কভিড-১৯ অথবা নোভেল কৰ’না ভাইৰাছৰ দ্বাৰা হোৱা ৰোগক বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ’)ই বিশ্বজোৰা মহামাৰী হিচাপে ঘোষণা কৰিছে৷ যদিও কৰ’নাৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে এতিয়াও আন্তঃৰাষ্ট্রীয় প্রয়াস তথা সহযোগিতা দেখা নাই৷ ইতিমধ্যে ১৫৩খন দেশলৈ কৰ’না ভাইৰাছ বিয়পিছে যদিও প্রত্যেক দেশে অকলেই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে৷ কৰ’না এক মহামাৰী মাত্র নহয়, ই সমগ্র মানৱ জাতিৰ বাবেই এক ভয়ংকৰ ভাবুকি আৰু প্রত্যাহবান হৈ পৰিছে৷ বিশ্বৰ ধনী-দুখীয়া, বিকশিত-অবিকশিত কোনো দেশেই সাৰি যোৱা নাই৷ চীন দেশৰ উহানত আৰম্ভ হোৱাৰ সময়ত বহুতে ভাবিছিল– ‘এয়া চীন দেশৰহে সমস্যা, আমাৰ ইয়াত সকলো নিৰাপদে আছে৷’ কিন্তু এই ধৰণৰ চিন্তাই কাকো সহায় কৰিব নোৱাৰিলে৷ চীন দেশত ইতিমধ্যে ৩৪০০ লোকৰ মৃত্যু হৈছে৷ কিন্তু যোৱা এটা মাহৰ ভিতৰত ইৰান, ইটালি, আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি প্রায়বিলাক পশ্চিমীয়া দেশত কৰ’না ভাইৰাছ বিয়পি পৰিল৷ আমেৰিকাই ইতিমধ্যে জৰুৰী অৱস্থা ঘোষণা কৰিছে৷ চীনৰ বাহিৰত ইতিমধ্যে ২৬০০জনৰো অধিক লোকৰ কৰ’না ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছে৷ এতিয়া ইউৰোপ হৈ পৰিছে কৰ’না মহামাৰীৰ কেন্দ্রস্থল৷ ইটালিত প্রতিদিনে ২০০জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ প্রকাশ পাইছে৷ স্পেইন, জার্মানি, ফ্রান্স, গ্রীচ আদি ইউৰোপীয় দেশসমূহক এতিয়া কৰ’নাৰ আতংকই গ্রাস কৰিছে৷ ইটালিত ছয় কোটি বাসিন্দাক নিজৰ নিজৰ চহৰত আবদ্ধ হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ ইউৰোপৰ লগতে জাপান, দক্ষিণ কোৰিয়া, ইৰান, ছৌদি আৰব আদি এছিয়াৰ ধনী দেশবিলাকতো কৰ’নাই ভয়ংকৰ ভাবুকি হৈ দেখা দিছে৷ অর্থাৎ, বিশ্বৰ চহকী দেশবিলাকো কৰ’না মহামাৰীত ভয়ানক আৰু ব্যাপক হাৰত আক্রান্ত হৈছে৷ পশ্চিমীয়া দেশবিলাকৰ হাতত ধনৰ অভাৱ নাই৷ কিন্তু কৰ’নাৰ প্রভাৱৰ ফলত এই দেশবিলাকতো আর্থিক সংকট বা মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ আশংকা দেখা পাইছে বিশেষজ্ঞসকলে৷ ভেক৲ছিনৰ আৱিষ্কাৰ নোহোৱাত পশ্চিমীয়া দেশবিলাককো সংকটৰ গৰাহলৈ ঠেলি দিছে যিদৰে ভাৰত-বাংলাদেশৰ দৰে আর্থিকভাৱে দুর্বল দেশবিলাকো সংকটৰ সন্মুখীন হৈছে৷ চহকী বা সমৃদ্ধিশালী ইউৰোপ-আমেৰিকাই হয়তো ভাবিবই পৰা নাছিল এদিন দৰিদ্র দেশবিলাকৰ দৰে এবিধ ভাইৰাছৰ দ্বাৰা সৃষ্ট মহামাৰীৰ মুখত পৰি অসহায় হৈ পৰিব বুলি৷ পশ্চিমীয়া লোকসকলৰ ধাৰণা তৃতীয় বিশ্ব বা পিছপৰা বা উন্নয়নশীল দেশবিলাকতহে প্রতি বছৰে নানান ভাইৰাছত আক্রান্ত হৈ অসংখ্য লোকৰ মৃত্যু হয়৷ এছিয়া-আফ্রিকাৰ অনুন্নত দেশবিলাকতহে ছোৱাইন ফ্লু, বার্ড ফ্লু, এনকেফেলাইটিছ, ডেংগু, মেলেৰিয়া, চিকুণগুণিয়া আদি বিভিন্ন ধৰণৰ সংক্রামক ৰোগৰ উৎপত্তি হয় আৰু এইবিলাক ৰোগত মানুহৰ মৃত্যু হয়৷ এইবোৰ মহামাৰীৰ সৃষ্টিকাৰক ৰোগ চহকী বিকশিত দেশত হ’ব নোৱাৰে৷ এই ৰোগবিলাকৰ উৎপত্তি স্থল হ’ল দৰিদ্র দেশবিলাক য’ত মানুহে স্বাস্থ্যকৰ পৰিৱেশত বসবাস কৰিবলৈ নাপায়, লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশত য’ত মানুহে বাস কৰে৷ ভাৰতত যেতিয়া এই ৰোগবিলাকে প্রতি বছৰে দেখা দিয়ে তেতিয়া ধৰি লোৱা হয় যে পিছপৰা দেশত এনে ৰোগ-ব্যাধি হোৱাটো স্বাভাৱিক৷ কিন্তু পশ্চিমীয়াসকলৰ এই ধৰণৰ ধাৰণাৰ ভুল ভাঙি দিলে চীনৰ কৰ’না ভাইৰাছে৷ চীনৰ কৰ’না ভাইৰাছ আজি ইউৰোপৰ কৰ’না ভাইৰাছত পৰিণত হৈছে বুলি ক’ব পাৰি৷ ইউৰোপত আজি চীনতকৈ অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে৷
প্রশ্ন হয়, ভাইৰাছৰ প্রতিষেধক (ভেক৲ছিন) আৱিষ্কাৰ কৰাত পশ্চিমীয়া দেশবিলাকে প্রাধান্য বা গুৰুত্ব নিদিয়া হৈছে কিয়? সাধাৰণতে পিছপৰা দেশবিলাকে ভুগি অহাৰ বাবেই এনেবিলাক ৰোগ বা মহামাৰীৰ প্রতিষেধক (ভেক৲ছিন) আৱিষ্কাৰ তথা গৱেষণাৰ বাবে পশ্চিমীয়া দেশে ধন খৰচ কৰিবলৈ টান পায় নেকি? ভাইৰাছ সংক্রমণ, মহামাৰী আদি দৰিদ্র, পিছপৰা দেশবিলাকৰ সমস্যাহে বুলি এইবিলাকৰ প্রতিষেধক আৱিষ্কাৰত অৱহেলা কৰা হৈছিল নেকি? ইয়াৰ উত্তৰ কি ধৰণৰ হ’ব, ৰাইজে সেয়া নিশ্চয় বিচাৰ কৰি চাব৷ কিন্তু এনেধৰণৰ অসাৱধানতা, অৱহেলাৰ বাবেই যে আজি দৰিদ্র দেশবিলাকৰ লগতে চহকী, সমৃদ্ধিশালী দেশবিলাকো ভুগিবলগীয়া হৈছে৷ পৰিস্থিতি এনে হৈছে যে ইৰানৰ দৰে চহকী ৰাষ্ট্রয়ো এতিয়া পাঁচ বিলিয়ন (পাঁচশ কোটি) মার্কিন ডলাৰ কৰ’নাৰ সাহায্য হিচাপে আন্তঃৰাষ্ট্রীয় মুদ্রা নিধি (আই এম এফ)ৰ পৰা বিচাৰি আৱেদন জনাইছে৷ সমৃদ্ধিশালী ইৰানে কৰ’নাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ ধনৰ অভাৱৰ সন্মুখীন হৈছে৷ ইৰানৰ এই কৰ’না-সাহায্যৰ আৱেদনে বহু কথাৰেই আগতীয়া ইংগিত দিছে৷ ভাৰতৰ দৰে দেশবিলাকত কৰ’না ভাইৰাছৰ সংক্রমণ ব্যাপক হাৰত বৃদ্ধি পালে দেশখনৰ অর্থনীতিও সংকটাপন্ন হৈ পৰিব পাৰে আৰু তেনেক্ষেত্রত কৰ’নাৰ বিৰুদ্ধে কিদৰে এই দেশে যুঁজ দিব সি চিন্তাৰ বিষয়৷ সৌভাগ্যৰ কথা যে কৰ’না ভাইৰাছৰ সংক্রমণ আজিও ভাৰতত সীমিত হৈ আছে৷ তৎসত্ত্বেও ইতিমধ্যে এশৰো অধিক লোক আক্রান্ত হৈছে৷ চৰকাৰে সকলো প্রকাৰৰ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ অসমতো প্রশাসনে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, চিনেমা হল, ভ্রাম্যমাণ থিয়েটাৰ আদি ২৯ মার্চলৈ বন্ধ ঘোষণা কৰিছে৷ ৰে’ল ষ্টেছন, বিমান বন্দৰ আদিতো সতর্কতাৰে পর্যবেক্ষণ কৰা দেখা গৈছে৷ চৰকাৰে কৰ’না ভাইৰাছৰ আতংকৰ প্রতি লক্ষ্য ৰাখি এনেবিলাক আগতীয়া সতর্কতামূলক ব্যৱস্থা লোৱাটো আদৰণীয় পদক্ষেপ৷ যিহেতু প্রতিষেধক (ভেক৲ছিন) নাই, সেয়ে আগতীয়া সতর্কতা, সজাগতাৰে কৰ’না ভাইৰাছক বাধা দিব পৰা যাব৷ কিন্তু চৰকাৰে বি টি চিৰ নির্বাচন এতিয়াও স্থগিত ৰখা নাই৷ যদিহে জনসমাৱেশে কৰ’না ভাইৰাছ বিয়পোৱাত সহায় কৰে, সেয়ে ইতিমধ্যে ঘোষণা কৰা ব্যৱস্থাৰ লগতে বি টি চিৰ নির্বাচনো সাময়িকভাৱে স্থগিত ৰখাৰ প্রয়োজন৷ নির্বাচনী সভা-সমাৱেশবিলাকত শ শ, হাজাৰ হাজাৰ মানুহ সমৱেত হয়৷ সেয়ে এনে সমাৱেশবিলাক মহামাৰীৰ উৎস হৈ পৰিব পাৰে৷ নির্বাচনকেন্দ্রিক জনসমাগম বিপজ্জনক নহয় বুলি প্রশাসন আৰু চৰকাৰে কেনেকৈ জানিলে?
Comments