গোৱা, মণিপুৰ, কর্ণাটকৰ পাছত এইবাৰ মধ্য প্রদেশতো চৰকাৰ সলনি হোৱাৰ দিশত আগ বাঢ়িছে৷ এতিয়া এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে যিকোনো সময়তে পতন ঘটিব পাৰে মধ্য প্রদেশৰ কমল নাথ চৰকাৰৰ৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিতা সিন্ধিয়াই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ পাছতে মধ্য প্রদেশৰ সকলো ৰাজনৈতিক পৰিবেশ সলনি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ যিকোনো মূহূর্ততে পতন ঘটিব পাৰে মধ্য প্রদেশৰ কংগ্রেছ- নেতৃত্বাধীন চৰকাৰৰ৷ জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগ দিয়াৰ পাছতে কংগ্রেছৰ ২২জন বিধায়কে দল ত্যাগ কৰাৰ পাছতে সংখ্যালঘুত পৰিণত হৈছে কমলনাথ চৰকাৰ৷ মধ্য প্রদেশৰ ৰাজ্যপাল লালজী টণ্ডনে কমল নাথ চৰকাৰক সোমবাৰৰ ভিতৰত বিধানসভাৰ মজিয়াত নিজৰ শক্তি প্রদর্শন কৰিবলৈ নির্দেশ দিছে৷ ৰাজ্যপালগৰাকীয়ে ইতিমধ্যে মধ্য প্রদেশ বিধানসভাৰ অধ্যক্ষ নর্মদা প্রসাদ প্রজাপতিক সোমবাৰে আস্থা ভোটৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ পূর্বে মধ্য প্রদেশৰ মুখ্যমন্ত্রী কমল নাথে যোৱা ১৩ মার্চত ৰাজ্যপালক সাক্ষাৎ কৰি বিধানসভাৰ পৰৱর্তী অধিবেশনত আস্থা ভোটৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহবান জনাইছিল৷ কিন্তু ৰাজ্যপালগৰাকীয়ে এই আহবানক নস্যাৎ কৰি সোমবাৰ অর্থাৎ ১৬ মার্চৰ ভিতৰতে বিধানসভাৰ অধ্যক্ষক যিকোনো পৰিস্থিতিত আস্থা ভোটৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ মধ্য প্রদেশৰ এই ৰাজনৈতিক সংকটৰ মাজতে কংগ্রেছে দলীয় বিধায়কসকলক ভূপালৰ পৰা জয়পুৰ, বেংগালুৰু আদিলৈ স্থানান্তৰ কৰি নিজৰ শক্তি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিছিল যদিও জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগ দিয়াৰ পাছত কংগ্রেছৰ ২২জন বিধায়কে দল ত্যাগ কৰাক লৈ কংগ্রেছ এতিয়া গভীৰ সংকটত পৰিছে৷ ইয়াৰ মাজতে বিধানসভাৰ অধ্যক্ষই যোৱা শনিবাৰে কংগ্রেছৰ ছজন বিধায়কৰ পদত্যাগ গ্রহণ কৰিছে৷ ২৩০ জনীয়া মধ্য প্রদেশ বিধানসভাৰ শক্তি এতিয়া ২২২ লৈ হ্রাস পালে৷ ইয়াৰ ভিতৰত কংগ্রেছে অন্য সহযোগী দলৰ সাতজন বিধায়কৰ সমর্থনসহ কংগ্রেছৰ বর্তমানৰ শক্তি ১০৮ হোৱা বুলি দাবী কৰাৰ বিপৰীতে বিজেপিৰ শক্তি ১০৭ কংগ্রেছে অন্য সহযোগী দলৰ বিধায়কৰ সমর্থন আদায় কৰা বুলি দাবী কৰিলেও কংগ্রেছৰে বহুকেইজন বিধায়কে আস্থা ভোটত বিজেপিক সমর্থন দিব পাৰে অথবা আস্থা ভোটৰ সময়ত অনুপস্থিত থাকিব পাৰে৷ এনেক্ষেত্রত কংগ্রেছে মধ্য প্রদেশত নিজৰ চৰকাৰ ৰক্ষা কৰিবলৈ সক্ষম হ’বনে নহয় ইয়াক লৈ বৃহৎ প্রশ্নৰ অৱতাৰণা হৈছে৷
প্রায় ১৮ বছৰ ধৰি কংগ্রেছত থকা জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্রেছ ত্যাগ কৰি কিয় বিজেপিলৈ যাবলগীয়া হ’ল ইয়াক লৈয়ো বিভিন্ন প্রশ্নৰ অৱতাৰণা হৈছে৷ যোৱা লোক সভা নির্বাচনত পৰাজিত হোৱাৰ পাছৰে পৰাই জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্রেছত প্রায় একাষৰীয়া হৈছিল৷ মধ্য প্রদেশত কংগ্রেছে যি সাফল্য লাভ কৰিছিল ইয়াৰ বহুখিনিৰ কৃতিত্ব আছিল জ্যোতিৰাদিত্য সিন্ধিয়াৰ৷ কিন্তু কমল নাথ, দিগ্বিজয় সিঙৰ দৰে একাংশ নেতাই জ্যোতিৰাদিত্য সিন্ধিয়াক প্রায় একাষৰীয়া কৰাৰ লগতে দলৰ মজিয়াতে গুৰুত্বহীন কৰি তুলিছিল৷ এইক্ষেত্রত কংগ্রেছ হাইকমাণ্ডেও বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল৷ কংগ্রেছৰ ভিতৰচ’ৰাত যে এতিয়াও যুৱশক্তিৰ আদৰ নাই সেয়া পুনৰবাৰ প্রমাণিত হ’ল৷ যাৰ পৰিণতিত মধ্য প্রদেশৰ দৰে এখন গুৰুত্বপূর্ণ ৰাজ্য হেৰুওৱাৰ দিশত অগ্রসৰ হৈছে কংগ্রেছ৷ কেৱল মধ্য প্রদেশেই নহয় কংগ্রেছৰ অভ্যন্তৰীণ কন্দলে ৰাজস্থানতো উকমুকনি দিছে৷
Comments