Classifieds
View All
সদ্য ঘোষিত জে ই ই মূল পৰীক্ষাত গুৱাহাটীৰ এলেন কেৰিয়াৰ ইনষ্টিটিউটে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ এলেনৰ গুৱাহাটী শাখাৰ ব্রজেশ কুমাৰ যাদৱে জনোৱা মতে ইনষ্টিটিউটৰ ইশান দত্তই অসমৰ লগতে উত্তৰ-পূবৰ ভিতৰত প্রথম স্থান দখল কৰিছে৷
উল্লেখযোগ্য যে দেশৰ ১০০ শতাংশ নম্বৰ লাভ কৰা ৯জন শিক্ষার্থীৰ ভিতৰত ৩জন এলেন কেৰিয়াৰৰ৷ তদুপৰি ১৭জন শিক্ষার্থীয়ে ৯৫ শতাংশ, ৩১জন শিক্ষার্থীয়ে ৯০ শতাংশ, ৩জন শিক্ষার্থীয়ে পদার্থ বিজ্ঞান, ৩জনে ৰসায়ন বিজ্ঞান আৰু ১জনে অংকত ৯৯ শতাংশ নম্বৰ লাভ কৰে৷ ১০০ শতাংশ নম্বৰ লাভ কৰা শিক্ষার্থী কেইজন ক্রমে অখিল জৈন, পার্থ আৰু নিশান্ত আগৰৱাল৷
Comments