কৰ’না ভাইৰাছৰ দ্রুত সংক্রমণক লৈ থৰহৰি কম্পমান সমগ্র বিশ্ব৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছবিধক অতিমাৰী ৰোগ হিচাপে ঘোষণা কৰিছে৷ বিশ্বৰ ১৬০ খনতকৈও অধিক দেশত ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’নাৰ সংক্রমণত আক্রান্ত হৈ ইতিমধ্যে ৮ সহস্রাধিক লোকৰ মৃত্যু হৈছে৷ এটা দিনতে ১,০৯৩ জন লোকে এই ভাইৰাছত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷ চীনৰ পাছত ইউৰোপত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাৰ বাবে সম্প্রতি আমেৰিকাত সান্ধ্য আইন জাৰি কৰা হৈছে৷ বিশ্বৰ শক্তিশালী দেশখনৰ চৰকাৰে সমগ্র দেশবাসীকে ঘৰতে আবদ্ধ হৈ থকাৰ নির্দেশ জাৰি কৰিছে৷
আমেৰিকাৰ দৰে দেশৰ ৫০ ৰাজ্যৰ সকলোতে প্রাণঘাতী কৰ’নাৰ সংক্রমণ বিয়পি পৰিছে৷ একেদৰে ফ্রান্স, ইটালিতো জনসাধাৰণক ঘৰতে আবদ্ধ হৈ থকাৰ নির্দেশ দিয়া হৈছে৷ মানৱ সভ্যতাৰ প্রতি তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰা কৰ’নাক লৈ ইতিমধ্যে লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ অধ্যাপকৰ দল এটাই কৰা ভৱিষ্যদ্বাণীয়ে বিশ্ববাসীক অধিক শংকিত কৰি তুলিছে৷ অধ্যাপকৰ দলটোৰ ভৱিষ্যদ্বাণী মতে কৰ’নাত আক্রান্ত হৈ ব্রিটেইন আৰু আমেৰিকাত প্রাণ হেৰুৱাব ২২ লাখ লোকে৷ এনে সময়ত বিশ্বৰ দৰিদ্রৰ পৰা চহকী তথা শক্তিশালী দেশসমূহত কৰ’নাৰ সৈতে মোকামিলা কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত আছে৷ ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতত কৰ’নাৰ সংক্রমণ বর্তমান দ্বিতীয় পর্যায়তে আছে৷ এই পর্যন্ত চাৰিজন লোকৰহে মৃত্যু হৈছে কৰ’না ভাইৰাছত আক্রান্ত হৈ৷
কিন্তু ইটালি, ইৰানৰ দৰে অৱস্থা যাতে ভাৰততো নহয় তাৰ বাবে ইতিমধ্যে যথেষ্ট সতর্কতা অৱলম্বন কৰা দেখা গৈছে৷ কভিড-১৯ৰ বর্ধিত প্রাদুর্ভাবৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে ইতিমধ্যে স্কুল-কলেজ, বিভিন্ন ধর্মীয় অনুষ্ঠানকে ধৰি জনসমাগম বন্ধ কৰাৰ নির্দেশ জাৰি কৰিছে৷ ভাৰতত এই পর্যন্ত ডেৰ শতাধিক লোক কৰ’না ভাইৰাছত আক্রান্ত হৈছে আৰু ভাৰত চৰকাৰে এই সংক্রমণক অধিসূচিত দুযোর্গ হিচাপে আখ্যা দিছে৷ অসমত বর্তমানলৈকে এই মহামাৰীত এজনো লোক আক্রান্তৰ খবৰ অহা নাই যদিও যথেষ্ট সতর্কতা অৱলম্বন কৰা দেখা গৈছে৷ গুৱাহাটী বিমান বন্দৰকে ধৰি ৰে’ল ষ্টেছনত প্রতিমুহূর্ততে চিকিৎসকৰ দলে পৰীক্ষা-নিৰীক্ষা চলাই আছে৷ একেখিনি সময়তে ছ’চিয়েল মিডিয়াযোগেই হওক নাইবা অইন মাধ্যমেৰেই হওক একাংশই অপপ্রচাৰ আৰু বিভ্রান্তকৰ বাতৰিৰে জনসাধাৰণক আতংকিত কৰি তুলিছে, যি অতি ভয়াৱহ৷ কাৰণ এই দুযোর্গৰ সময়ত জনসাধাৰণক যিমান পাৰি সজাগ-সতর্ক কৰি ৰখাৰ চেষ্টাত ব্রতী হোৱাৰহে প্রয়োজন৷
অন্যথা হিতে বিপৰীত হ’ব৷ এটা কথা ঠিক যে চৰকাৰ-প্রশাসনে যিমানেই ব্যৱস্থা গ্রহণ নকৰক কিয় জনসাধাৰণ প্রতি মুহূর্ততে সতর্ক হৈ নাথাকিলে এই ভাইৰাছে আমাৰ নিচিনা এখন অনগ্রসৰ ৰাজ্যত কেনে ৰূপ ধাৰণ কৰিব সেয়া কল্পনা কৰিব নোৱাৰি৷ যি সময়ত আমেৰিকা, ইটালিৰ দৰে চহকী দেশত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তেনে সময়ত অসমৰ দৰে চৰকাৰী চিকিৎসা খণ্ডৰ দুর্বল আন্তঃগাঁথনিৰ ৰাজ্য এখনত এনে ভাইৰাছৰ সংক্রমণ হ’লে কি পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমেয়৷
ইয়াৰ মাজতে শেহতীয়াভাৱে বহিঃৰাজ্যত কর্মৰত অসমৰ হেজাৰ হেজাৰ শ্রমিকক বিনা পৰীক্ষাই ৰাজ্যখনত প্রৱেশ কৰিবলৈ দিয়াৰ খবৰে ৰাজ্যবাসীক উদ্বিগ্ন কৰিছে৷ গুজৰাট, মহাৰাষ্ট্র, কেৰালা, তামিলনাডু আদি ৰাজ্যত কর্মৰত এইসকল লোকক নিজ গৃহলৈ অহাৰ সময়ত শ্রীৰামপুৰ-ছাগলীয়া গে’টত কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ প্রৱেশ কৰিব দিয়াক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই মুহূর্তত প্রতিগৰাকী লোক সচেতন নহ’লে পৰিস্থিতি বেয়ালৈ ঢাল খাব৷ কৰ’নাত আক্রান্ত হৈ যুঁজ দিয়াৰ পৰিৱর্তে কৰ’নাৰ সংক্রমণ নোহোৱাকৈ আমি কিদৰে প্রত্যেকে বাচি থাকিব পাৰোঁ তাৰ বাবে সজাগ হৈ থাকিব লাগিব৷ আতংকিত নহৈ সতর্ক হৈ কৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে সাজু থাকিলে নিঃসন্দেহে কৰ’না পৰাজিত হ’ব আৰু আমি জয়ী হ’ম৷ কিন্তু যদিহে কৰ’নাক সহজভাৱে লৈ সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ’লে অনাগত সময় কৰ’নাৰ হ’ব৷ সেয়ে সাজু থাকক কৰ’না প্রতিহত কৰাৰ বাবে সজাগ সতর্ক হৈ, আতংকিত নহৈ৷
Comments