তৰুণ কংগ্রেছীসকলৰ ভিতৰত যিকেইগৰাকী নেতাই দেশত পুনৰ কংগ্রেছৰ সুদিন কঢ়িয়াই আনিব বুলি আশা কৰা হৈছিল সেইসকলৰ অগ্রণী এজন নেতাই কংগ্রেছৰ সংগ ত্যাগ কৰিলে৷ মধ্য প্রদেশ কংগ্রেছৰ প্রভাৱশালী, জনপ্রিয় নেতা তথা ৰাষ্ট্রীয় পর্যায়ৰো এগৰাকী শক্তিশালী কংগ্রেছ প্রতিনিধি জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত কংগ্রেছৰ নেতৃত্বৰ প্রতি নতুনসকলৰ অনাস্থা অধিক প্রকট হৈ পৰিল৷
মধ্য প্রদেশত পোন্ধৰ বছৰীয়া বিজেপিৰ শাসন ওফৰাই কংগ্রেছে শাসনভাৰ লোৱাৰ পোন্ধৰ মাহৰ ভিতৰতে কংগ্রেছ চৰকাৰখনলৈ সংকট নামি আহিল৷ কিয়নো সিন্ধিয়াৰ লগতে তেওঁৰ অনুগত আন ২২গৰাকী মন্ত্রী-বিধায়কেও পদত্যাগ কৰিছে৷ সিন্ধিয়াক বিজেপিৰ পৰা ৰাজ্য সভাৰ প্রার্থিত্ব দিয়া হৈছে আৰু তেওঁক কেন্দ্রীয় মন্ত্রীসভাতো স্থান দিয়া হ’ব বুলি চর্চা চলিছে৷ কিন্তু কেৱল মন্ত্রিত্ব বা ৰাজ্য সভাৰ আসনৰ আশাতেই যে সিন্ধিয়াই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নাই সেই কথা নিশ্চিত৷ আচল কথাটো হৈছে কংগ্রেছত নেতৃত্বহীন আৰু নিৰাশাজনক অৱস্থা৷ কংগ্রেছে মধ্য প্রদেশত শাসনৰ গাদী দখল কৰাত অন্যতম গুৰুত্বপূর্ণ ভূমিকা লৈছিল জ্যোতিৰাদিত্য সিন্ধিয়াই৷ তেওঁ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী হ’ব বুলি চর্চা চলিছিল৷ কিন্তু কংগ্রেছে পৰম্পৰাৰ গণ্ডীৰ পৰা মুক্ত হ’বলৈ সাহস কৰিব নোৱাৰিলে আৰু এজন প্রবীণৰ হাততে পুনৰ শাসনৰ গাদী চমজাই দিলে৷ কমল নাথক ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ দায়িত্ব দিয়াৰ পাছতে ৰাজ্যখনৰ যুৱ প্রজন্মৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছিল৷ সিন্ধিয়া এগৰাকী প্রভাৱশালী তথা অতি জনপ্রিয় নেতা হোৱা সূত্রে তেওঁৰ শিবিৰত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল৷ কমল নাথৰ সৈতে সিন্ধিয়াৰ সম্পর্ক সহযোগীৰ পৰিৱর্তে হৈ উঠিছিল প্রতিদ্বন্দ্বীৰ৷
ভালেমান সময়ত দুয়োগৰাকী নেতাই মুকলিকৈয়ে নিজৰ মত-বিৰোধ প্রকাশ কৰিছিল৷ এইবোৰ ঘটনাই স্পষ্ট কৰি দিছিল যে মধ্য প্রদেশৰ ৰাজনীতিয়ে শীঘ্রেই এক নতুন মোৰ ল’ব পাৰে৷ কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ উদাসীন ভূমিকা এইখিনিতে স্পষ্ট হৈ পৰে৷ কংগ্রেছ নেতৃত্বই এনে অসন্তুষ্টি নিৰসনৰ বাবে কোনো চেষ্টাই নকৰিলে৷ ফলত অসন্তুষ্টিয়ে বিৰাগৰ ৰূপ ল’লে আৰু এতিয়া এই চৰম পৰিণাম দলে ভোগ কৰিছে৷ একে ঘটনাই সংঘটিত হৈছে ৰাজস্থানতো৷ তাতো নতুন প্রজন্মৰ জনপ্রিয় নেতা শচীন পাইলটক একপ্রকাৰ বঞ্চিত কৰি মুখ্যমন্ত্রীৰ চকী আগবঢ়াই দিয়া হৈছে অশোক গেহলটলৈ৷ শচীন পাইলটক উপ-মুখ্যমন্ত্রীৰ দায়িত্ব দিয়া হৈছে যদিও তাতো দুয়োগৰাকী নেতাৰ মাজত অসন্তুষ্টি, মত-বিৰোধ তীব্র হৈ পৰা দেখা গৈছে৷ মধ্য প্রদেশৰ ঘটনাৰ পাছত ৰাজস্থানতো একেই পৰিণাম হোৱাৰ আশংকাও ব্যক্ত কৰিছে একাংশই৷ কিয়নো বিজেপিয়ে চৰকাৰ ভঙাৰ চেষ্টা সকলো সময়তে কৰিয়েই আছে৷ এই সমগ্র ঘটনাক্রমে কংগ্রেছৰ হাইকমাণ্ডৰ অদূৰদর্শিতা তথা নতুন চিন্তাৰ অভাৱৰ কথা প্রকট কৰি তোলে৷ জনগণৰ মনৰ কথা বুজাত অসমর্থ কংগ্রেছ নেতৃত্বই বাৰে বাৰে সেয়ে একেটা ভুলকে কৰি আছে আৰু একেই পৰিণাম ভুগি থাকিবলগীয়া হৈছে৷ মধ্য প্রদেশ, ৰাজস্থানত নতুন সম্ভাৱনা সৃষ্টি কৰিব পৰা হ’লে হয়তো লোক সভা নির্বাচনতো ইয়াৰ ইতিবাচক প্রভাৱ পৰিলহেঁতেন৷ কিন্তু সেয়া কৰিবলৈ কংগ্রেছ অসমর্থ হ’ল আৰু পুৰণি পদ্ধতিৰেই, পুৰণি যোদ্ধাৰেই ৰণ জিকাৰ চেষ্টা কৰি অৱধাৰিতভাৱে তেওঁলোক ব্যর্থ হ’ল৷ তাৰ পৰিৱর্তে বিজেপিয়ে স্থান, কাল, পাত্রভেদে নতুন নতুন কৌশল নির্ধাৰণেৰে ইখনৰ পাছত সিখন ৰাজ্যত চৰকাৰ গঠন কৰি গৈছে৷ এই কথা ঠিক যে বিজেপিয়ে শাসনভাৰ লাভৰ বাবে যিবোৰ কূট-কৌশলৰ আশ্রয় লৈছে সেয়া গণতন্ত্রৰ বাবে শুভ লক্ষণ নহয়৷ কিন্তু কংগ্রেছে কাৰো কাৰণেই কোনো আশা বা উৎসাহৰ সৃষ্টি কৰিব নোৱৰাটো, কাৰো আস্থা, বিশ্বাস অটুট ৰাখিব নোৱৰাটো তেওঁলোকৰ দুর্বলতাৰ বাহিৰে আন একো নহয়৷
মধ্য প্রদেশৰ কংগ্রেছ চৰকাৰ এতিয়া পতনৰ দুৱাৰডলিত থিয় হৈ আছে৷ বাইছগৰাকীকৈ বিধায়ক হেৰুওৱাৰ পাছত কংগ্রেছ যে চৰকাৰ বচাব পৰা স্থিতিত নাই সেই কথা একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ অৱশ্যে, কমল নাথকে ধৰি ভালেকেইগৰাকী নেতাই চৰকাৰ অটুট থাকিব বুলি দাবী কৰিছে৷ কিন্তু কংগ্রেছৰ হাতত এতিয়া থকা বিধায়কৰ সংখ্যাৰে যে চৰকাৰ বচাব নোৱাৰে সেই কথা নিশ্চিত৷ কংগ্রেছৰ ৯২গৰাকী বিধায়কক ইতিমধ্যে জয়পুৰৰ ৰিজ’র্টলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকক যাতে কোনেও প্রভাৱিত কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ২২গৰাকী পদত্যাগী বিধায়কৰ ১৩গৰাকী কংগ্রেছতে থকাৰ দাবীও কৰা হৈছে৷ কোৱা হৈছে যে কেৱল সিন্ধিয়াহে অকলে ৰৈ যাব, বাকী সকলো বিধায়ক ঘূৰি আহিব আৰু চৰকাৰে নিজৰ কার্যকাল সম্পূর্ণ কৰিবলৈ সক্ষম হ’ব৷ কিন্তু এই দাবী-দাবাই নিশ্চয় চৰকাৰ বচাব নোৱাৰে৷ চৰকাৰ বচাব সংখ্যাইহে৷ ২৩০খন আসনৰ বিধানসভাখনৰ পৰা ২২গৰাকী বিধায়কৰ পদত্যাগ-পত্র যদি স্বীকাৰ কৰা হয় তেন্তে সংখ্যাগৰিষ্ঠতাৰ বাবে ১০৪গৰাকী বিধায়কৰ প্রয়োজন হ’ব৷ বিজেপিৰ হাতত ১০৭গৰাকী বিধায়ক ইতিমধ্যেই আছে৷ আন দলৰ সাতগৰাকী বিধায়কৰ সমর্থনো বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা আছে৷ গতিকে মধ্য প্রদেশত চৰকাৰৰ পৰিচয় সলনি হোৱাটো একপ্রকাৰ নিশ্চিতই বুলিব পাৰি৷ কেৱল চমৎকাৰিত্বইহে হয়তো কংগ্রেছক বচাব পাৰিব৷ কিন্তু এই সকলো সংকট কংগ্রেছ নেতৃত্বই দূৰতে বিদূৰ কৰিব পাৰিলেহেঁতেন যদিহে উপযুক্ত মানুহক উপযুক্ত স্থানত অধিষ্ঠিত কৰাৰ সঠিক সিদ্ধান্ত তেওঁলোকে ল’ব পাৰিলেহেঁতেন৷ যিটো কৰাত বাৰে বাৰে ব্যর্থ হৈছে কংগ্রেছ নেতৃত্ব৷ অসমত হিমন্ত বিশ্ব শর্মাই প্রাপ্য মর্যাদা নোপোৱাৰ অভিযোগ তুলি কংগ্রেছ ত্যাগৰ পাছত অসমৰ ৰাজনৈতিক পট পৰিৱর্তন কিদৰে হৈছে সেয়া আমাৰ চকুৰ সন্মুখতে থকা উদাহৰণ৷ এই ভুলকে বাৰে বাৰে কৰি কংগ্রেছে যে বিজেপিৰ পথ সহজ কৰি তুলিছে সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কর্ণাটকৰ উদাহৰণো বৰ বেছি পুৰণি নহয়৷ এতিয়া ৰাজস্থান, মহাৰাষ্ট্রৰ দৰে ঠাইত কংগ্রেছৰ নেতৃত্বই বিচক্ষণতাৰে চৰকাৰ পৰিচালনা কৰি থাকিব পাৰে নে নাই আৰু মধ্য প্রদেশত তেওঁলোকে কি ৰণকৌশল গ্রহণ কৰে সেই কথাৰ ওপৰত দলটোৰ ভৱিষ্যতৰ ভালেখিনি নির্ভৰ কৰিব৷ অন্যথাই দলৰ উচচাকাংক্ষী, সক্ষমতা থকা নেতাসকলৰ আস্থা দলটোৰ পৰা হেৰাই গৈ থাকিব৷
Comments