গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত যোৱা ১০ জানুৱাৰীত শুভাৰম্ভ হয় ‘তৃতীয় খেল’ ইণ্ডিয়া যুৱ গে’মছ-২০২০’৷ নানাৰঙী পোহৰৰ চমকেৰে উদ্ভাসিত হৈ পৰা সৰুসজাইৰ উখল-মাখল পৰিৱেশত কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী কিৰেন ৰিজিজুৰ উপস্থিতিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেশৰ বৃহৎ ক্রীড়া সমাৰোহখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ইয়াৰ লগে লগে পুনৰ এবাৰ গৌৰৱোজ্জ্বল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল সৰুসজাইৰ এথলেটিকছ ষ্টেডিয়াম আৰু ইয়াত সমবেত হাজাৰ হাজাৰ ক্রীড়াপ্রেমী৷ প্রতিবাদ আৰু অস্থিৰতাৰ মাজতেই এক মায়াময় নান্দনিক পৰিৱেশত ক্রীড়াপ্রেমীৰ উচাহ আৰু সম্ভাষণে সমগ্র ষ্টেডিয়াম ৰজনজনাই তোলে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত, সত্রীয়া নৃত্য, বড়ো, ৰাভা, চাহ জনগোষ্ঠীকে ধৰি কেইবাটাও জাতীয়-জনগোষ্ঠীৰ নৃত্য, বীৰ চিলাৰায় আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী নৃত্যৰ জৰিয়তে উপস্থাপন, শৰাইঘাটৰ ৰণ আদি সুন্দৰভাৱে প্রদর্শন কৰা হয়৷ এক কথাত সৰুসজাইত ৬৮০০ যুৱ খেলুৱৈয়ে চকু ছাট মাৰি ধৰা আলোকসজ্জাৰ মাজতে প্রত্যক্ষ কৰিলে অসমৰ বর্ণিল কৃষ্টি-সংস্কৃতি৷ এনে এক পৰিৱেশত ৰাজ্যখনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ‘খেল’ ইণ্ডিয়া’ মুকলি কৰি কয় যে ক্রীড়াৰ যোগেদি আমি অসমৰ বুকুত শান্তি-সম্প্রীতি, ভাতৃত্ববোধ-বন্ধুত্ব গঢ় দিব লাগিব৷ তেওঁ আৰু কয়– গুৱাহাটীক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ক্রীড়া নীতি গ্রহণ কৰিছে৷ এই ক্রীড়া নীতি অনুসৰি অলিম্পিক, এছিয়াডকে ধৰি আন্তঃৰাষ্ট্রীয় খেলৰ পর্যায়ত গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক নগদ ধন প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে আৰু কার্যকৰী কৰা হৈছে৷ ইতিমধ্যে অনিৰুদ্ধ দেব নামৰ এখন ক্রীড়া বিশ্ববিদ্যালয়, অর্ুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়, আর্ৰী, ফুটবল একাডেমি গঢ় দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷
কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে যিগৰাকী প্রবীণ ক্রীড়াবিদৰ নামত ৰাজ্য চৰকাৰখনে ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিছে, সেইগৰাকী ক্রীড়াবিদ নিজ ৰাজ্যখনত আয়োজিত এনে এক বৃহৎ অনুষ্ঠানত উপেক্ষিত হৈ ৰ’ল৷ ১৯৬৬ চনত বেংকক এছিয়ান গে’ম৲ছত সোণৰ পদক অর্জনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰা এইগৰাকী ক্রীড়াবিদ হৈছে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ প্রথমগৰাকী অর্জুন বঁটা প্রাপক৷ ১৯৬২ চনৰ পৰা ১৯৯২ চনলৈকে এছিয়ান গে’ম৲ছ, নেশ্যনেল গে’ম৲ছকে ধৰি ভালেসংখ্যক ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ক্রীড়া প্রতিযোগিতাত অংশগ্রহণ কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িওৱা ক্রীড়াবিদগৰাকীৰ ওপজা দিনটোত প্রতিবছৰে ৰাজ্যখনত অভিৰুচি ক্রীড়া দিৱস পালন কৰা হয়৷ অথচ এনে এগৰাকী বৰেণ্য খেলুৱৈক আমন্ত্রণ জনাবলৈ আহৰি নহ’ল আয়োজক পক্ষৰ৷ শিৱসাগৰ জিলা প্রশাসনে ‘খেল’ শিৱসাগৰ খেল’’ৰ ব্রেণ্ড এম্বেছেদৰৰূপে নিযুক্তি দিয়া খেলুৱৈগৰাকীক গুৱাহাটীত জাকজমকতাৰে আয়োজিত উদ্বোধনী অনুষ্ঠানত আমন্ত্রণ নজনোৱা বিষয়টো ৰাজ্যবাসীৰ বাবে এক অবুজ সাঁথৰৰ দৰে হৈ পৰিছে৷ ৰাইজৰ মাজত এনে প্রশ্নও উত্থাপিত হৈছে যে সমগ্র ৰাজ্যজুৰি তীব্রতৰ হৈ পৰা কা-বিৰোধী আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰি দিল্লী-দিছপুৰৰ শাসনাধিষ্ঠিত চৰকাৰক এনে জাতিধবংসী আইনখন বাতিল কৰিবলৈ দাবী জনোৱা বাবেই ৰজাঘৰীয়াৰ ৰোষত পৰিল নেকি কিংবদন্তি খেলুৱৈগৰাকী৷ একেদৰেই আন এগৰাকী মহিলা ক্রীড়াবিদ মনালিছা বৰুৱা মেহতাকো আমন্ত্রণ জনোৱা নহ’ল এই অনুষ্ঠানলৈ৷ খেলুৱৈগৰাকীয়ে ইতিমধ্যে এই বিষয়ে দুখ প্রকাশ কৰি কৈছে যে শেষ মুহূর্তলৈ আমন্ত্রণ পোৱাৰ বাবে আশাৰে ৰৈ আমন্ত্রণ নোপোৱা সত্ত্বেও তেওঁ নিজ মাতৃভূমিত অনুষ্ঠিত এই খেল প্রত্যক্ষ কৰাৰ বাবে উপস্থিত হৈছে৷ অসমৰ প্রথমগৰাকী মহিলা অর্জুন বঁটা প্রাপক খেলুৱৈ মনালিছা বৰুৱাক আমন্ত্রণ নজনোৱা বিষয়টোও চিন্তনীয়৷ নিজ মাতৃভূমিক প্রতিনিধিত্ব কৰি ক্রীড়াক্ষেত্রখন ধন্য কৰা এনে প্রবীণ খেলুৱৈ এগৰাকী যদি স্বগৃহতে উপেক্ষিত হয়, তেনেহ’লে সেয়া অতি দুখজনক আৰু লজ্জাজনক বিষয়৷ কাৰণ অসমৰ বাহিৰত অনুষ্ঠিত এনে অনুষ্ঠানৰ বাবেও আমন্ত্রণ পায় এওঁলোকে৷ তেনে ক্ষেত্রত নিজ ৰাজ্যত এখেতসকল বাদ পৰা বিষয়টো কোনোপধ্যে সহজভাৱে মানি ল’ব নোৱাৰি৷ উপেক্ষিত হৈ ৰোৱা ক্রীড়াবিদৰ তালিকাখন হয়তো আৰু দীঘলীয়া হ’ব৷ দেশৰ ভিতৰতে এতিয়ালৈকে দুখনকৈ অলিম্পিকত অংশগ্রহণকাৰী একমাত্র শ্বাটলাৰ অসমৰ আন এগৰাকী সু-সন্তান দীপাংকৰ ভট্টাচার্যকো এই অনুষ্ঠানত দেখা পোৱা নগ’ল৷ তিনিবাৰকৈ ৰাষ্ট্রীয় চেম্পিয়ন, দুবাৰ ৰানার্ছ আপৰ সন্মান লাভ কৰা এইগৰাকী খেলুৱৈয়ো আজি যেন পাহৰণিৰ গর্ভত৷ নতুন প্রজন্মৰ বহুতেই হয়তো এইগৰাকী খেলুৱৈৰ নাম শুনা নাই৷ কিন্তু ভাৰতীয় বেডমিণ্টন দলৰ বর্তমানৰ প্রশিক্ষক পুল্লেলা গোপীচান্দক অতিক্রমি দীপাংকৰে সেই সময়ত দেশৰ বেডমিণ্টন ক্ষেত্রখনত আধিপত্য বিস্তাৰ কৰিছিল৷ পুল্লেলা দুই নম্বৰ ৰেংকিঙৰ বিপৰীতে দীপাংকৰ আছিল শীর্ষস্থানত৷ এনে এগৰাকী খেলুৱৈক লৈয়ো আজি ৰাজ্য চৰকাৰখনে যি ধৰণে ক্রীড়া ক্ষেত্রখনৰ বাবে কাম কৰিব লাগিছিল, সেয়া দেখা নগ’ল৷
চৰকাৰী পক্ষই ইতিমধ্যে অর্জুন ভোগেশ্বৰ বৰুৱাক আমন্ত্রণ নজনোৱা বিষয় সন্দর্ভত ক্ষমা খুজিছে যদিও এনে কৰিয়েই সদায়ে তেওঁলোক সাৰি যাব নোৱাৰিব৷ জাতীয় দায়িত্ব এটা পালন কৰিবলৈ যাওঁতে সম্পূর্ণ নিখুঁত পৰিকল্পনাৰে অতি সতর্কতাৰে আগ বঢ়া উচিত আৰু এই কথা চৰকাৰে জনা দৰকাৰ৷ ৰাইজৰ কণ্ঠক আওকাণ কৰি নিজ মইমতালিৰে কাম-কাজ চলোৱা চৰকাৰখনৰ এনেধৰণৰ ভুল সৰু ভুল বুলি মানি নলয় অসমৰ ৰাইজে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ ৰাইজক খেলৰ পূজাৰী বুলি অভিহিত কৰিছে ঠিকেই, কিন্তু তেওঁলোকেই যদি ৰাজ্যখনৰ ক্রীড়াক্ষেত্রৰ কামিহাড় স্বৰূপ ক্রীড়াবিদসকলক সন্মান কৰাত ব্যর্থ হয়, তেনেহ’লে এনেধৰণৰ বৃহৎ অয়োজন অথলে যাব৷
Comments