অৱশেষত নির্ভয়াৰ চাৰি বলাৎকাৰীক ফাঁচি দিয়া হ’ল৷ ২০ মার্চৰ পুৱা ৫.৩০ বজাত চাৰি বলাৎকাৰী মুকেশ সিং, পৱন গুপ্তা, বিনয় শর্ আৰু অক্ষয় ঠাকুৰক ফাঁচি দিয়া হ’ল৷ বিগত সাত বছৰে চলা জটিল আইনী মেৰপেঁচৰ অন্তত ন্যায় লাভ কৰিলে নির্ভয়া আৰু নির্ভয়াৰ পৰিয়ালে৷ এইক্ষেত্রত কোৱা হৈছে ‘জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড’৷ ২০১৩ চনৰ ছেপ্টেম্বৰ মাহতে চাৰি দোষীক ফাঁচি দিয়াৰ ৰায় দিছিল ফাষ্ট ট্রেক ক’র্টে৷ কিন্তু নির্ভয়াৰ চাৰি বলাৎকাৰীক ফাঁচি দিবলৈ সময় লাগিল প্রায় সাতটাকৈ বছৰ৷ কিন্তু এইখিনিতে প্রশ্ন উঠিছে ফাষ্ট ট্রেক ক’র্টে দোষী সাব্যস্ত কৰি ফাঁচি দিয়াৰ ৰায় দিয়াৰ পাছতো কিয় বিগত সাতটা বছৰে সেই শাস্তি প্রদানৰ পৰা বিৰত থকা হ’ল৷ যোৱা সাতটা বছৰে নিম্ন আদালতৰ পৰা আৰম্ভ কৰি উচচ ন্যায়ালয়, উচচতম ন্যায়ালয়ত দোষীৰ হৈ অধিবত্তুাই ওকালতি কৰি চাৰি দোষীক ফাঁচি দিয়াৰ পৰা ৰেহাই দিয়াৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাইছিল৷ উচচ ন্যায়ালয়, উচচতম ন্যায়ালয়ত বাৰম্বাৰ মুখথেকেচা খোৱাৰ পাছতো দোষীক ৰক্ষা কৰাৰ বাবে ৰাষ্ট্রপতিৰ কাষ চাপিছিল দোষীৰ পৰিয়ালে৷ কিন্তু ৰাষ্ট্রপতিয়েও সেই আৱেদন নাকচ কৰাৰ পাছত চাৰি দোষীক ফাঁচি দিয়াটো একপ্রকাৰ নিশ্চিত হৈছিল৷ কিন্তু ইয়াৰ পাছতো বিভিন্ন অজুহাত দেখুৱাই অধিবত্তুাই চাৰি দোষীক ৰক্ষা কৰাৰ চেষ্টা চলাই পুনৰ একাধিকবাৰ উচচ ন্যায়ালয়, উচচতম ন্যায়ালয়ত পিটিশ্যন, ৰিভিউ পিটিশ্যনদাখিল কৰিছিল৷ অৱশেষত ভাৰতীয় ন্যায় ব্যৱস্হাৰে জয় হ’ল৷ সমগ্র ঘটনাৱলীক লৈ দোষীৰ হৈ ওকালতি কৰা অধিবত্তুাৰ কার্যব্যৱস্হাক লৈয়ো বিভিন্নজনে প্রশ্ন তুলিছে৷ বলাৎকাৰৰ দৰে অতি জঘন্য কাণ্ড সংঘটিত কৰাৰ পাছতো যদি কোনো দোষীক নির্দষী কৰাৰ বাবে এনে অধিবত্তুাই যদি এনেদৰে উঠি-পৰি লাগি সর্বচচ উজাৰি দিয়াৰ চেষ্টা কৰে তেনেহ’লে এনে আইনজীৱীৰ ওপৰত প্রশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক৷
২০২১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীৰ ৰাজপথত সেইদিনা নিশা সংঘটিত হোৱা সেই জঘন্য ঘটনাটোৰ ন্যায়ক লৈ সমগ্র দেশবাসী অধীৰ আগ্রহেৰে বাট চাইছিল৷ অৱশেষত নির্ভয়া, নির্ভয়াৰ পৰিয়ালৰ লগতে দেশবাসীয়ে ন্যায় পালে৷ নির্ভয়া-কাণ্ডৰ দুদিন পাছতে অর্ৎ ১৮ ডিচেম্বৰত চাৰি অভিযুত্তু বাছচালক ৰাম সিং, ৰাম সিঙৰ ভাতৃ মুকেশ সিং, বিনয় শর্, পৱন গুপ্তা গ্রেপ্তাৰ হৈছিল৷ পাঁচদিনৰ পাছত দিল্লীৰ আনন্দ বিহাৰ বাছ টার্মিনাছৰ পৰা গ্রেপ্তাৰ হৈছিল আন এজন নাবালক অভিযুত্তু৷ ২২ ডিচেম্বৰৰ দিনা বিহাৰৰ ঔৰংগাবাদৰ পৰা গ্রেপ্তাৰ কৰা হয় আন এজন অভিযুত্তু অক্ষয় ঠাকুৰক৷ ২৯ ডিচেম্বৰৰ দিনা ছিংগাপুৰৰ চিকিৎসালয়ত জীৱন যুদ্ধত হাৰ মানিছিল নির্ভয়াই৷ কিন্তু জীৱিত কালত ন্যায় নাপালে নির্ভয়াই৷ ২০১৩ চনত কেন্দ্রীয় চৰকাৰে নাৰীৰ সুৰক্ষাৰ বাবে ১০০০ কোটি টকাৰ নির্ভয়া ফাণ্ড গ্রহণ কৰিছিল৷ সমান্তৰালকৈ সংসদত অনুমোদিত হৈছিল ক্রিমিনেল ল’ অর্ডিনেন্স৷ আমেৰিকাৰ বিদেশ মন্ত্র্যালয়ে সাহসিকতাৰ বাবে নির্ভয়াক মৰণোত্তৰভাৱে প্রদান কৰিছিল ইণ্টাৰনেশ্যনেল উইমেন অব৲ কাৰেজ এৱার্ড৷ ২০১৩ চনৰ ২ জানুৱাৰীত উচচতম ন্যায়ালয়ে বলাৎকাৰ সম্পর্কীয় প্রথমটো গোচৰৰ ফাষ্ট ট্রেক ক’র্টৰ ব্যৱস্হা কৰাৰ নির্দেশ দিছিল৷ ৩ জানুৱাৰীত আৰক্ষীয়ে চার্জশ্বিট দাখিল কৰাৰ পাছত ১৭ জানুৱাৰীৰ পৰা ফাষ্ট ট্রেক ক’র্টত বিচাৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ ইয়াৰ মাজতে ২০১৩ চনৰ ১১ মার্চত তিহাৰ জে’লত অন্যতম অভিযুত্তু ৰাম সিঙে আত্মহত্যা কৰিছিল৷ ২০১৩ চনৰ ১৩ ছেপ্টেম্বৰত ফাষ্ট ট্রেক ক’র্টে চাৰি অভিযুত্তুক মৃতু্যদণ্ডৰ ৰায় দিয়ে৷ পৰৱর্তী সাত বছৰত আদালতৰ সেই ৰায় কার্যকৰী হোৱাত বিলম্ব হ’ল৷ কিন্তু অৱশেষত দোষীয়ে শাস্তি পালে৷ দেশত প্রতিদিনে গড় হিচাপত ৯০ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়৷ কিন্তু বলাৎকাৰৰ এই ঘটনাত জড়িত থকা অতি নগন্যসংখ্যকহে শাস্তি লাভ কৰে৷ আইনী মেৰপেঁচৰ বাবেই বলাৎকাৰৰ দৰে অতি জঘন্য কাণ্ড সংঘটিত কৰাৰ পাছতো বহু অভিযুত্তুই আজিও মুকলি আকাশৰ তলত ঘূৰা-পকা কৰি আছে৷ দেশত নাৰীৰ সুৰক্ষাৰ বাবে কঠোৰতম আইন থকাৰ পাছতো বহু সময়ত আৰক্ষীৰ দুর্বলতা, আইনী মেৰপেঁচৰ মাজত পৰি বহু নির্তিতাই ন্যায় লাভ কৰাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷
Comments