৰা হাতীৰ পোৱালি ধৰি আনি প্রশিক্ষণ দিছিল়, ঘৰচীয়া কৰি গধুৰ কাঠৰ টুকুৰা বনাঞ্চলৰ পৰা আন ঠাইলৈ কঢ়িওৱা, ট্রাকত বোজাই কৰা, চিকাৰ কৰা ইত্যাদি কামত ব্যৱহাৰ কৰিছিল৷
তেতিয়া বনাঞ্চলৰ পৰা হাতীৰ পোৱালি ধৰি আনি প্রশিক্ষণ দি ঘৰচীয়া কৰি নানা কামত খটুৱাটো নিষিদ্ধ নাছিল়, সেয়ে গ্রামাঞ্চলৰ এনেলোকৰ দ্বাৰা হাতীৰ পোৱালি ধৰি আনি থকাত হাতীৰ সংখ্যা সিহঁতৰ বিচৰণস্থলীত বৃদ্ধি নোহোৱাকৈ সীমিত হৈ আছিল়, ফলত খাদ্যৰ নাটনিৰ সৃষ্টি নোহোৱাত খাদ্যৰ সন্ধানত জনবসতি অঞ্চললৈ আহি উপদ্রৱ কৰা নাছিল৷
কিন্তু চৰকাৰে হাতী ধৰাটো নিষিদ্ধ ঘোষণা কৰাৰ পাছত প্রজননৰ দ্বাৰা হাতীৰ সংখ্যা বৃদ্ধি হৈ আহিছ়ে, আৰু সম্প্রতি হাতীৰ সংখ্যানুপাতে খাদ্যৰ নাটনি হোৱাত হাতীয়ে খাদ্যৰ সন্ধানত জনবসতি অঞ্চললৈ আহি এনেদৰে উপদ্রৱ কৰি থাকিবলৈ বাধ্য হৈছে৷ সেয়েহে হাতী-মানুহৰ সংঘাতৰ পৰা পৰিত্রাণ পাবৰ কাৰণে চৰকাৰে তলৰ যিকোনো এটা ব্যৱস্থা অনতিবিলম্বে গ্রহণ কৰা উচিত বুলি ভাবোঁ৷
(ক) হাতীৰ বিচৰণ ভূমিত অর্থাৎ চৰণীয়া বনাঞ্চলৰ হাতীৰ সংখ্যা বৃদ্ধিয়ে যাতে খাদ্যৰ নাটনিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে প্রয়োজন অনুসৰি হাতীৰ জন্ম নিয়ন্ত্রণৰ ব্যৱস্থা গ্রহণ কৰা৷
(খ) হাতীৰ সংখ্যা সীমিতকৰণ কৰাৰ কাৰণে জীৱ বিজ্ঞানী গৱেষকসকলৰ সৈতে চর্, পৰামর্শ কৰি আমাৰ ওপৰঞ্চি হাতীসমূহ আন্তর্তিক পর্যায়ত হাতীৰ চাহিদা থকা দেশলৈ ৰপ্তানিৰ ব্যৱস্থা কৰা৷
(গ) বন বিভাগ, কৃষি বিভাগৰ সৈতে যৌথভাৱে হাতীৰ চৰণীয়া সকলো বনাঞ্চলৰ নিচেই কাষতে হাতীয়ে যাতে প্রয়োজনীয় খাদ্য খাব পাৰে তাৰ কাৰণে অনতিপলমে এশ বিঘা ভূমিত ধান, মাহ, সৰিয়হ, কলগছ, মাটিকঁঠাল আদিৰ আছুতীয়াকৈ খেতি কৰাৰ ব্যৱস্থা গ্রহণ কৰা, যাতে হাতীয়ে জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত যাবলগীয়া নহয়৷
Comments