‘ৰাস্তাৰ স্পীড-ব্রেকাৰটোৰ সৈতে ধর্মৰ কি সম্পর্ক?’
যুৱকজনৰ প্রশ্নটো শুনি এবাৰ তেওঁৰ মুখলৈ চালোঁ৷ যুৱকজনৰ মুখত উৎকণ্ঠাৰ ছাঁ স্পষ্ট৷ লগে লগেই চকু ঘূৰালোঁ সেই বয়োজ্যেষ্ঠ মানুহগৰাকীলৈ যাক উদ্দেশ্যি যুৱকজনে প্রশ্নটো কৰিছিল৷
...উজনিমুৱা ৰে’ল এখনত ঘটিছিল ঘটনাটো৷ সাধাৰণতে ৰে’ল যাত্রাত মুখামুখি হোৱাৰ নিচিনাকৈ সিদিনাও কৰা বঙাইগাঁৱৰ পৰা নলবাৰীমুখী ৰে’ল যাত্রাত লগ পাইছিলোঁ কথা-বতৰাত মচগুল হৈ থকা অনেক মানুহ৷ মোৰ সন্মুখৰ আসনত বহা মানুহ চাৰিগৰাকীৰ এগৰাকী আছিল মহিলা বাকীবোৰ পুৰুষ৷ যুৱতীগৰাকী খিৰিকীৰ কাষত বহাৰ বিপৰীতে তেওঁৰ কাষতে বহিছিল বয়োজ্যেষ্ঠ লোকগৰাকী৷ তাৰ কাষতে এজন যুৱক আৰু অন্যগৰাকী আদহীয়া লোক৷ ছোৱালীজনীয়ে কিতাপ এখনত মূৰ গুঁজি থকাৰ বিপৰীতে আদহীয়া লোকজনে মোবাইল গে’ম খেলি আছিল৷ আনহাতে, যুৱকজন আৰু জ্যেষ্ঠ নাগৰিকগৰাকীয়ে বঙাইগাঁৱৰ পৰা ৰে’লখনে ঝক৲-ঝক৲কৈ যাত্রাৰম্ভ কৰাৰ খন্তেক পাছৰে পৰা আলাপত মগন হৈ আছিল৷ তেওঁলোকে কথা-বতৰা আৰম্ভ কৰাৰ অলপ পাছতে জ্যেষ্ঠ লোকজনে যুৱকজনৰে চিনাকি কৰাই দিয়াৰ পৰিপ্রেক্ষিতত গম পাইছিলোঁ ছোৱালীজনী তেওঁৰ জীয়েক, মহাবিদ্যালয় এখনত অধ্যাপনা কৰা কন্যাৰ সৈতে বিশেষ এটা সকামত গুৱাহাটীমুখী হৈছে পিতৃ৷
যুৱকজন আৰু বয়োজ্যেষ্ঠ লোকজনৰ মাজৰ কথা-বতৰাত স্থান পাইছিল বিভিন্ন প্রেক্ষাপটে৷ কিন্তু সকলোতে সংপৃক্ত হৈ আছিল ধর্ম বিষয়টো৷ জ্যেষ্ঠ লোকগৰাকীয়ে সংপৃক্ত কৰাইছিল৷ কথা-বতৰা শুনি বহুসংখ্যক ধর্মগ্রন্থ হূদয়ংগম কৰা বুলি মই অনুমান কৰা বয়োজ্যেষ্ঠ লোকজনে আচলতে প্রায়বোৰ কথাতেই প্রসংগক্রমে সংপৃক্ত কৰাইছিল ধর্ম বিষয়টো৷ দুয়োৰে আলাপ ইমানেহ ৻ মনোগ্রাহী হৈ উঠিছিল যে নানা যুক্তি যুৱকগৰাকীয়ে দিয়াৰ পাছতো তেওঁ শেষত বয়োজ্যেষ্ঠ লোকজনৰ যুক্তিত শিৰনত কৰিবলগীয়া হৈছিল ‘হয়, ধর্ম ইয়াৰে জড়িত’ বুলি প্রকাৰান্তৰে মানি ল’বলৈ যুৱকজন বাধ্য হৈছিল প্রতিটো বিষয়তে৷ বয়োজ্যেষ্ঠ লোকগৰাকীৰ মতে আধুনিক বিশ্বত আমাৰ চৌপাশে ঘটি থকা ঘটনাবোৰ, আমি কৰা কামবোৰ, মানি অহা নিয়মবোৰৰ সৈতে প্রত্যক্ষ, পৰোক্ষ অথবা প্রতীকীভাৱে হ’লেও ধর্ম বিষয়টো জড়িত৷ যুৱকজনে নানা প্রয়াস কৰিছিল জ্যেষ্ঠ লোকগৰাকীৰ বক্তব্যক মিথ্যা প্রয়াস কৰিবলৈ৷ সেইমতে তেওঁ উত্থাপন কৰিছিল নানানটা প্রসংগ৷ কিন্তু প্রতিবাৰেই যুৱকজন হাৰিছিল যুক্তিত হঠাতে যুৱকজনে জ্যেষ্ঠ নাগৰিকজনক উদ্দেশ্যি প্রশ্ন কৰিছিল
‘মই গণি পোৱা নাই, কিন্তু শুনিছোঁ যে হাই ৱে’ত হেনো একেলগে চৈধ্যটা স্পীড-ব্রেকাৰ থাকে৷ কিয়? ৰাস্তাৰ স্পীড-ব্রেকাৰটোৰ সৈতে ধর্মৰ কি সম্পর্ক?’
ল’ৰাজনৰ মুখলৈ চাইছিলোঁ৷ বয়োজ্যেষ্ঠ লোকজনক তেওঁৰ নিজস্ব যুক্তি আৰু দর্শনত পৰাভূত কৰিবলৈ প্রশ্নৰ ৰূপত ডেকা ল’ৰাটোৱে নিক্ষেপ কৰা অপ্রতিৰোধ্য কাঁড়ডালৰ গতিবেগৰ শব্দই কর্ণকুহৰত অদৃশ্য স্পর্শ কৰাৰ লগে লগে যুৱকজনলৈ চোৱাৰ ছেকেণ্ডৰ ব্যৱধানতে দৃষ্টি নিক্ষেপ কৰিছিলোঁ বয়োজ্যেষ্ঠ লোকগৰাকীলৈ৷ কি বা উত্তৰ দিয়ে এইবাৰ হাৰিব নেকি তেওঁ তেওঁৰ যুক্তিযুদ্ধত ৰাস্তাৰ স্পীড-ব্রেকাৰৰ সৈতে ধর্মৰ থাকে জানো সম্পর্ক গতিকে অসম্ভৱ কথাটোনো কেনেকৈ সত্য বুলি প্রতিপন্ন কৰাব জ্যেষ্ঠ লোকজনে মোৰ মনত এনে অলেখ ভাবনাই শিমলু তুলা উৰাদি উৰিছিলহি, তেনেতে ষাঠিৰ দেওনা কাহানিবাতেই গৰকা বুলি অনুমান কৰা মানুহজনে মাত লগালে
‘স্পীড-ব্রেকাৰ একেলগে ১৪টা দিয়ে চৈধ্য পুৰুষক স্মৰণ কৰিবলৈ৷ চৈধ্য পুৰুষক স্মৰণ কৰাৰ পাছত চালকে গাড়ীৰ গতিবেগ নকমাই পাৰেনে’
‘কিছুমানত বোলে সোতৰটাও থাকে, কিয়? তেনেবোৰত কিমান পুৰুষক স্মৰণ কৰিব লাগে?’
লগে লগে যুৱকজনে পুনৰ প্রশ্ন কৰিলে৷ এপলকো পলম নকৰি জ্যেষ্ঠ লোকজনে ক’লে
‘তেনেস্থলত চৈধ্য পুৰুষক স্মৰণ কৰিয়েই তেওঁ ভাবে যে মোৰ সন্তানটো বা সন্তানকেইটা আছে, পত্নী আছে, গতিকেই ময়ো থাকিব লাগিব৷’
ল’ৰাজন মূক৷ মই মিচিকিয়াই হাঁহিলোঁ৷ কাকো একোৱেই নক’লোঁ, কিন্তু বয়োজ্যেষ্ঠ লোকজনৰ প্রত্যুৎপন্নমতিতাত তবধ মানিলোঁ মনতে৷
দুয়োগৰাকী লোকে পতা কথাবোৰৰ বহুখিনিৰে হয়তো প্রমাণিত ভিত্তি নাছিল৷ হয়তো ক’তোৱেই লিখি থোৱা নাই এনেবোৰ কথা কোনেও৷ ধর্মগ্রন্থ বা আধুনিক বিজ্ঞান-প্রযুক্তিবিদ্যাৰ ক্ষেত্র ক’তো হয়তো কোৱা হোৱা নাই যে ৰে’লত আলচ কৰা মানুহ দুগৰাকীৰ উপৰিউক্ত যুক্তিবোৰ সঁচা৷ কিন্তু সেইবোৰ বাৰেভচহু কথা যেনো নালাগিল মোৰ৷ অর্থ আছে নে নাই, সেয়া বিচাৰ নকৰাকৈয়ে কোনো কোনো মুহূর্তত যিদৰে ‘ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি’ক মন নাভাগৰালৈ উৰাই-ঘূৰাই গায়ো ভাল লাগে, সেইদৰেই ভিত্তি নিবিচৰাকৈয়ে কিছুমান প্রসংগৰ সৈতে একাত্ম হৈও মন ভৰে৷ মোৰো তেনে হৈছিল হয়তো সেইবাবেই লোক দুগৰাকীৰ আলাপত মগ্ন হৈ আছিলোঁ৷ তাৰ আঁৰৰ অন্য এটা কাৰণ আছিল বয়োজ্যেষ্ঠ লোকজনে প্রতিটো প্রসংগতে ধর্ম আৰু ভগৱান বিষয়টো সংপৃক্ত কৰোৱা৷ ধর্মান্ধ কিম্বা ভগৱানৰ গোড়া ভক্ত ব্যক্তিগতভাৱে মই ইয়াৰে এটাও নহয়৷ কিন্তু সেইবুলিয়েই কথাটো এনে নহয় যে মই নাস্তিক৷ এশ শতাংশই আস্তিক৷ মন্দিৰে মন্দিৰে চাকি জ্বলাই বা ঠায়ে ঠায়ে ধর্ম বিষয়ক পর্বলৈ গৈ নুফুৰোঁ, কিন্তু মনে-প্রাণে বিশ্বাস, প্রত্যয় আৰু ভক্তি কঢ়িয়াই ফুৰোঁ ধর্ম আৰু ভগৱানৰ প্রকৃতার্থক লৈ অহৰহ৷ বিশ্বাস কৰোঁ যে মনত ভগৱান আৰু ধর্মৰ প্রতি মতি থাকিলে ভুল পন্থালৈ দুভৰি নাগুৱায়৷
যি কি নহওক, যুৱকজনৰ স্পীড-ব্রেকাৰকেন্দ্রিক প্রশ্ন দুটাৰ উত্তৰত যিখিনি কথা কৈছিল, সেইখিনিয়ে মোৰ মন চুইছিল৷ পেলাই দিবলগীয়া কথা যেন লগা নাছিল৷ বিপৰীতে অনুভৱ কৰিছিলোঁ যে জ্যেষ্ঠ লোকগৰাকীয়ে উত্তৰত কোৱা কথাখিনিৰ প্রমাণিত ভিত্তি থাকক বা নাথাকক কিয়, সেইখিনি অন্তঃকৰণেৰে মানিলে যিকোনো লোকেই হয়তো অতি বেগেৰে গাড়ী নচলাব আৰু তেতিয়াই দুর্ঘটনাৰ পৰিমাণ হ্রাস পোৱাৰ সম্ভৱনা থকাৰ উপৰি মৃত্যুমুখত নপৰিব বহু বৰণীয়া জীৱন৷
‘মোৰ জীৱনত কাৰ প্রয়োজন?’
যুৱকজনৰ প্রশ্নৰ উত্তৰত বয়োজ্যেষ্ঠ লোকজনৰ উত্তৰ শুনাৰ পাছত মই নিজেই নিজক প্রশ্ন কৰিছিলোঁ৷ বাৰম্বাৰ৷ স্বগতোক্তিৰ সুৰেৰে৷ তেওঁলোকে তেতিয়াও কথা পাতি আছিল৷ কিন্তু মোৰ কাণ পোৱাহি নাছিল তেওঁলোকৰ আলাপৰ এটাও শব্দ৷ বিপৰীতে মই এষণা কৰিবলৈ লৈছিলোঁ হঠাতে আহি মোৰ মনৰ খিৰিকীত কেবাবাৰো টুকুৰিওৱা সেই প্রশ্নটোৰ উত্তৰ৷ প্রকৃতার্থত মোৰ জীৱনত কাৰ প্রয়োজন? সন্ধান কৰিবলৈ লৈছিলোঁ সেই সত্যৰ৷
মনলৈ উজাইছিল ‘শ্রীমদ্ভাগৱতগীতা’ত উল্লেখ থকা এষাৰ আপ্তবাক্য৷ ধর্মগ্রন্থখনত উল্লেখ থকা এষাৰ আপ্তবাক্যৰ ভাবার্থ এনেধৰণৰ আপুনিও তেওঁৰ বাবে জীয়াই থকাটো অত্যন্তই জৰুৰী যিয়ে আপোনাৰ কাৰণে জী থাকে, আপোনাৰ অবিহনে যাৰ জীৱনটো অর্থশূন্যপ্রায় হৈ পৰে৷
মই বিশ্বাস কৰোঁ যে পিতৃ-মাতৃ, পত্নী আৰু সন্তান সেই প্রাণীকেইবিধ৷ প্রসংগক্রমে থাউকতে চমু বকলা মেলিছোঁ এমুঠি ব্যক্তিগত হৈও নৈর্বযক্তিক বিষয় আৰু এবুকু সদৃশ অনুভূতিৰ৷ প্রয়াত পিতৃৰ কথা সুঁৱৰিলে আজিও অনুভৱ কৰোঁ যে তেওঁৰ ঋণ পৰিশোধ এই জীৱনত কাহানিও কৰিব নোৱাৰিম৷ শৈশৱত নিজে কর্মৰত বিদ্যালয়লৈ চাইকেলৰ আগফালে গাৰু এটা দি নিয়া, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূর্বে গোটেই ৰাতি পঢ়াৰ পৰত মোৰ কাষত বহি উজাগৰী নিশা পাৰ কৰাৰ পৰা দীর্ঘদিন ৰোগাক্রান্ত হৈ মৃত্যুমুখত পৰাৰ আগমুহূর্তলৈকে শাৰীৰিক অসুস্থতাকো কাটি কৰি দেউতাই চাইকেল চলাই এন্ধাৰ নমাৰ পাছত প্রতিদিনে মই টিউচনৰ পৰা ওভতোঁতে আনিবলৈ যোৱালৈকে কত যে কষ্ট মোৰ স’তে হাঁহিমুখে স্বীকাৰ কৰাৰ সদৃশভাৱেই কৰিছিল দুই ভগ্নীৰ কাৰণেও সেই ঋণ না মই কাহানিবা পৰিশোধ কৰিব পাৰিম, না ভনীহঁতে পাৰিব৷ মাৰ ক্ষেত্রতো কথাবোৰ একে৷
জীৱন পৰিক্রমাত আমাৰ বাবে সহোদৰো গুৰুত্বপূর্ণ৷ আজি ভাল বা কাইলৈ কিবা কাৰণত বেয়া পালেও সহোদৰ সহোদৰেই৷ আনহাতে, বহু বন্বুূ আহে আমাৰ জীৱন পৰিক্রমাত৷ তাৰে কিছু বন্বুূ থাকি যায় বেছিভাগেই ক’ৰবাত হেৰাই যায়৷ ব্যক্তিগতভাৱে মোৰ জীৱনত অৱশ্যে প্রকৃত বন্বুূৰ সংখ্যা তেনেই কম৷ দুই-এগৰাকী আছে কিন্তু অধিকাংশৰ খেনোৱে নিজৰ স্বার্থসিদ্ধিৰ পাছত সম্পর্কত পিঠি দিয়াৰ বিপৰীতে আন খেনোৱে আকৌ ক্ষুদ্রস্বার্থ ৰক্ষা নোহোৱাৰ অজুহাতত অ’ত-ত’ত গাই ফুৰে বন্বুূ সম্পর্কেই মনেসজা কাহিনী৷ এনে হয়তো আপোনাৰ বা আপোনাৰ চিনাকি কাৰোবাৰ ক্ষেত্রতো নঘটা নহয়৷ তাৰ বিপৰীতে খুব কমসংখ্যক সৌভাগ্যশালী লোক থাকে, যাৰ জীৱনত বন্বুূ অথবা বন্বুূসম কাৰোবাৰ অৱদান অপৰিসীম যাক হয়তো কাহানিও পাহৰিব পৰা নাযায়৷ তেনে বন্বুূৰ সান্নিধ্য পোৱা লোক হয়তো সংখ্যালঘু কিন্তু তেওঁলোক প্রকৃতার্থতেই সৌভাগ্যৰ অধিকাৰী
প্রশ্ন হয় তেওঁলোকৰ বাবেই আপুনি জীয়াই থাকেনে কিম্বা আপুনি অবিহনে তেওঁলোকৰ জীৱন অর্থহীননে? উত্তৰ হয়তো নথকা নহয় আপোনাৰো নখদর্পণত৷
দোহাৰিছোঁ আমাৰ বাবে মূলতঃ জী থাকে আমাৰ পিতৃ-মাতৃ, সন্তান আৰু পত্নী৷ গতিকেই আমিও তেওঁলোকৰ বাবে জীয়াই থাকিবই লাগিব৷ ভালদৰে৷ ‘শ্রীমদ্ভাগৱতগীতা’ৰ উল্লিখিত আপ্তবাক্যষাৰেৰে এনেধৰণৰ ভাবধাৰাক অন্তৰৰ নিভৃততম কোণত জীপাল কৰি ৰখাৰ পৰতে ৰে’লত ডেকা ল’ৰাটো আৰু বয়োজ্যেষ্ঠ লোকজনৰ মাজত হোৱা কথা-বতৰা শুনি সেই ভাবধাৰা কলিজাত অধিক দলৈকৈ শিপালে৷ স্পীড-ব্রেকাৰত চৈধ্য পুৰুষ আৰু সন্তান-পত্নীৰ লগতে নিজৰ চিন্তা কৰিবলৈ সোঁৱৰাই দিয়া কথাটোৰ প্রমাণিত ভিত্তি থাকক বা নাথাকক কিয় এই কথা ষোল্ল অনাই সত্য বুলি অনুভৱ কৰোঁ যে তেনেদৰে ভাবিবলৈ ল’লে কেৱল চলাই থকা যান্ত্রিক গাড়ীখনৰ গতিবেগ কমাবলৈ বাধ্য হোৱাই নহয়, আমি ধাৰণ কৰা জীৱন নামৰ জীৱন্ত গাড়ীখনো দুর্ঘটনাত পতিত হৈ চূর্ুমৈ নোহোৱাকৈ যে চলাই নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম, সেয়া ধুৰুপ৷
অনুভৱ কৰিলোঁ কেৱল ধর্মগ্রন্থ বা বিখ্যাত পণ্ডিত, দার্শনিক আদিয়ে কৈ থোৱা কথাই নহয়, প্রমাণিত ভিত্তিহীন বুলি পেংলাই কৰিব পৰা কোনো কথাও কোনো মুহূর্তত হ’ব বাবে সুন্দৰকৈ জীৱন যাপন আৰু উদ৲যাপনৰ বাবে পাথেয়৷ অচিন জ্যেষ্ঠ নাগৰিকগৰাকীলৈ শ্রদ্ধা উপজিল৷ কেৰাহিকৈ তেওঁলৈ আকৌ এবাৰ চালোঁ৷ কাষতে থকা জীয়েককো দেখিলোঁ৷ প্রত্যক্ষ কৰিলোঁ যে দীঘল চুলিয়ে মুখমণ্ডল আৱৰি ৰখা ছোৱালীজনীয়ে নিৱিষ্টচিত্তে পঢ়ি আছে কিতাপখন৷ লক্ষ্য কৰিলোঁ কিতাপখনলৈ বেটুপাতত জিলিকি আছে ইংৰাজী কিতাপখনৰ সেই নামটো ‘হু উইল ক্রাই, হোৱেন ইউ ডাই?’৷
‘হু উইল ক্রাই, হোৱেন ইউ ডাই?’ কিতাপখনৰ শিৰোনামটো প্রশ্নবোধক৷ সেই প্রশ্নটো আৰু ‘শ্রীমদ্ভাগৱতগীতা’ৰ উপৰিউক্ত আপ্তবাক্যষাৰৰ অন্তর্নিহিত অর্থ একেই নহয়নে? একেই কথা কোৱা নাইনে স্পীড-ব্রেকাৰকেন্দ্রিক সেই আলাপে? যি প্রশ্নৰ উত্তৰে আমাক জীৱনটো দীঘলীয়া, সুন্দৰ আৰু সুস্থতাৰে জীৱলৈ প্রেৰণা দিয়ে, যি উত্তৰে জীৱন জীয়াৰ মন্ত্র শিকাব পাৰে সদৃশপ্রায় নহয়নে ছোৱালীজনীয়ে পঢ়ি থকা কিতাপখনৰ শিৰোনাম হিচাপে ব্যৱহূত প্রশ্নবোধক বাক্যটোৰ উপৰি স্পীড-ব্রেকাৰ সম্পর্কীয় উল্লিখিত কথাখিনি আৰু ‘শ্রীমদ্ভাগৱতগীতা’ৰ আপ্তবাক্যষাৰে সৃষ্টি কৰিব পৰা সেই প্রশ্নটোও ‘আপোনাৰ জীৱনত কাৰ প্রয়োজন?’
ফ’ন : ৭৬৬৩৯-৫৭৫০০
Comments