অহা ৪ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া বি টি চিৰ নির্বাচনক লৈ ইতিমধ্যে প্রচাৰ তুংগত উঠিছে৷ তাৰ সমান্তৰালভাৱে এইবাৰৰ বি টি চিৰ নির্বাচন বেছ আকর্ষণীয় হৈ উঠিছে৷ নির্বাচনটোত মুঠ ৬টা দল অৱতীর্ণ হৈছে৷ উল্লেখনীয় দিশটো হৈছে এইবাৰৰ নির্বাচনত কোনোটো দলেই মিত্রতাৰ পাশত আবদ্ধ হোৱা নাই৷ প্রতিটো দলেই নিজাববীয়াকৈ নির্বাচনত অৱতীর্ণ হৈছে৷ আনকি দিছপুৰত মিত্রতা অব্যাহত থকা সত্ত্বেও বিজেপিয়েও এইবাৰ বি পি এফক সংগ দিয়া নাই৷ সকলোতকৈ উল্লেখনীয় দিশ হৈছে– এইবাৰ বড়ো জনসাধাৰণৰ মাজত উলম্ব বিভাজন ঘটাটো নিশ্চিত হৈছে৷ অৱশ্যে বি টি চিৰ প্রতিটো নির্বাচনতে বড়ো ভোটৰ বিভাজন হৈ আহিছে যদিও উক্ত বিভাজন বৃহৎ নাছিল৷ কিন্তু এইবাৰ বড়ো ভোটৰ বৃহৎ বিভাজন হোৱাটো স্পষ্ট হৈছে৷ বড়ো ৰাইজৰ দৰে মূল সুঁতিলৈ অহা বড়ো উগ্রপন্থী সংগঠনৰো উলম্ব বিভাজন ঘটিছে৷ মূলসুঁতিলৈ আহি চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰা এন ডি এফ বিৰ আটাইকেইটা গোট ঐক্যবদ্ধ হৈ নতুন দল গঠন কৰিব বুলি ভবা হৈছিল যদিও মূৰকত সেয়া নহ’ল৷ নির্বাচনৰ প্রাক৲মুহূর্তত শান্তি চুক্তিত স্বাক্ষৰকাৰী এন ডি এফ বিৰ নেতাসকলে বি পি এফ আৰু ইউ পি পি এলৰ লগত চামিল হৈ নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ হাগ্রামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফৰ বাবে ইউ পি পি এল নতুন কথা নহয়৷ প্রতিটো নির্বাচনতে উর্খাও গৌড়াৰ সৈতে তেতিয়াৰ এবছুৰ প্রমোদ বড়ো চামিল হৈ হাগ্রামাক প্রত্যাহবান জনাই আহিছে৷ কিন্তু কোনোটো নির্বাচনতে হাগ্রামাক প্রত্যাহবান জনাব পৰা নাই৷ এইবাৰ অৱশ্যে ইউ পি পি এলৰ নেতৃত্বলৈ প্রমোদ বড়ো আহিছে৷ লগতে শান্তি চুক্তিৰে এটা নতুন ইছু্য ইউ পি পি এলে পাইছে৷ সেইফালৰ পৰা ইউ পি পি এলৰ স্থিতি এইবাৰ কিছু শক্তিশালী৷ তথাপি বি টি চিত হাগ্রামাৰ শক্তি উলাই কৰিব নোৱাৰি৷ কিছু পৰিমাণে প্রতিষ্ঠান-বিৰোধী ঢৌ থাকিলেও প্রমোদ বড়োৰ তুলনাত হাগ্রামা ৰাজনীতিৰ এজন পাকৈত খেলুৱৈ৷
বি টি চিত এইবাৰ অবড়ো ভোটাৰৰ ভূমিকা লক্ষ্যণীয় হ’ব৷ সংসদীয় নির্বাচনত প্রায় সকলোখিনি অবড়ো ভোট নৱ শৰণীয়াই লাভ কৰি বিজয়ী হৈছিল যদিও এইবাৰ অবড়ো ভোটৰ বিভাজন হ’ব৷ প্রধানতঃ অবড়ো ভোটাৰক লক্ষ্য কৰি নৱ শৰণীয়াৰ দল গণ সুৰক্ষা মঞ্চ এইবাৰৰ নির্বাচনত অৱতীর্ণ হৈছে যদিও এইবাৰ নৱ শৰণীয়াৰ বাবে প্রত্যাহবান বহুত৷ কাৰণ অবড়ো ভোটখিনি বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফৰ মাজত ভাগ হ’ব৷ পূর্বে বি টি চিৰ অন্তর্গত সকলোখিনি ধর্মীয় সংখ্যালঘু ভোট নৱ শৰণীয়াই লাভ কৰি আহিছিল৷ এইবাৰ কিন্তু ধর্মীয় সংখ্যালঘু ভোট কংগ্রেছ আৰু এ আই ইউ ডি এফেও লাভ কৰিব৷ আনহাতে, বি টি চিত এইবাৰ বিজেপিৰ শক্তিও উলাই কৰিব নোৱাৰি৷ ৪০টা সমষ্টিতে প্রার্থী দিয়া বিজেপিয়েও এইবাৰ নির্বাচনত নির্ণায়ক ভূমিকা পালন কৰিব৷ বাংলাভাষী অধু্যষিত অঞ্চলৰ উপৰি গোৰেশ্বৰৰ ফালে বিজেপিয়ে ভাল ফল কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, বিজেপিৰ প্রতিদ্বন্দ্বিতাই গণ সুৰক্ষা পার্টিক যথেষ্ট ক্ষতি কৰিব৷
প্রতিদ্বন্দ্বিতা তীব্র হ’লেও এইবাৰ নির্বাচনত মূল প্রতিদ্বন্দ্বিতা বি পি এফ আৰু ইউ পি পি এলৰ মাজতে আবদ্ধ থকাৰ সম্ভাৱনা প্রচুৰ৷ এই মুহূর্তলৈকে সমগ্র পৰিৱেশ ধঁুৱলী-কঁুৱলী যদিও প্রমোদ বড়োৰ দলে বড়ো ভোটৰ বৃহৎ বিভাজন ঘটাব নোৱাৰিলে পুনৰবাৰ হাগ্রামাই হঁাহি মৰাৰে সম্ভাৱনা অধিক৷
Comments