তর্ক আৰু বত্তৃুতা সম্পর্কীয় বিষয়ত এখন কলেজত আয়োজিত কর্মশালাত একাংশ ছাত্র-ছাত্রীৰ আগত দু-আষাৰ কৈ থাকোঁতে এজন ছাত্রই আকস্মিকভাৱে এটা প্রশ্ন কৰিলে– ছাৰ, শৰাইঘাটৰ যুদ্ধ কেইখন? কিয় সুধিলা– এয়াতো সাধাৰণ জ্ঞানৰ কথা– মই উত্তৰ দিলোঁ৷ এইবাৰ ছাত্রজনে কিছু ইতস্ততঃ কৰি ক’লে– মানে এই যে শেষ শৰাইঘাট, শেষ শৰাইঘাট কৰি থাকে ছাত্রজনক সবিশেষ বুজাই দিলোঁ৷ মোৰো মনলৈ আহিল– তৰাইনৰ যুদ্ধ দুখন, পানীপথৰ তিনিখন– সেইফালৰ পৰা শৰাইঘাটৰ যুদ্ধ কেইখন বুলি প্রশ্ন উত্থাপন হোৱাত অস্বাভাৱিকতা একো নাই৷ সকলোৱে জনা কথা যে শৰাইঘাটৰ যুদ্ধ এখনেই– ইয়াৰ কোনো দ্বিতীয়, তৃতীয় বা শেষ নাই৷ কিন্তু অসম আন্দোলনৰ পটভূমি আৰু তাৰ পৰৱর্তী কালত মূলসুঁতিৰ অসমীয়াই সৃষ্টি কৰা বাগ৲ধাৰাত ‘আকৌ শৰাইঘাট’, ‘শেষ শৰাইঘাট’ আদি শব্দ চয়ন আৰু ধাৰণা ক্রমাৎ জনপ্রিয় হৈ উঠে৷ লাচিত বৰফুকনৰ নেতৃত্বত জয়লাভ কৰা শৰাইঘাটৰ যুদ্ধক অসমীয়াৰ শৌর্য-বীর্যৰ প্রতীক বুলি ধৰা হয়৷ সেয়েহে যিকোনো ‘জাতীয় স্বার্থত ৰক্ষাৰ বাবে’ হোৱা সংগ্রামক শেষ শৰাইঘাট বোলা হয়৷ শেহতীয়াকৈ এই বাক্যশাৰী ৰাজনৈতিক ন্যস্তস্বার্থত সঘনে ব্যৱহাৰ হ’বলৈ লৈছে৷
প্রচলিত অর্থত ‘মূলসুঁতিৰ অসমীয়া’ৰ ধাৰণাই ব্রহ্মপুত্র উপত্যকাৰ অসমীয়াভাষী গোষ্ঠী-সম্প্রদায়সমূহকে সামৰি লয়৷ একালত ইয়াৰ পৰিসৰ কিছু ব্যাপক আছিল যদিও অসম আন্দোলনৰ পাছৰ পৰা ‘মূলসুঁতিৰ অসমীয়া’ৰ ধাৰণাই নির্দেশ কৰা এলেকা আৰু অধিবাসী হ্রাস পাই আহিছে দ্রুতভাৱে৷ এতিয়া আৰু গৰিষ্ঠসংখ্যক জনজাতি-গোষ্ঠীয়েই নিজকে অসমীয়া বুলি নকয়৷ অসম চুক্তিৰ প্রতিও জনজাতিসকলৰ বিশেষ আগ্রহ নাই৷ কাৰণ প্রতিটো জনজাতি-গোষ্ঠীয়ে কেন্দ্রীয় চৰকাৰৰ লগত নিজ নিজ জনগোষ্ঠীৰ স্বার্থ ৰক্ষাৰ বাবে পৃথকে পৃথকে চুক্তি কৰিছে৷ আনহাতে, ব্রিটিছ ভাৰতৰ অংশ হৈ পৰা অসমলৈ চাহ খেতিৰ স্বার্থত প্রব্রজন ঘটোৱা উত্তৰ মধ্য ভাৰতৰ আদিবাসী চাহ শ্রমিক সম্প্রদায় আৰু অসমৰ গাতে লাগি থকা পূর্ব বংগৰ পৰা ধান-মৰাপাট খেতিৰ বাবে প্রব্রজন ঘটোৱা পমুৱা মুছলমানসকলো মূলসুঁতিৰ অসমীয়াৰ পৰিসৰৰ বহু নিলগত৷ বাকী ভাৰতবর্ষৰ অন্য ৰাজ্যৰ পৰা আহি অসমত বসবাস কৰা হিন্দীভাষী, বাংলাভাষী, নেপালী আদি গোষ্ঠী-সম্প্রদায় মূলসুঁতিৰ অসমীয়াৰ পৰিসৰলৈ নাহে৷ উল্লিখিতসকলক বাদ দিলে মূলসুঁতিৰ অসমীয়াৰ নামত যিসকল থাকিব– সংখ্যাৰ দিশৰ পৰা সেইসকলে নির্বাচনত নির্ণায়ক ভূমিকা ল’ব পৰা অৱস্থাত নাই৷ সেইবাবেই মূলসুঁতিৰ অসমীয়াৰ ৰাজনৈতিক গুৰুত্ব বর্তমান অসমৰ ৰাজনৈতিক বজাৰত লাহে লাহে হ্রাস পাই আহিছে৷ নাগৰিকত্ব (সংশোধনী) আইন প্রয়োগ হোৱাৰ পাছত ৰাজনৈতিক দিশত মূলসুঁতিৰ অসমীয়াসকল অধিক নিশকতীয়া হৈ উপসুঁতিত পৰিণত হ’বগৈ পাৰে বুলি এটা সন্দেহ ইতিমধ্যে বহুজনৰ মনত গা কৰি উঠিছে৷ মূলসুঁতিৰ বাবে আসন্ন হৈ পৰিছে এক বিপর্যয়৷ এনে বিপর্যয়ৰ বাবে অৱশ্যে তথাকথিত ‘মূলসুঁতীয়া’সকল নিজে বহু দূৰ দায়ী৷ ঊনবিংশ শতিকাতে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়াৰ দুৰৱস্থাৰ যিকেইটা হেতু চিনাক্ত কৰিছিল প্রায় ডেৰশ বছৰৰ পাছতো মূলসুঁতিৰ অসমীয়া সেইকেইটাৰ পৰা মুক্ত হ’ব নোৱাৰিলে৷
তথাকথিত মূলসুঁতিৰ অসমীয়াসকলৰ হাততেই আছিল দেশ-জাতিৰ ৰাজনৈতিক-সামাজিক-অর্থনৈতিক নেতৃত্ব৷ কিন্তু একাংশৰ উচচাত্মিকা আৰু বর্ণবাদী মনোভাবৰ বাবেই জাতি গঠন প্রক্রিয়াক যথাযথভাৱে আগুৱাই নিব পৰা নগ’ল৷ মূলসুঁতিৰ অসমীয়া কেৱল মূলসুঁতিৰ অসমীয়া আখ্যায়িত এটা ক্ষুদ্র অংশৰে নেতা হৈ থাকিল৷ তেওঁলোক সমগ্র অসমৰ, ধর্ম-গোষ্ঠী-সম্প্রদায়-ভাষা-ভাষী নির্বিশেষে সকলোৰে নেতা হৈ উঠিব নোৱাৰিলে বা সকলোকে নেতৃত্ব দিব পৰা অর্হতা আৰু বিশ্বাসযোগ্যতাও অর্জন কৰিব নোৱাৰিলে৷ ৰাজ্যিক ভাষা আইন প্রণয়ন কৰি অসমীয়াক ৰাজ্যভাষা ঘোষণা কৰাৰ সময়ত মূলসুঁতিৰসকলে এবাৰো ভাবি নাচালে যে যিসকল পাহাৰীয়া জনজাতি জন্মসূত্রেই অসমীয়াভাষী নহয় সেইসকলৰ বাবে এটা পৃথক ব্যৱস্থাৰ প্রয়োজন৷ পৰৱর্তী কালত সত্তৰৰ দশকৰ শেহৰ ফালে পাহাৰ-ভৈয়ামৰ জনজাতিৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থাসম্বলিত এক ফেডাৰেল আর্হিত ৰাজ্যখন পুনৰ গঠিত কৰাৰ প্রস্তাৱ আহিছিল৷ প্রস্তাৱৰ বিভিন্ন দিশ গুৰুত্বসহকাৰে আলোচনা কৰি সেই মতে ব্যৱস্থা গ্রহণ কৰা হ’লে এতিয়াৰ জনজাতীয় স্বায়ত্তশাসনৰ আন্দোলনসমূহৰ পৰা হয়তো হাত সাৰিব পৰা গ’লহেঁতেন৷ এই দুয়োটা ক্ষেত্রতে দূৰদর্শিতা আৰু উদাৰতা প্রকাশ কৰিব নোৱৰাৰ বাবেই পার্বত্য জনজাতিসকল অসমৰ পৰা আঁতৰি গ’ল৷ যিসকল (কার্বি-ডিমাচা) থাকি গ’ল– সেইসকলেও মূলসুঁতিৰ অসমীয়াৰ পৰা দূৰত্ব ৰাখি চলিলে৷ বড়ো ভাষাৰ লিপি সন্দর্ভত, বড়োসকলে যি আন্দোলন কৰিছিল মূলসুঁতিৰ অসমীয়াই তাত অকাৰণে বিধি-পথালি দিলে৷ সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ ভূমিকা এই ক্ষেত্রত দুর্ভাগ্যজনক আছিল৷ বড়োসকলে কোন লিপিৰ মাধ্যমত নিজৰ ভাষা প্রকাশ কৰিব সেয়া একান্তই জনগোষ্ঠীটোৰ নিজৰ বিষয়, সিদ্ধান্ত লোৱাৰ অধিকাৰ বড়োসকলৰ৷ কিন্তু সেই বিষয়ত অযথা হস্তক্ষেপ কৰি মূলসুঁতিৰ অসমীয়াই বড়ো জনগোষ্ঠীৰ লগত সমন্ধ তিক্ততাপূর্ণ কৰি ল’লে৷ শিক্ষাৰ মাধ্যম অসমীয়া কৰিবলৈ আন্দোলন কৰিলে৷ পাছত শিক্ষানুষ্ঠানত অসমীয়া মাধ্যম প্রয়োগ হোৱাত নিজৰ ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ নিলে৷ এনেদৰে বহু স্ব-বিৰোধী আৰু অপৰিনামদর্শী কাম-কাজেৰে মূলসুঁতিৰ অসমীয়াই নিজৰ অজ্ঞাতেই অসমৰ জাতীয় জীৱনৰ বহু ক্ষতি কৰিলে৷ ১৯৭৯ৰ পৰা আৰম্ভ হোৱা অস্তিত্ব ৰক্ষাৰ আন্দোলন মূলসুঁতিৰ অসমীয়াৰ নেতৃত্বতে হৈছিল৷ এই ছবছৰীয়া আন্দোলনৰ কু-পৰিণতি আমি আজিও ভুগিছোঁ৷ বিদেশী বহিষ্কাৰৰ দাবীত আৰম্ভ হোৱা এই আন্দোলন কোনো স্পষ্ট পৰীক্ষিত তথ্য-পাতি বা অধ্যয়নৰ ভিত্তিত হোৱা নাছিল৷ মূলসুঁতিৰ অসমীয়াৰ কেতবোৰ পূর্ব ধাৰণা (Prejudice), বিশ্বাস আৰু আৱেগৰ আধাৰতেই এই আন্দোলনৰ আৰম্ভণি৷ অনুপ্রৱেশৰ বাস্তৱতা স্বীকাৰ কৰিও ক’ব লাগিব যে ১৯৭৯ চনত অসমত ষাঠি-সত্তৰ লাখ বাংলাদেশী থকাটো সম্ভৱ নাছিল৷ সেই সংখ্যা তৎকালীন অসমৰ মুঠ জনসংখ্যাৰ এটা বৃহৎ অংশ৷ অংক এটাৰ প্রথম শাৰীবোৰ যদি ভুল হয় বা ভুলকৈ পতা হয় তেন্তে তাৰ শুদ্ধ উত্তৰ ওলাব নোৱাৰে৷ বর্তমান নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ পাছত বৃহৎসংখ্যক বাংলাদেশী ‘আৱিষ্কাৰ’ কৰিব নোৱৰাৰ অন্যতম কাৰণ হ’ল বিষয়টো প্রথমেই অতিৰঞ্জিত কৰাটো৷ অসম আন্দোলনে অসমৰ জনগোষ্ঠীসমূহৰ মাজৰ সম্পর্ক অধিক তিক্ততাপূর্ণ কৰি তুলিলে৷ ক্ষুব্ধ জনজাতি-গোষ্ঠীসমূহে স্বায়ত্তশাসনৰ দাবীত মুকলিকৈ ওলাই আহিল৷ মূলসঁুতিৰ অসমীয়াৰ বিপর্যয়-বিড়ম্বনা তীব্রতৰ হ’ল৷ বিপর্যয়-বিড়ম্বনাক তীব্র কৰি তোলা কাৰকবোৰ যে অসম আন্দোলনৰ সমুদ্র মন্থনেই ওপৰলৈ তুলি আনিলে সেই অপ্রিয় সত্য মূলসুঁতিৰ অসমীয়াই এৰাই চলিব খোজে৷
একালৰ প্রতাপী কংগ্রেছ নেতা, মূলসুঁতিৰ শিৰফুটা অসমীয়া দেৱকান্ত বৰুৱাৰ এটা বহু বিতর্কিত মন্তব্য আছে৷ তেওঁ কৈছিল– আলি-কুলি থকালৈকে কংগ্রেছৰ মৰণ নাই৷ সেই কুখ্যাত মন্তব্যৰ অর্থ আছিল ব্রিটিছ ভাৰতত অসমলৈ প্রব্রজিত হোৱা দুই জনগোষ্ঠী ক্রমে চাহ বাগিচাৰ আদিবাসীসকল আৰু চৰ-চাপৰিৰ পমুৱা মুছলমানসকলৰ ভোট কংগ্রেছে নিশ্চিতভাৱে লাভ কৰিব আৰু সেয়ে হ’লে ভোটৰ ৰাজনীতিত কংগ্রেছৰ স্থিতি মজবুত হৈ থাকিব৷ যিহেতু এই দুই জনগোষ্ঠী প্রথমৰ পৰাই চৰকাৰী যন্ত্র আৰু চৰকাৰ চলোৱা দলৰ মর্জিৰ ওপৰত বহু দূৰ নির্ভৰশীল আছিল, নানা বাধ্যবাধকতাৰ মাজত আছিল, সেয়ে দেৱকান্ত বৰুৱাই তেনে ব্যংগাত্মক উক্তি প্রকাশ কৰিব পাৰিছিল৷ কিন্তু বর্তমান এই দুয়োটা জনগোষ্ঠীৰ ওপৰতে চৰকাৰ চলোৱা কোনো দলৰে সম্পূর্ণ নিয়ন্ত্রণ নাই৷ এতিয়া আৰু এই দুই জনগোষ্ঠী কাৰো বহতীয়া হ’ব নোখোজে৷ অভিজ্ঞতাই তেওঁলোকক বহু কথা শিকাইছে৷ অসম আন্দোলনে চৰবাসী পমুৱা মুছলমানসকলক ভীতিগ্রস্ত কৰি তুলিছিল৷ সকলোকে কৰি তোলা হৈছিল ‘সন্দেহযুক্ত বাংলাদেশী৷’ আন্দোলনৰ নেতাসকলে অনুপ্রৱেশকাৰী আৰু পুৰণা বাসিন্দাসকলৰ মাজত পার্থক্য নিৰূপণ সম্পর্কীয় কোনো স্পষ্ট বক্তব্য তুলি নধৰাৰ বাবেই তেনে হৈছিল৷ অসম চুক্তিৰ পাছত ভীতিগ্রস্ত হৈ পৰা হিন্দু আৰু মুছলমান উভয় সংখ্যালঘু সম্প্রদায়ে ‘ইউনাইটেড মাইনৰিটি ফ্রণ্ট’ (UMF) নামৰ ৰাজনৈতিক দল গঠন কৰি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি সোতৰখন আসন লাভ কৰিছিল৷ ‘আলি’সকলে কংগ্রেছৰ প্রতি নিচর্ত আনুগত্য প্রত্যাহাৰ কৰিছিল৷ কংগ্রেছ দলে হেৰোৱা গণভিত্তি পুনৰ উদ্ধাৰৰ বাবে সংখ্যালঘুসকলক এইবুলি বুজাইছিল যে আই এম ডি টি আইনে তেওঁলোকক সুৰক্ষা দিব৷ ফলস্বৰূপে ইউ এম এফ এৰি আকৌ সকলোটি কংগ্রেছৰ কব্জালৈ ঘূৰি আহিছিল৷ কিন্তু উচচতম ন্যায়ালয়ত আই এম ডি টি বাতিল হৈ যোৱাৰ পাছত এইসকল লোক পুনৰ ভীতিগ্রস্ত হৈ পৰে৷ কংগ্রেছৰ আশ্বাস ভুৱা আছিল বুলি তেওঁলোক পতিয়ন গ’ল৷ এইবাৰ তেওঁলোকৰ আস্থাৰ পাত্র হৈ পৰিল সক্রিয় ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰা, আন্তঃৰাষ্ট্রীয় পর্যায়ৰ এজন সফল ব্যৱসায়ী বদৰুদ্দিন আজমল৷ সর্বানন্দ সোণোৱাল ‘জাতীয় নায়ক’ হোৱাৰে পার্শ্বপ্রতিক্রিয়া হ’ল বদৰুদ্দিন আজমল-নেতৃত্বাধীন এ আই এ ইউ ডি এফৰ জন্ম৷ কংগ্রেছৰ সংখ্যালঘু ভোট বেংক বদৰুদ্দিনে তচনচ কৰি পেলালে৷ খঙত একো নাই হৈ তৰুণ গগৈয়ে প্রশ্ন তুলিলে– ‘হু ইজ বদৰুদ্দিন’৷ অৱশ্যে সেই প্রশ্নৰ যথাযথ উত্তৰো পালে৷ পঞ্চাশৰ দশকৰ আৰম্ভণিতেই আজমল উদ্যোগ পঞ্জীকৃত আৰু বম্বে ষ্টক এক্সচেঞ্জৰ দ্বাৰা স্বীকৃত৷ এটা আন্তর্তিক পর্যায়ৰ আধুনিক উদ্যোগ তথা ব্যাৱসায়িক প্রতিষ্ঠানৰ অন্যতম অংশীদাৰ এই বদৰুদ্দিন আজমলৰ সকলো অৱদান তল পৰে এই বাবেই যে তেওঁ শিক্ষাগতভাৱে ডাক্তৰ-ইঞ্জিনিয়াৰ বা প্রফেছাৰ নহৈ হ’ল ‘মৌলানা’৷ পিন্ধনত মুছলমানী হলৌ চোলা, বুকুলৈকে পৰা দীঘল একোচা দাঢ়ি৷ এই মেকআপ মূলসুঁতিৰ অসমীয়াৰ পচন্দ নহয়৷ আজমল অসম চুক্তিৰ সমর্থক, এন আৰ চিৰো সমর্থক তথা নাগৰিকত্ব সংশোধীন আইনৰো বিৰোধী৷ ৰাজ্য সভাৰ নির্বাচনত সক্রিয় ৰাজনীতিৰ বাহিৰৰ এজন বিশিষ্ট লোকক প্রার্থী কৰি উমৈহতীয়া বিৰোধী পক্ষৰ ভোটেৰে সংসদলৈ পঠাবলৈ তেওঁ তিনিবাৰ চেষ্টা কৰিলে৷ প্রথমবাৰ বিজেপিৰ সৈতে লগ লাগি জয়ন্ত বৰুৱাক আৰু পিছৰ দুবাৰ ক্রমে হাইদৰ হুছেইন আৰু অজিত কুমাৰ ভূঞাক৷ ভোট কিনা-বেচা বিধায়কক অপহৰণ কৰি নি লুকুৱাই ৰাখি আন প্রার্থীক ভোটদান কৰিবলৈ বাধ্য কৰাৰ দৰে ৰাজনৈতিক অপ-সংস্কৃতিৰ বাবে প্রথম দুজন পৰাস্ত হৈছিল৷ কিন্তু এইবাৰৰ পৰিস্থিতি কিছু বেলেগ৷ বিজেপি আৰু অগপৰ একাংশ বিধায়ক যিহেতু বিক্ষুব্ধ হৈ আছে সেয়েহে ক্রছ ভোটিং বা ভোটদানৰ পৰা বিৰত থকাৰ আশংকা আছিল৷ সেইবাবেহে সাংবাদিক-ৰাজহুৱাকর্মী অজিত কুমাৰ ভূঞাৰ ৰাজ্য সভালৈ যোৱাৰ পথ মুকলি হৈছে৷ অসমত কংগ্রেছ বিজেপিৰ প্রধান প্রতিপক্ষ৷ অথচ বিজেপিৰ একাংশ নেতা-কর্মী কংগ্রেছৰ ভৱিষ্যতক লৈ অতি উদ্বিগ্ন৷ বদৰুদ্দিনৰ দলৰ লগ ল’লে কংগ্রেছৰ ভৱিষ্যৎ শূন্য, কেইবা পুৰুষলৈকে ৰাজ্য সভাৰ প্রার্থীজন বদনামী হ’ব ইত্যাদি মতামত বিজেপি আৰু এই দলৰ সমর্থকসকলৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে৷ এনে মন্তব্যৰ নেপথ্যৰ কাৰণ বেলেগ৷ বিৰোধী পক্ষ বিভাজিত হৈ থাকিলেহে বিজেপিৰ ২১ৰ নির্বাচনী খেলখন সহজ হ’ব৷ যদিহে অসমত কোনো প্রকাৰে কা বা বিজেপি-বিৰোধী এক ঐক্যমঞ্চ গঢ় লৈ উঠে তেন্তে বিজেপিৰ বাবে এক প্রত্যাহবানৰ সৃষ্টি হ’ব৷ ৰাজ্য সভাৰ নির্বাচনত ঐক্যবদ্ধ বিৰোধীৰ প্রার্থীৰ জয়ে অসমত এটা নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে৷ ইয়াৰ পৰা মূলসুঁতিৰ অসমীয়া লাভৱান হোৱাৰহে আশা৷ কংগ্রেছ-এ আই ইউ ডি এফৰ সমর্থনেৰে অজিত ভূঞা ৰাজ্য সভাৰ নির্বাচনত অৱতীর্ণ হোৱাৰ বহু আগতেই, যোৱা পঞ্চায়ত নির্বাচন আৰু লোক সভাৰ নির্বাচনত মূলসুঁতিৰ অসমীয়াৰ এটা গুৰুত্বপূর্ণ অংশই বিজেপিক ভোট দিছিল৷ অসম আন্দোলন কৰা, প্রফুল্ল কুমাৰ মহন্তৰ ভাল দিনত মহন্তৰ লগত থকা, আলফাৰ ভাল দিনত আলফাৰ লগত, হিতেশ্বৰ শইকীয়াৰ ভাল দিনত হিতেশ্বৰ শইকীয়াৰ কাষত, তৰুণ গগৈৰ ভাল দিনত তৰুণ গগৈৰ কাষত আৰু এতিয়া সর্বানন্দৰ ভাল দিনত সর্বানন্দৰ কাষত থিয় দিয়া মূলসুঁতিৰ অসমীয়াৰ গুৰুত্বপূর্ণ অংশই নিজৰ নীতি আৰু স্থিতি সম্পর্কে সজাগ নহয়৷ আনকি কা-বিৰোধী আন্দোলনত অংশ লোৱাৰ ক্ষেত্রতো বহুতেই দোধোৰ-মোধোৰ অৱস্থাত৷ অসমীয়া জাতি-বিৰোধী চক্রান্তৰ ৰাজনীতিৰ চাকনৈয়াত পৰি জাতীয় নায়কে জাতীয় ঘাতকৰ ভূমিকা ল’ব লগা হৈছে৷ একালৰ জাতীয়তাবাদীৰ ‘ইউ টার্ন’ এতিয়া নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে৷ তেনেস্থলত পৰিস্থিতিৰ অনিবার্যতাৰ বাবে কংগ্রেছ-এ আই ইউ ডি এফৰ সমর্থনত এজন প্রকৃত জাতীয়তাবাদী জাতিৰ শুভ চিন্তক যদিহে ৰাজ্য সভালৈ যাব পাৰিছে তেন্তে তাত আপত্তি কি?
এতিয়া শৰাইঘাটে আমাক নবচাব৷ সংকটৰ মুহূর্তত অসমৰ সৰু-বৰ সকলো গোষ্ঠী-সম্প্রদায়ৰ লগত মূলসুঁতিৰ অসমীয়াই সু-সম্পর্ক গঢ়ি তুলি যদিহে এটা দৃঢ় আৰু ঐক্যবব্ধ শক্তি গঢ়ি তুলিব নোৱাৰে তেন্তে বিপদ অনিবার্য৷ তাৰ বাবে সন্দেহ-বিদ্বেষ পৰিহাৰ কৰিব লাগিব৷ বিগত ২০০৮ৰ ৩০ অক্টোবৰত ধাৰাবাহিক বিস্ফোৰণত বহু নিৰীহই প্রাণ হেৰুৱাইছিল৷ অসমৰ সংবাদ মাধ্যমে সেয়া হুজি আৰু মুছলিম উগ্রপন্থীৰ কাম বুলি জোৰদাৰ প্রচাৰ চলাইছিল৷ পাছত তদন্তত তথ্যসহ বড়ো উগ্রপন্থীৰ কাম বুলিহে প্রমাণিত হ’ল৷ কেৱল সন্দেহৰ আধাৰতে কাকো অভিযুক্ত কৰা নাযায়৷ আমি বুজি উঠিবৰ হ’ল যে সকলো ছাঁতে বাঘ নাথাকে৷
ফ’ন: ৯৪৩৫২-০৪০৫৭
Comments