সর্বভাৰতীয় পর্যায়ত কংগ্রেছ দলটোৰ অৱস্থা এতিয়া অতিকৈ নিশকতীয়া৷ দুর্বল নেতৃত্ব আৰু দলটোৰ কেতবোৰ নীতিৰ বাবে ভাৰতবর্ষৰ সিংহভাগ জনসাধাৰণ কংগ্রেছ দলটোৰ কাষৰ পৰা আঁতৰি গৈছে৷ কেৱল জনসাধাৰণেই নহয়, দলটোৰ নিষ্ঠাৱান নেতা-কর্মীও এতিয়া দিশহাৰা হৈছে৷ বহুতে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিছে৷ গান্ধী পৰিয়ালৰ নেতৃত্বত পুৰণাচাম কংগ্রেছীৰ বাহিৰে অন্য সকলো অসন্তুষ্ট৷ সর্বভাৰতীয় পর্যায়ত দলটোৰ এনে স্থিতি অথবা অৱস্থাৰ বিপৰীতে অসমতো কংগ্রেছ দলটো অতিকৈ দুর্বল হৈ পৰিছে৷ দুর্বল নেতৃত্বই অসমত দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰাত ব্যর্থ হৈছে আৰু তাৰ লগতে কেতবোৰ নীতিৰ বাবে মূলসুঁতিৰ অসমীয়া ৰাইজৰ পৰা দলটো ক্রমাৎ আঁতৰি গৈছে৷ প্রধানতঃ অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ ক্ষেত্রত দলটোৰ নীতি আৰু স্থিতিক লৈ খিলঞ্জীয়া ৰাইজ চৰমভাৱে বিতুষ্ট৷ ধর্মীয় সংখ্যালঘুৰ ভোটৰ মোহত কংগ্রেছে সদায় বিদেশী সমস্যাটোক আওকাণ কৰি আহিছে৷ তাৰ সমান্তৰালভাৱে শাসনত থকা অৱস্থাত সংঘটিত পর্বতসম দুর্নীতিক লৈও ৰাইজ চৰম অসন্তুষ্ট৷ প্রধানতঃ বিদেশী নাগৰিকৰ সমস্যাটোক লৈ কংগ্রেছে ধৃতৰাষ্ট্রৰ ভূমিকা পালন কৰি অহা বাবেই খিলঞ্জীয়া ৰাইজ কংগ্রেছৰ কাষৰ পৰা আঁতৰি গৈছে৷২০০১ চনৰ পৰা ধাৰাবাহিকভাৱে তিনিটা কার্যকাল কংগ্রেছে ক্ষমতা দখল কৰিব পাৰিছিল একমাত্র ৰাজ্যত শক্তিশালী বিৰোধী নথকাৰ বাবে৷ অর্থাৎ সু-শাসনৰ বাবে অসমৰ ৰাইজে তিনিবাৰকৈ তৰুণ গগৈক ক্ষমতাত বহুওৱা নাছিল৷ কিন্তু যেতিয়া বিজেপিৰ নেতৃত্বত ৰাজ্যত বিৰোধী শক্তিশালী হৈছিল কংগ্রেছ প্রায় নোহোৱা হৈ পৰিছিল৷ বিশেষকৈ, মূলসঁুতিৰ অসমীয়া ৰাইজৰ মাজত কংগ্রেছৰ স্থিতি এতিয়া শূন্য বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ উজনি অসমকে ধৰি খিলঞ্জীয়া বসতি প্রধান অঞ্চলত কংগ্রেছৰ সাংগঠনিক ভেটি এতিয়া তেনেই ঠুনুকা৷ উক্ত অঞ্চলসমূহৰ পৰা প্রতিনিধিত্ব কৰা বিধায়কো নাই৷ চাহ জনগোষ্ঠীৰ প্রতিনিধি নথকা হ’লে উজনিত কংগ্রেছৰ প্রতিনিধিত্ব শূন্য হৈ পৰিলহেঁতেন৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত এতিয়া সমগ্র দেশতে দেশৰ সুৰক্ষাৰ বিষয়টো বহুলভাৱে চর্চিত হৈছে৷ দেশক ভালপোৱা জনসাধাৰণৰ সমর্থন গোটাবলৈ প্রধানমন্ত্রী মোদী সফল হৈছে৷ মোদীৰ বহুল জনপ্রিয়তাৰ আঁৰতো দেশৰ সুৰক্ষা বিষয়টোৱে বিশেষ স্থান লাভ কৰিছে৷ অসমো এই দিশত ব্যতিক্রম নহয়৷ কিন্তু দেশপ্রেমৰ উক্ত ধাৰাৰ বিপৰীতে কংগ্রেছৰ স্থিতি সম্পূর্ণ বিপৰীত৷ প্রধানতঃ বিদেশীৰ ভোটৰ লোভত দলটোৱে সদায় প্রব্রজিত ধর্মীয় সংখ্যালঘুৰ পক্ষ লৈ আহিছে৷
অসমত বিধানসভাৰ নির্বাচনলৈ আৰু মাত্র এটা বছৰ৷ এই সময়ত কংগ্রেছে পুনৰ আত্মঘাতী সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য সভাৰ নির্বাচনত এ আই ইউ ডি এফৰে বুজাবুজি কৰি প্রার্থী থিয় কৰোৱাৰ পাছত উক্ত মিত্রতা ২০২১ চনলৈ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ উক্ত সিদ্ধান্তই যে কংগ্রেছৰ অৱশিষ্ট ভেটিও নিশ্চিহু কৰিব, সেয়া ধুৰুপ৷ উল্লেখযোগ্য যে এ আই ইউ ডি এফক অসমৰ মূলসুঁতিৰ জনতাই কেতিয়াও গ্রহণ নকৰে৷ বদৰুদ্দিন আজমলৰ নাম শুনিলেই খিলঞ্জীয়া লোকে নাক কোঁচায়৷ ইয়াৰ প্রধান কাৰণ হ’ল এ আই ইউ ডি এফ হ’ল প্রব্রজিত আৰু বিদেশী মুছলমানক প্রতিনিধিত্ব কৰা দল৷ দলটোৰ নেতা বদৰুদ্দিন আজমলকে ধৰি বেছিসংখ্যকেই মূলসুঁতিৰ ভাৰতীয় নহয়৷ তেওঁলোকৰ বেছিভাগেই বংগীয়মূলৰ৷ অন্যহাতে দলটোৰ জন্মৰ ইতিহাসো অসম আৰু অসমীয়াৰ স্বার্থৰ পৰিপন্থী৷ প্রধানতঃ আই এম (ডি-টি) আইন বাতিলৰ বিৰোধিতা কৰি দলটোৰ জন্ম হৈছিল৷ যিখন আইনে বিদেশী চিনাক্ত আৰু বহিষ্কৰণত বাধা আৰোপ কৰিছিল, সেইখন আইন বাতিলৰ বিৰোধিতা কৰা প্রসংগই দলটোৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে৷ সেয়ে তেনে এটা বিদেশীৰ সুৰক্ষাকাৰী দলৰে মিত্রতাৰ সিদ্ধান্ত অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও সহজে গ্রহণ নকৰে৷ উল্লেখযোগ্য যে ইতিমধ্যে খিলঞ্জীয়া ৰাইজৰ মাজৰ পৰা দলটো ক্রমান্বয়ে উছন হৈছে৷ কংগ্রেছৰ এতিয়াৰ মুঠ ২৩জন বিধায়কৰ ভিতৰত ১৪জনেই ধমীয় সংখ্যালঘুৰ৷ এই তথ্যই প্রমাণ কৰে যে অসমৰ খিলঞ্জীয়া ৰাইজে ক্রমান্বয়ে কংগ্রেছক নাকচ কৰি আহিছে৷ প্রধানতঃ সংখ্যালঘু ভোটক কেন্দ্র কৰিয়েই কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতাৰ সিদ্ধান্ত লৈছে৷ অর্থাৎ সংখ্যালঘু অধু্যষিত অঞ্চলসমূহতহে এই মিত্রতাৰ প্রভাৱ থাকিব৷ বাকী অঞ্চলসমূহত মিত্রতাৰ নেতিবাচক প্রভাৱহে পৰিব৷ অন্যহাতে উক্ত মিত্রতাৰ ৰাজনৈতিক প্রভাৱো বৰ বেছি নাথাকিব৷ কাৰণ সংখ্যালঘু অধু্যষিত অঞ্চলসমূহত বিজেপিৰ শক্তিশালী সংগঠন নাই৷ বিজেপিৰ লক্ষ্যও উক্ত সমষ্টিসমূহ নহয়৷ তাৰ বিপৰীতে কংগ্রেছ-এ আই ইউ ডি এফৰ মিত্রতাই খিলঞ্জীয়া লোকৰ মাজলৈ দিয়া বার্ই বিজেপিক বহু পৰিমাণে লাভান্বিত কৰিব৷ মূলসুঁতিৰ ৰাইজৰ মাজত বিজেপিৰ স্থিতি শক্তিশালী হ’ব৷ অর্থাৎ কংগ্রেছ-এ আই ইউ ডি এফৰ মিত্রতা হ’লে কলিয়াবৰৰ পৰা সমগ্র উজনি অসম, উত্তৰ অসম আৰু মধ্য অসমৰ বেছিভাগ সমষ্টিত কংগ্রেছ শূন্য হোৱাটো প্রায় নিশ্চিত৷
প্রস্তাৱিত মিত্রতাই নির্বাচনত কংগ্রেছ দলটোক নিঃশেষ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে উক্ত মিত্রতাই কংগ্রেছত গৃহ কন্দলৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্রবল৷ ইতিমধ্যে মৰিয়নিৰ কংগ্রেছী বিধায়ক ৰূপজ্যোতি কুর্মিয়ে উক্ত মিত্রতাৰ বিৰোধিতা কৰাৰ পাছত বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো একে সুৰতে কথা কৈছে৷ অন্যহাতে মূলসুঁতিৰ কংগ্রেছ নেতা-কর্মীসকলৰ মাজতো প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাবী কৰিছে মূলসুঁতিৰ ৪-৫জন বিধায়কে যোগাযোগৰ বাবে বিজেপিৰ সৈতে কথা পাতিছে৷ এই দাবীৰ আধাৰ নথকা নহয়৷ যদিহে ২০২১ৰ নির্বাচনৰ পূর্বে কংগ্রেছত দলত্যাগৰ ধুম উঠে, তেন্তে ২০১৪ৰ পৰিৱেশৰ পুনৰাবৃত্তি হ’ব৷ ফলস্বৰূপে নির্বাচনত কংগ্রেছ দলটোৱে যে এতিয়াৰ ২৩খন আসনো ধৰি ৰাখিবলৈ সক্ষম নহ’ব, সেয়া ধুৰুপ৷
Comments