এটা সময় আছিল য'ত অতিথি 'আমুৰ ফেলকন'ৰ মাংসৰ তৃপ্তি লৈছিল| কিন্তু এতিয়া সেই আমুৰ ফেলকন (Amur Falcon) সংৰক্ষণ আৰু নিৰীক্ষণৰ জৰিয়তে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ একাংশ স্থানীয় বাসিন্দাই অৰ্থ উপাৰ্জন কৰিছে| অৰ্থৰ সমান্তৰালভাৱে আৰ্জিছে বিশ্ববাসীৰ সন্মান | স্থানীয় নাগৰিকৰ বিচাৰধাৰা বা সামাজিক আচৰণৰ সামান্য সলনিয়ে পৰিভ্ৰমী পক্ষীকুলক সুৰক্ষা দিয়াৰ উপৰি বহু লোকৰ সন্মানজনক উপাৰ্জনৰ পথো মুকলি কৰিলে|
এতিয়া নাগালেণ্ডৰ বিশেষকৈ ৱখা জিলাৰ স্থানীয় লোকসকলে আমুৰ ফেলকন অহালৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে| তেওঁলোকৰ দৰে উত্তৰ-পূব ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পক্ষীপ্ৰেমীসকলেও অধীৰ আগ্ৰহেৰে বাট চাই থাকে আলহী চৰাইজাক অহালৈ| আনকি 'আমুৰ ফেলকন ফেষ্টিভেল'ৰো আয়োজন কৰা হয় চুবুৰীয়া ৰাজ্যখনত| প্ৰতি বছৰে প্ৰায় 22 হাজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰা এই এটা পৰিভ্ৰমী চৰাই প্ৰজাতিয়ে মাত্ৰ কেইটামান বছৰৰ ভিতৰত অঞ্চলটোৰ অৰ্থনৈতিক ৰূপৰেখা সলনি কৰি দিছে|
অসমতো বিশেষকৈ ডিমা হাচাও, কাৰ্বি আংলং, মৰিগাঁও আৰু তিনিচুকীয়াত আমুৰ ফেলকনক লৈ পৰ্যটন গঢ় লৈ উঠিব পাৰে | ইতিমধ্যে ডিমা হাচাওৰ উমৰাংচ'ত 'ফেলকন ফেষ্টিভেল' আৰম্ভ হৈছে| আনহাতে, কাৰ্বি আংলঙৰ হাৱাঙতো ফেলকনক কেন্দ্ৰ কৰি পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে; কিন্তু এতিয়ালৈ এই ক্ষেত্ৰত বিশেষ পদক্ষেপ দৃষ্টিগোচৰ হোৱা নাই|
উল্লেখ্য, 'হোৱাইট-বেলিড হেৰন'ৰ নামৰ চৰাই প্ৰজাতি এটা আছে| ভাৰতত ইয়াৰ একমাত্ৰ প্ৰজনন স্থল হৈছে অৰুণাচল প্ৰদেশৰ নামডাফা| সম্প্ৰতি নামডাফাত এই চৰাইটোক কেন্দ্ৰ কৰি পৰ্যটন গঢ় লৈ উঠিছে | মানাহতো এই চৰাইবিধ পোৱা যায় | এয়া মাথোঁ দুটা চৰাই প্ৰজাতিৰ উদাহৰণহে| এই ঘটনাই পক্ষী নিৰীক্ষণৰ বহুমুখী দিশটোৰ গুৰুত্ব প্ৰকট কৰিছে|
পৰিবেশ, বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰখনত পক্ষী নিৰীক্ষণক এক বুনিয়াদী স্তৰ হিচাপে গণ্য কৰা হয়| চৰাই কেৱল ভোগ বা মনোৰঞ্জনৰ সামগ্ৰীয়েই নহয়| চৰায়ে পৰোক্ষভাৱে চিন্তাৰ দুৱাৰ মুকলি কৰা বাবেহে মানৱ সমাজৰ প্ৰগতিৰ বহু উল্লেখনীয় সাফল্য সম্ভৱ হৈছে | মই অনুভৱ কৰো যে একাংশ লোকৰ বাবে চৰাই নিৰীক্ষণো সুন্দৰ পেচা হ'ব পাৰে| তেনে উদাহৰণ অসমত বৰ তাকৰ নহয়| সুখৰ খবৰ যে তেনে পেচাদাৰী পক্ষী নিৰীক্ষকৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িবলৈ ধৰিছে| দেওহাঁহ (White-winged Wood Duck ), উলুমৰা( Bengal Florican ), হাড়গিলা (GreaterAdjutant Stork ), শগুন ( Vultures ), White-billied Heron, Spoon-billed Sandpiper আদি গুৰুতৰভাৱে বিপন্ন ( Critically Endangered) বা বিলুপ্তপ্ৰায় (Endangered) চৰাইৰ আৱাসস্থান অসমত চৰাইকেন্দ্ৰিক পৰ্যটনৰ সম্ভাৱনা প্ৰচুৰ | ইয়াৰ উপৰি, ধনেশৰ (Hornbill) ভিন্ন প্ৰজাতিকে ধৰি আন দেশত নোপোৱা, আমাৰ ভিন্ন আৱাসস্থানত থকা সৰু-বৰ চৰাই প্ৰজাতিবোৰৰ প্ৰতি বিদেশৰ পৰ্যটকৰ আকৰ্ষণ অধিক | আমি সদায় দেখি থকা চৰাই এটা নিজ চকুৰে এবাৰ চোৱাৰ হেঁপাহৰ বাবে এচাম পৰ্যটকে দিনৰ পিছত দিন অতিবাহিত কৰিবলৈ প্ৰস্তুত থাকে| প্ৰসংগক্ৰমে কওঁ যে অসমত প্ৰায় 950 প্ৰজাতিৰ চৰাই পোৱা যায়| এই অঞ্চলৰ জীৱ-ভৌগোলিক অৱস্থিতিয়ে চৰাইৰ বৈচিত্ৰ্যক অন্য মাত্ৰা প্ৰদান কৰিছে| আনহাতে, পৰিভ্ৰমী চৰাই অহা পথৰ (migratory birds flyway) দুটা আকাশী পথ- East Asian-Australasian Flyway আৰু Central Asian Flyway অসমৰ আকাশেৰে পাৰ হৈ গৈছে | সেয়ে প্ৰায় 280 প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰো সাময়িক আৱাসস্থান এই অঞ্চল|
অসমৰ আৰ্দ্ৰভূমি, বিল, নৈ-উপনৈ, সংৰক্ষিত বনাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ ৰাজহুৱা বাৰী বা জংগল, চৰণীয়া পথাৰ আদি চৰাইৰ বাসস্থানসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰা উচিত| চৰকাৰে এই দিশত কাৰ্যকৰী নিৰ্দেশনা দিব লাগে| স্থানীয় আগ্ৰহী যুবক-যুৱতীক পক্ষী নিৰীক্ষণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব লাগে | দক্ষতা বিকাশ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তেও এই পদক্ষেপ ল'ব পাৰি| চৰাইৰ লগতে স্থান বিশেষে উপলব্ধ আকৰ্ষণীয় প্ৰাকৃতিক উপাদানক সামৰি প্ৰকৃতি-পৰ্যটনৰ জৰিয়তেও বহু লোকে উপাৰ্জনৰ নতুন পথ পাব পাৰে| অনাগত দিনত আগ্ৰহ, সঠিক পৰিকল্পনাৰ জৰিয়তে চৰকাৰী, বেচৰকাৰী বা ৰাজহুৱা প্ৰচেষ্টাত এনে অনেক সম্ভাৱনাৰ দুৱাৰ খোল খাব বুলি মোৰ বিশ্বাস|
উল্লিখিত দিশৰ উপৰি প্ৰকৃতি/পৰিস্থিতিতন্ত্ৰত চৰাইৰ অবিচ্ছেদ্য ভূমিকাৰ দিশটোও আছে | বহু চৰায়ে পৰাগযোগ ঘটাই ফুলৰ পৰা ফল হোৱাত অৰিহণা যোগায়| কীট নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি অৰণ্যৰ বিস্তাৰ ঘটোৱালৈকে চৰায়ে দিয়া বিনামূলীয়া অৱদানবোৰ আমি মানুহে নিজাববীয়াকৈ কৰিব পাৰিম বুলি নাভাবিব| এয়া সম্ভৱ নহয় | এইবোৰ কাম লাখ-কোটি খৰছ কৰিও মানুহে কৰিব নোৱাৰে | এখন ঠাইত চৰাই থকাটোৱে সেই ঠাইখনৰ সুস্থ প্ৰাকৃতিক ভাৰসাম্যতাক সুচায় | ইয়াক এনেদৰেও ক'ব পাৰি যে চৰাইৰ বিবিধতা থকা ঠাই এখন মানুহৰ বসবাসৰ বাবেও উপযোগী | এইবোৰৰ দিশৰ উপৰি চৰাইৰ লগত সংপৃক্ত আধ্যাত্মিক বা নান্দনিক দিশটোকো অৱজ্ঞা কৰিব নোৱাৰি| কবিতাৰ প্ৰথম শ্লোকৰ সৃষ্টি হেনো এহাল চৰাইৰ অকাল নিধনৰ ফল | চৰাইৰ বাবেই বিহগী কবি ৰঘুনাথ চৌধাৰী,পক্ষীবিদ চালিম আলী আদি নামবোৰ আমাৰ চিনাকি নাম|
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ বহু পক্ষী নিৰীক্ষক তথা 'নেচাৰ গাইড'ক মই ব্যক্তিগতভাৱে জানো, যিসকলক এক-দুই বছৰ আগতে পৰ্যটকে 'বুক' কৰি ৰাখে| ভ্ৰমণৰ সময়ত তেওঁলোকক গাইড হিচাপে পাবলৈ খাটনি ধৰে| আজি পক্ষী নিৰীক্ষণেই হৈ পৰিছে এইসকল নেচাৰ গাইডৰ প্ৰধান জীৱিকা| পক্ষী নিৰীক্ষণেই তেওঁলোকক বিশ্বৰ পৰ্যটকৰ মাজত প্ৰতিষ্ঠিত কৰিছে| সেয়ে মই বিশ্বাস কৰো যে অসমত পক্ষী নিৰীক্ষণ আৰু সংৰক্ষণৰ মাজেৰে বহু নেচাৰ গাইডৰ লগতে স্থানীয় বাসিন্দাসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে| এই সুযোগ সঠিকভাৱে আকোঁৱালি ল'বলৈ একাংশ যুৱক-যুৱতী আগবাঢ়ি আহক|
Email:[email protected]
ফটো- উত্তম শইকীয়া
Comments